Blog

মণিপাল হাস্পতালে গুৱাহাটীত বিশেষ কৰ্কট ৰোগৰ অ’পিডিৰ জৰিয়তে বৃদ্ধি কৰিলে অংক’লজী সেৱা

মণিপাল হাস্পতালে গুৱাহাটীত বিশেষ কৰ্কট ৰোগৰ অ’পিডিৰ জৰিয়তে বৃদ্ধি কৰিলে অংক’লজী সেৱা

সমগ্ৰ ভাৰতবৰ্ষতে ক্ৰমান্বয়ে বৃদ্ধি পোৱা কৰ্কট ৰোগৰ প্ৰতি লক্ষ্য ৰাখি দ্বাৰকাৰ এইচচিএমচিটি মণিপাল হাস্পতালে গুৱাহাটী মহানগৰীত এক বিশেষ অ’পিডি মুকলি কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে ৰোগীসকলে যাতে নিজৰ ঘৰৰ ওচৰতে সঠিক সময়ত বিশেষজ্ঞৰ পৰামৰ্শ লাভ কৰিব পাৰে, যাৰ ফলত উন্নত কৰ্কট ৰোগৰ পৰামৰ্শ আৰু চিকিৎসাৰ বাবে আন মহানগৰীলৈ যাবলগীয়া দূৰত্ব আৰু কষ্ট হ্ৰাস পাব।এই বিশেষ অ’পিডি প্ৰতিমাহৰ দ্বিতীয়টো দেওবাৰে পুৱা ১০:০০ বজাৰ পৰা দুপৰীয়া ১২:০০ বজালৈ গুৱাহাটীৰ লাচিত নগৰস্থিত ইউএইচএছ, ভিষ্টা ছুপাৰ স্পেচিয়েলিটি ক্লিনিকত আগবঢ়োৱা হ'ব। দ্বাৰকাৰ এইচচিএমচিটি মণিপাল হাস্পতালৰ ছাৰ্জিকেল অংক’লজী বিভাগৰ কনছালটেণ্ট ডাঃ বিক্ৰম কুমাৰ ডেকাই এই অ’পিডি সেৱাত ৰোগীসকলক পৰামৰ্শ প্ৰদান কৰিব। দেশজুৰি কৰ্কট ৰোগৰ সংখ্যা ক্ৰমাগতভাৱে…
Read More
AASU: NEET অনিয়ম আৰু ছাত্ৰ আত্মহত্যাই চৰকাৰ জৰুৰী ব্যৱস্থাৰ প্ৰয়োজনীয়তা দেখুৱাইছে

AASU: NEET অনিয়ম আৰু ছাত্ৰ আত্মহত্যাই চৰকাৰ জৰুৰী ব্যৱস্থাৰ প্ৰয়োজনীয়তা দেখুৱাইছে

পৰিৱেশ কৰ্মী সোনাম ৱাংচুকৰ শিক্ষা সংস্কাৰ বাবে গণতান্ত্ৰিক, অহিংস প্ৰতিবাদৰ প্ৰতি সংহতি প্ৰকাশ কৰি অল আছাম ষ্টুডেণ্টছ ইউনিয়ন (AASU) ই আগন্তুক দেওবাৰ, ১৯ জুলাই ত ৰাজ্যব্যাপী মমবাতি প্ৰজ্বলন কাৰ্যসূচী ঘোষণা কৰিছে। ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদস্থলীৰ পৰা ৱাংচুকক চৰকাৰে বলপূৰ্বক উচ্ছেদ কৰা ঘটনাকো তীব্ৰ নিন্দা কৰিছে। AASU ৰ জিলা সমিতিসমূহৰ তত্বাৱধানত সকলো জিলা সদৰত এই মমবাতি কাৰ্যসূচী অনুষ্ঠিত হ’ব। এক বিবৃতিত AASU ৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় যে ৱাংচুকে উত্থাপন কৰা বিষয়টো ৰাজনৈতিক মতাদৰ্শৰ উৰ্ধত আৰু ই প্ৰত্যক্ষভাৱে লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে জড়িত, বিশেষকৈ NEET পৰীক্ষাৰ ক্ষেত্ৰত। সংগঠনটোৱে কয় যে প্ৰধান পৰীক্ষাসমূহত বাৰে বাৰে অনিয়ম সংঘটিত…
Read More
অসুস্থ নেকি জনপ্ৰিয় অভিনেতা ছলমান খান?

অসুস্থ নেকি জনপ্ৰিয় অভিনেতা ছলমান খান?

অসুস্থ নেকি জনপ্ৰিয় অভিনেতা ছলমান খান? বলিউডৰ ভাই জানৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। মুম্বাইত এক ৰাজহুৱা অনুষ্ঠানত উপস্থিত হোৱাৰ পাছত জনপ্ৰিয় অভিনেতাগৰাকীৰ ভিডিঅ’ক এটা সামাজিক মাধ্যমত অনুৰাগীসকলে চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে। চিন্তিত হৈছে ছলমান খানৰ অনুৰাগীসকল। শেহতীয়াকৈ ছলমান খানে বান্দ্ৰাস্থিত স্লাম ৰিহেবিলিটেশ্যন অথৰিটি (SRA)ৰ কাৰ্যালয়ৰ এক অনুষ্ঠানত উপস্থিত হয়। এই অনুষ্ঠানত তেওঁ সংস্থাটোৰ নতুনকৈ স্থাপন কৰা ডাটা কলেকশ্যন এণ্ড ভেৰিফিকেশ্যন ছাপ’ৰ্ট চেণ্টাৰ (আইটি ছাৰ্ভাৰ ৰূম) উদ্বোধন কৰে। ই-গভাৰ্নেন্স ব্যৱস্থাৰ দক্ষতা, সুৰক্ষা আৰু কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই সুবিধা আৰম্ভ কৰা হৈছে।অনুষ্ঠানৰ ভিডিঅ’সমূহ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে বহু ব্যৱহাৰকাৰীয়ে ছলমান খানৰ স্বাস্থ্যক লৈ উদ্বেগ প্ৰকাশ কৰে। এই…
Read More
পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক। এইবাৰ মহানগৰীৰ জালুকবাৰী আৰক্ষীৰ গুলীৰ লক্ষ্য হৈ পৰিল এটা গভাইত চোৰ। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা সময়তে আৰক্ষীয়ে চলোৱা গুলীচালনাত আজনবী আলী নামৰ এজন কুখ্যাত চোৰটো গুৰুতৰভাৱে আহত হয়। আহত চোৰটোৰ ঘৰ বৰপেটাত বুলি চিনাক্ত কৰা হৈছে।
Read More
জম্মু-কাশ্মীৰত প্ৰকৃতিৰ কালৰূপ

জম্মু-কাশ্মীৰত প্ৰকৃতিৰ কালৰূপ

জম্মু-কাশ্মীৰত প্ৰকৃতিৰ কালৰূপ। শনিবাৰে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ পুঞ্চ আৰু ৰাজৌৰী জিলাত সংঘটিত হোৱা ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা আকস্মিক বানে চৰম বিপৰ্যয় কঢ়িয়াই আনিছে। ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা এই প্ৰাকৃতিক দুৰ্যোগত ইতিমধ্যে ৬ গৰাকী লোকে কৰুণভাৱে প্ৰাণ হেৰুৱালগীয়া হৈছে। হঠাতে অহা বানে সমগ্ৰ অঞ্চলটোত বিস্তৰ ক্ষতিসাধন কৰিছে। বাসগৃহ, খেতি-পথাৰৰ লগতে আন্তঃগাঁথনিৰো ব্যাপক লোকচান হোৱা বুলি জানিব পৰা গৈছে। লগতে দুৰ্যোগৰ ফলত হোৱা ৬ জন লোকৰ মৃত্যুৰ খবৰে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।
Read More
এক হৃদয় বিদাৰক ঘটনা

এক হৃদয় বিদাৰক ঘটনা

এক হৃদয় বিদাৰক ঘটনা ৷ জীৱিত অৱস্থাতে গোটে গোটে এটি শিশুক গিলি থ’লে এটা ঘঁৰিয়ালে ৷ আচৰিত যেন লাগিলেও এয়া সঁচা ঘটনা ৷ উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনাটো ৷জানিব পৰা মতে, এজন কৃষকে পথাৰত ধান ৰুই আছিল ৷ খেতিয়কজনৰ নাম উদয় ৰাজ সিং ৷ তেওঁৰ লগত পথাৰলৈ আহিছিল বণ্ডী থানা এলেকাৰ টিকুৰি গাঁৱৰ বাসিন্দা তথা ১২ বছৰীয়া ভতিজাক সুনীল সিঙো ৷ খুৰাকে পথাৰত ব্যস্ত থকাৰ সময়তে সুনীলে কাষতে থকা নদীত হাত ধুবলৈ নামি যায় ৷তেনেতে এটা ঘঁৰিয়ালে ১২ বছৰীয়া সুনীলক নদীৰ মাজলৈ টানি নিয়ে ৷ সুনীলে চিঞৰ-বাখৰ কৰাত সেই সময়ত পথাৰত থকা খুৰাকৰ লগতে আন কেবাজনো লোকে হাতত লাঠী-জোং…
Read More
৭২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: ‘জুঁইফুল’ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ, ‘আৰ্টিকেল ৩৭০’ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি

৭২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: ‘জুঁইফুল’ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ, ‘আৰ্টিকেল ৩৭০’ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি

জাদুমণি দত্তৰ দ্বাৰা পৰিচালিত ‘জুঁইফুল’ য়ে ৭২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অসমীয়া পূৰ্ণদৈৰ্ঘ্য ছবিৰ বঁটা লাভ কৰিছে। ‘জুঁইফুল’ হৈছে অসম-নাগালেণ্ড সীমান্তৰ সংঘাতপূৰ্ণ অঞ্চলৰ দুগৰাকী মাতৃৰ কাহিনী। নৰাগাঁৱৰ গাঁওবাসীৰ দৈনন্দিন জীৱন ইয়াত সম্পূৰ্ণৰূপে সলনি হৈছে — ৰাতি জাগৰণ আৰু দিনত বিশ্ৰাম। শনিবাৰে ৭২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰা হয়। এই বঁটাৰ বাবে ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ পৰিষদে প্ৰমাণপত্ৰ দিয়া ছবিসমূহ বিবেচনা কৰা হৈছিল। ফিচাৰ ফিল্ম জুৰীৰ অধ্যক্ষ জয়ৰাজ, নন-ফিচাৰ ফিল্ম জুৰীৰ অধ্যক্ষ অসীম সিনহা আৰু চিনেমাৰ ওপৰত শ্ৰেষ্ঠ লেখনী জুৰীৰ অধ্যক্ষ এ. চন্দ্ৰশেখৰৰ উপস্থিত এই বঁটা ঘোষণা কৰা হয়। লগতে উপস্থিত আছিল তথ্য…
Read More
পাঁচ বছৰত ৮৫ শতাংশ হ্ৰাস ৰাজ্যত ৰুজু হোৱা অপৰাধমূলক গোচৰঃ মুখ্যমন্ত্ৰী

পাঁচ বছৰত ৮৫ শতাংশ হ্ৰাস ৰাজ্যত ৰুজু হোৱা অপৰাধমূলক গোচৰঃ মুখ্যমন্ত্ৰী

বিগত পাঁচ বছৰত ৮৫ শতাংশ হ্ৰাস পাইছে ৰাজ্যত ৰুজু হোৱা অপৰাধমূলক গোচৰৰ সংখ্যা। শনিবাৰে এই পৰিসংখ্যা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অপৰাধবিৰোধী অভিযান একেই তৎপৰতাৰে অব্যাহত থাকিব আৰু আধুনিক প্ৰযুক্তিনিৰ্ভৰ আৰক্ষী ব্যৱস্থাৰ জৰিয়তে আইন-শৃংখলা অধিক শক্তিশালী কৰি তোলা হ'ব। সামাজিক মাধ্যম এক্সত ২০২১ চনৰ পৰা ২০২৬ চনৰ জুন মাহলৈকে অপৰাধ আৰু বিচাৰ ব্যৱস্থাৰ বিভিন্ন পৰিসংখ্যা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২১ চনত ৰাজ্যত ১ লাখ ৩৩ হাজাৰ ২৩৯টা অপৰাধমূলক গোচৰ ৰুজু হৈছিল। ২০২৬ চনৰ জুন মাহলৈ সেই সংখ্যা ২০ হাজাৰ ৫৮২টালৈ নামি আহিছে। একে সময়তে প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ ৩৭৯ৰ পৰা ১১২লৈ হ্ৰাস…
Read More
ডিব্ৰুগড়ত বৃহৎ মাদকবিৰোধী অভিযান; ১.৩৫ কিলোগ্ৰাম হেৰ’ইন, ১৪.০৬ লাখ টকা জব্দ, এজন গ্ৰেপ্তাৰ

ডিব্ৰুগড়ত বৃহৎ মাদকবিৰোধী অভিযান; ১.৩৫ কিলোগ্ৰাম হেৰ’ইন, ১৪.০৬ লাখ টকা জব্দ, এজন গ্ৰেপ্তাৰ

মাদক সৰবৰাহৰ বিৰুদ্ধে অব্যাহত অভিযানৰ মাজতে এইবাৰ বৃহৎ পৰিমাণৰ হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া অঞ্চলত চলোৱা এক অভিযানত ১.৩৫ কিলোগ্ৰাম হেৰ'ইন, ১৪ লাখ ৬ হাজাৰ টকা নগদ ধন আৰু দুখন বাহন জব্দ কৰাৰ লগতে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। টিংখং আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত এই অভিযান চলোৱা হয়। জব্দ কৰা হেৰ'ইনখিনি মাদক সৰবৰাহৰ উদ্দেশ্যে মজুত কৰি ৰখা হৈছিল বুলি আৰক্ষীৰ সন্দেহ। ঘটনাৰ বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্সত তথ্য সদৰি কৰে। মুখ্যমন্ত্ৰীয়ে কয়, "অসমৰ মাদকবিৰোধী অভিযান অব্যাহত থাকিব। ৰাজ্যজুৰি সক্ৰিয় মাদক সৰবৰাহ চক্ৰ উৎখাত কৰিবলৈ আৰক্ষীয়ে অধিক তৎপৰতাৰে অভিযান চলাই যাব।" ইফালে, জব্দ কৰা…
Read More
নামছাইত নিশাৰ গুলীচালনা! ৰহস্যজনকভাৱে গুলীবিদ্ধ যুৱতী, তদন্ত আৰম্ভ

নামছাইত নিশাৰ গুলীচালনা! ৰহস্যজনকভাৱে গুলীবিদ্ধ যুৱতী, তদন্ত আৰম্ভ

দুই পক্ষৰ মাজত সৃষ্টি হোৱা সংঘাতৰ মাজতে ৰহস্যজনকভাৱে গুলীবিদ্ধ হ'ল এগৰাকী যুৱতী। অৰুণাচল প্ৰদেশৰ নামছাই জিলাৰ লালপাহাৰ অঞ্চলত শুকুৰবাৰে গভীৰ নিশা সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। গুলীচালনাত আহত হোৱা যুৱতীগৰাকী কল্যাণী নামচম বুলি জানিব পৰা গৈছে। মমং গাঁৱৰ বাসিন্দা যুৱতীগৰাকীৰ ভৰিত গুলী লাগে। আহত অৱস্থাত তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয়। প্ৰাথমিক অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি, এখন ৱেগন-আৰ গাড়ীত থকা লোক আৰু আন এটা পক্ষৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ পিছত সংঘাতৰ সৃষ্টি হয়। সেই সময়তে পিষ্টলৰ পৰা কমেও দুজাই গুলী চলোৱা হয়। কিন্তু গুলীটো কেনেকৈ কল্যাণী নামচমৰ ভৰিত লাগে অথবা গুলী কোনে চলাইছিল, সেই…
Read More