Blog

বিহাৰত গংগা নদীত নাও ডুবি ১৩ জন নাবালকৰ মৃত্যু

বিহাৰত গংগা নদীত নাও ডুবি ১৩ জন নাবালকৰ মৃত্যু

বিহাৰৰ বৈশালী জিলাৰ ৰাঘোপুৰৰ সমীপত মঙলবাৰৰ মাজনিশা এখন নাও ডুবি ১৩টি নাবালকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক নিৰুদ্দেশ হৈ আছে ৷ বৈশালী জিলা দণ্ডাধীশ বৰ্ষ সিঙে এই কথা নিশ্চিত কৰিছে । নাৱেৰে ওচৰৰ গাঁৱৰ এঘৰত ভোজ খাবলৈ যোৱাৰ সময়তে নাওখন নদীত ডুব যায় ৷ আন কেইবাজনকো উদ্ধাৰ কৰা হৈছে ।প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়ৰ বাবে ২ লাখ টকাৰ আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে ।
Read More
পুৱতি নিশা আৰক্ষীয়ে সৌৰভ, আশুতোষ আৰু অজিংক্য গ্ৰেপ্তাৰ

পুৱতি নিশা আৰক্ষীয়ে সৌৰভ, আশুতোষ আৰু অজিংক্য গ্ৰেপ্তাৰ

যন্তৰ মন্তৰত অনাধিকাৰ প্ৰৱেশৰ গোচৰত বুধবাৰে পুৱতি নিশা আৰক্ষীয়ে সৌৰভ, আশুতোষ আৰু অজিংক্য গ্ৰেপ্তাৰ কৰাৰ কথা জানিবলৈ দিয়ে ৷অনুমতি অবিহনে যন্তৰ মন্তৰত প্ৰৱেশ কৰাৰ বাবে দণ্ডাধীশে ৰাংকা আৰু দাসক পাঁচ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।ইফালে অজিংক্য সিন্দেক ব্যক্তিগত বণ্ডত মুকলি কৰি দিয়া হৈছে ।
Read More
ৰঙিয়াত উচ্ছেদ অভিযান

ৰঙিয়াত উচ্ছেদ অভিযান

ৰঙিয়াৰ সোঁমাজেৰে পাৰ হৈ যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাইৱে চ'কৰ উৰণীয়া সেতুৰ সমীপত প্ৰশাসনৰ তৰফৰ পৰা এক বৃহৎ উচ্ছেদ অভিযান চলোৱা হয়। ৰাষ্ট্ৰীয় ঘাইপথৰ চৰকাৰী ভূমি বেদখল কৰি একাংশ লোকে অবৈধভাৱে পকী তথা কেঁচা ঘৰ নিৰ্মাণ কৰাৰ লগতে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তুলিছিল।পুৱাৰ ভাগৰ পৰা সমজিলা প্ৰশাসনে কাৰ্যবাহী দণ্ডাধীশ আৰু বৃহৎ সংখ্যক আৰক্ষী তথা অৰ্ধসাময়িক বাহিনীৰ উপস্থিতিত এই উচ্ছেদ অভিযান আৰম্ভ কৰে। জেচিবি আৰু বুলড’জাৰ লগ লগাই পথৰ কাষৰ সকলো অবৈধ নিৰ্মাণ আৰু টিনশেমৰ দোকান ভাঙি গুচি ভূমিখণ্ড বেদখল মুক্ত কৰা হয়। প্ৰশাসনৰ এই আকস্মিক তথা কঠোৰ পদক্ষেপে সমগ্ৰ ৰঙিয়া চহৰতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Read More
চোকা অস্ত্ৰৰে মমতা বেনাৰ্জীক আক্ৰমণৰ চেষ্টাৰ অভিযোগ

চোকা অস্ত্ৰৰে মমতা বেনাৰ্জীক আক্ৰমণৰ চেষ্টাৰ অভিযোগ

মঙলবাৰে নিশা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্রী মমতা বেনাৰ্জীক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে । তৃণমূলৰ কংগ্ৰেছৰ সাংসদ দোলা সেনে অভিযোগ কৰা অনুসৰি, এগৰাকী মহিলাই হাতত চোকা অস্ত্ৰ লৈ মমতা বেনাৰ্জীক আক্ৰমণ কৰাৰ চেষ্টা কৰে ৷সাংসদ সেনে দাবী কৰা অনুসৰি, সন্দেহযুক্ত মহিলাগৰাকীয়ে নিজকে 'চিভিক ভলেণ্টিয়াৰ' বুলি পৰিচয় দিছিল । আনকি নিজকে মমতা বেনাৰ্জীৰ ভতিজী বুলিও দাবী কৰিছিল । এই ঘটনাক লৈ কালীঘাট থানাত এজাহাৰ দাখিল কৰিছে সাংসদগৰাকীয়ে ৷
Read More
বানপীড়িতৰ ক্ষতিপূৰণক লৈ অখিল গগৈৰ সৈতে চৰকাৰৰ আলোচনা আৰম্ভঃ মন্ত্ৰী কেশৱ মহন্ত আৰু মুখ‍্যমন্ত্ৰীৰ সৈতে আলোচনা

বানপীড়িতৰ ক্ষতিপূৰণক লৈ অখিল গগৈৰ সৈতে চৰকাৰৰ আলোচনা আৰম্ভঃ মন্ত্ৰী কেশৱ মহন্ত আৰু মুখ‍্যমন্ত্ৰীৰ সৈতে আলোচনা

১৩ অক্টোবৰৰ দিছপুৰত হ’বলগীয়া জংগী প্ৰতিবাদ স্থগিত ৰাখিলে ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৫৭ হাজাৰ পৰিয়ালৰ তালিকা ৰাজহুৱা কৰাৰ দাবী মানি লোৱা নাই মুখ‍্যমন্ত্ৰীয়ে, আলোচনা অচল, পুনৰ ৰাইজৰ দলে জংগী ৰূপ লোৱাৰ সম্ভাৱনা উজনি অসমৰ বানপীড়িত ৰাইজৰ ক্ষতিপূৰণৰ দাবীত যোৱা ২ অক্টোবৰৰ পৰা বিধানসভা চৌহদত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে অবিৰত সত্যাগ্ৰহ অব্যাহত ৰখাৰ মাজতে ৰাজ্য চৰকাৰে তেওঁৰ সৈতে আলোচনা আৰম্ভ কৰিছে। বানত সৰ্বস্বান্ত হোৱা পৰিয়ালসমূহক ১০ লাখ টকাৰ সাহায্য প্ৰদান, প্ৰতিটো বানপীড়িত পৰিয়ালক ১৫ হাজাৰ টকাৰ এককালীন সাহায্য আৰু অতিৰিক্তভাৱে শিৱসাগৰ আৰু চৰাইদেউৰ ক্ষতিগ্ৰস্তসকলৰ বাবে ১০ হাজাৰ টকাৰ সাহায্য প্ৰদান আৰু প্ৰলয়ৰ কাৰণ উদ্ঘাটনৰ…
Read More
আৰবিএছকে ২.০ৰ শুভাৰম্ভ কৰে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে

আৰবিএছকে ২.০ৰ শুভাৰম্ভ কৰে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে

শিশুৰ সুস্বাস্থ্য, সৰ্বাংগীণ বিকাশ আৰু উজ্জ্বল ভৱিষ্যৎ নিশ্চিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচী (RBSK) ২.০ৰ জৰিয়তে শিশু স্বাস্থ্যসেৱা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। মঙলবাৰে গুৱাহাটীৰ প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এই কাৰ্যসূচীৰ নিৰ্দেশনাৱলী উন্মোচন কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে শিশুৰ স্বাস্থ্যজনিত সমস্যাৰ আগতীয়া চিনাক্তকৰণ আৰু সময়মতে চিকিৎসা প্ৰদানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। আৰবিএছকে ২.০ৰ অধীনত জন্মগত বিসংগতি, অপুষ্টি, বিভিন্ন ৰোগ আৰু বিকাশজনিত পলমৰ আগতীয়া চিনাক্তকৰণৰ লগতে শিশুৰ মানসিক স্বাস্থ্য, ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু অন্যান্য উদীয়মান স্বাস্থ্যজনিত সমস্যাসমূহৰ প্ৰতিও গুৰুত্ব দিয়া হ’ব। এনে সমস্যাসমূহ প্ৰাৰম্ভিক অৱস্থাতে চিনাক্ত কৰিব পাৰিলে উপযুক্ত চিকিৎসা প্ৰদান…
Read More
অসমত জলফাই খেতিৰ পাইলট প্ৰকল্প আৰম্ভ, ৰাজস্থানৰ পৰা অনা হ’ল ১৬,০০০ পুলি

অসমত জলফাই খেতিৰ পাইলট প্ৰকল্প আৰম্ভ, ৰাজস্থানৰ পৰা অনা হ’ল ১৬,০০০ পুলি

পশ্চিম কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰী তথা কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জিলাখনত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীসমূহৰ জৰিয়তে জলসিঞ্চন ব্যৱস্থাৰ উন্নয়ন, কৃষিৰ বৈচিত্ৰ্যকৰণ, উন্নয়নমূলক কাম-কাজৰ ত্বৰান্বিতকৰণ আৰু জনসাধাৰণৰ বাবে আন্তঃগাঁথনিগত সা-সুবিধা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ভ্ৰমণৰ অংশ হিচাপে মন্ত্ৰীগৰাকীয়ে প্ৰথমে পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ক'লংগা প্ৰবাহিত জলসিঞ্চন আঁচনি (Flow Irrigation Scheme) পৰিদৰ্শন কৰে। বৰ্তমান এই আঁচনিখনে প্ৰায় ১০০ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰি আহিছে। আঁচনিখনৰ জৰিয়তে প্ৰায় ১,৮০০ হেক্টৰ কৃষিভূমি সামৰি লোৱাৰ সম্ভাৱনা আছে। এই সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীগৰাকীয়ে অধিক কৃষকক জলসিঞ্চনৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে এখন বৃহত্তৰ…
Read More
সোণৰ মহঙা দিনত গ্ৰাহকে প্ৰতি গ্ৰামত ৩০১ টকালৈকে ৰেহাই

সোণৰ মহঙা দিনত গ্ৰাহকে প্ৰতি গ্ৰামত ৩০১ টকালৈকে ৰেহাই

পবিত্ৰ ধনতেৰাছ আৰু দীপাৱলীলৈ মাজত মাথো কেইদিনমান বাকী । এই সময়ছোৱাত গ্ৰাহকে সোণ , ৰূপ ক্ৰয়ত গুৰুত্ব আৰোপ কৰে। এই সময়ছোৱাত আপুনি প্ৰতি গ্ৰামত ৩০১ টকালৈকে ৰেহাই আৰু নিৰ্মাণ মাচুলত ২০ শতাংশ পৰ্যন্ত ৰেহাই লাভ কৰিব। এই ৰেহাই লাভ কৰিব টনিষ্কশ্ব' ৰূমত। কিয়নো উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকসকলৰ বাবে টাটা গোষ্ঠীৰ আগশাৰীৰ অলংকাৰ ব্ৰেণ্ড টনিষ্কে এক বিশেষ উৎসৱকালীন অফাৰ ঘোষণা কৰিছে । ১০ অক্টোবৰৰ পৰা ৮ নৱেম্বৰ পৰ্যন্ত চলিবলগীয়া এই অফাৰৰ অধীনত গ্ৰাহকসকলে সোণৰ অলংকাৰ ক্ৰয়ৰ ক্ষেত্ৰত প্ৰতি গ্ৰামত ৩০১ টকালৈকে ৰেহাই আৰু নিৰ্মাণ মাচুলত ২০ শতাংশ পৰ্যন্ত ৰেহাই লাভ কৰিব । ইয়াৰ উপৰি, ১৮ কেৰেটতকৈ অধিক বিশুদ্ধতাৰ পুৰণি সোণৰ অলংকাৰ বিনিময় কৰিলে…
Read More
ছাত্ৰীবাৰী দেৱপূজাস্থান সমিতি আৰু কুমাৰপাৰা নয়নতৰা ক্লাবক প্ৰতাৰণা

ছাত্ৰীবাৰী দেৱপূজাস্থান সমিতি আৰু কুমাৰপাৰা নয়নতৰা ক্লাবক প্ৰতাৰণা

পূজা কমিটিৰ ধন লৈ উধাও কলকাতাৰ শিল্পী । ষষ্ঠীলৈ মাজত মাথো তিনি দিন ।  বিমোৰত গুৱাহাটীৰ দুখনকৈ পূজা কমিটি।  মহানগৰীৰৰ  ছাত্ৰীবাৰী দেৱপূজাস্হানসমিতি আৰু কুমাৰপাৰাৰ  নয়নতৰা ক্লাৱৰ ধন লৈ পলায়ন কলকাতাৰ সুদীপ্ত পালৰ ।  অসমীয়া ঐতিহ্যৰ আৰু অসমৰ জনগোষ্ঠী সমূহক লৈ আটাইকেইটা জনগোষ্ঠীক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যেৰে এইবাৰৰ পূজাৰ মণ্ডপ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ছাত্ৰীবাৰী দেৱপূজাস্হানসমিতিয়ে ।   এই মণ্ডপ নিৰ্মাণৰ বাবে পালৰ লগত ৮ লাখ টকাৰ এগ্ৰিমেণ্ট কৰা হৈছিল ।তেও সকলো কাম  সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । কিন্তু  মাত্ৰ ৪০%   পেণ্ডেলৰ কাম কৰি ৫লাখ ৩৫ হাজাৰ টকা লৈ পলাই যায় । ঘটনা সন্দৰ্ভতভৰলু থানাত এজাহৰ দাখিল কৰিছে পূজা কমিটিয়ে ৷
Read More
চি জে পিৰ নেতা আশুতোষ ৰাংকা-সৌৰভ দাসক পুনৰ আটক

চি জে পিৰ নেতা আশুতোষ ৰাংকা-সৌৰভ দাসক পুনৰ আটক

​দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱাৰ সময়তে চি জে পি(CJP)ৰ মুখ্য মুখপাত্ৰ সৌৰভ দাস আৰু ৰাষ্ট্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাক দিল্লী আৰক্ষীয়ে আটক কৰিছে। শেহতীয়াভাৱে যন্তৰ-মন্তৰক প্ৰতিবাদীস্থল হিচাপে থকা স্বীকৃতি বাতিল কৰাৰ পিছতো তেওঁলোকৰ এই প্ৰতিবাদ চৰ্চালৈ আহিছে। ভিডিঅ’ত দেখা গৈছে যে চি.জে.পি. নেতা ৰাংকা আৰু দাসে কেইজনমান সমৰ্থকৰ সৈতে ৰাষ্ট্ৰীয় পতাকা হাতত লৈ যন্তৰ-মন্তৰৰ বন্ধ গেট জপিয়াই ভিতৰত প্ৰৱেশ কৰিছিল। তাত তেওঁলোকে "ভাৰত মাতা কী জয়" আৰু "ইনকিলাৱ জিন্দাবাদ" ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে। পিচত উপস্থিত আৰক্ষীয়ে তেওঁলোকক খেদি গৈ আটক কৰে। চাৰি দিনৰ ভিতৰত এয়া হৈছে তেওঁলোকৰ দ্বিতীয়বাৰৰ বাবে আটকাধীন হোৱাৰ ঘটনা। ইয়াৰ পূৰ্বে শনিবাৰে দিল্লী বিমান বন্দৰত অৱতৰণ…
Read More