চি জে পিৰ নেতা আশুতোষ ৰাংকা-সৌৰভ দাসক পুনৰ আটক

​দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱাৰ সময়তে চি জে পি(CJP)ৰ মুখ্য মুখপাত্ৰ সৌৰভ দাস আৰু ৰাষ্ট্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাক দিল্লী আৰক্ষীয়ে আটক কৰিছে। শেহতীয়াভাৱে যন্তৰ-মন্তৰক প্ৰতিবাদীস্থল হিচাপে থকা স্বীকৃতি বাতিল কৰাৰ পিছতো তেওঁলোকৰ এই প্ৰতিবাদ চৰ্চালৈ আহিছে।

ভিডিঅ’ত দেখা গৈছে যে চি.জে.পি. নেতা ৰাংকা আৰু দাসে কেইজনমান সমৰ্থকৰ সৈতে ৰাষ্ট্ৰীয় পতাকা হাতত লৈ যন্তৰ-মন্তৰৰ বন্ধ গেট জপিয়াই ভিতৰত প্ৰৱেশ কৰিছিল। তাত তেওঁলোকে “ভাৰত মাতা কী জয়” আৰু “ইনকিলাৱ জিন্দাবাদ” ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে। পিচত উপস্থিত আৰক্ষীয়ে তেওঁলোকক খেদি গৈ আটক কৰে। চাৰি দিনৰ ভিতৰত এয়া হৈছে তেওঁলোকৰ দ্বিতীয়বাৰৰ বাবে আটকাধীন হোৱাৰ ঘটনা।

ইয়াৰ পূৰ্বে শনিবাৰে দিল্লী বিমান বন্দৰত অৱতৰণ কৰাৰ পিছতে সৌৰভ দাস, আশুতোষ ৰাংকা আৰু চি.জে.পি.ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকক আটক কৰা হৈছিল। দেওবাৰে তেওঁলোকক এটা বছৰলৈ “শান্তিভংগ নকৰাৰ চৰ্তত” মুকলি কৰি দিয়া হৈছিল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *