সোণৰ মহঙা দিনত গ্ৰাহকে প্ৰতি গ্ৰামত ৩০১ টকালৈকে ৰেহাই

পবিত্ৰ ধনতেৰাছ আৰু দীপাৱলীলৈ মাজত মাথো কেইদিনমান বাকী । এই সময়ছোৱাত গ্ৰাহকে সোণ , ৰূপ ক্ৰয়ত গুৰুত্ব আৰোপ কৰে। এই সময়ছোৱাত আপুনি প্ৰতি গ্ৰামত ৩০১ টকালৈকে ৰেহাই আৰু নিৰ্মাণ মাচুলত ২০ শতাংশ পৰ্যন্ত ৰেহাই লাভ কৰিব। এই ৰেহাই লাভ কৰিব টনিষ্ক
শ্ব’ ৰূমত। কিয়নো উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকসকলৰ বাবে টাটা গোষ্ঠীৰ আগশাৰীৰ অলংকাৰ ব্ৰেণ্ড টনিষ্কে এক বিশেষ উৎসৱকালীন অফাৰ ঘোষণা কৰিছে । ১০ অক্টোবৰৰ পৰা ৮ নৱেম্বৰ পৰ্যন্ত চলিবলগীয়া এই অফাৰৰ অধীনত গ্ৰাহকসকলে সোণৰ অলংকাৰ ক্ৰয়ৰ ক্ষেত্ৰত প্ৰতি গ্ৰামত ৩০১ টকালৈকে ৰেহাই আৰু নিৰ্মাণ মাচুলত ২০ শতাংশ পৰ্যন্ত ৰেহাই লাভ কৰিব । ইয়াৰ উপৰি, ১৮ কেৰেটতকৈ অধিক বিশুদ্ধতাৰ পুৰণি সোণৰ অলংকাৰ বিনিময় কৰিলে কোনো কৰ্তন নোহোৱাকৈ ১০০% মূল্য প্ৰদান কৰা হ’ব ।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *