পূজা কমিটিৰ ধন লৈ উধাও কলকাতাৰ শিল্পী । ষষ্ঠীলৈ মাজত মাথো তিনি দিন । বিমোৰত গুৱাহাটীৰ দুখনকৈ পূজা কমিটি। মহানগৰীৰৰ ছাত্ৰীবাৰী দেৱপূজাস্হান
সমিতি আৰু কুমাৰপাৰাৰ নয়নতৰা ক্লাৱৰ ধন লৈ পলায়ন কলকাতাৰ সুদীপ্ত পালৰ ।
অসমীয়া ঐতিহ্যৰ আৰু অসমৰ জনগোষ্ঠী সমূহক লৈ আটাইকেইটা জনগোষ্ঠীক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যেৰে এইবাৰৰ পূজাৰ মণ্ডপ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ছাত্ৰীবাৰী দেৱপূজাস্হান
সমিতিয়ে । এই মণ্ডপ নিৰ্মাণৰ বাবে পালৰ লগত ৮ লাখ টকাৰ এগ্ৰিমেণ্ট কৰা হৈছিল ।তেও সকলো কাম সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । কিন্তু মাত্ৰ ৪০% পেণ্ডেলৰ কাম কৰি ৫লাখ ৩৫ হাজাৰ টকা লৈ পলাই যায় । ঘটনা সন্দৰ্ভতভৰলু থানাত এজাহৰ দাখিল কৰিছে পূজা কমিটিয়ে ৷
ছাত্ৰীবাৰী দেৱপূজাস্থান সমিতি আৰু কুমাৰপাৰা নয়নতৰা ক্লাবক প্ৰতাৰণা
