নাগালেণ্ড

দিমাপুৰ ৰেল ষ্টেচনৰ পুনৰ উন্নয়নত বাধা, এবছৰত মাত্ৰ ৭.৫% কাম সম্পূৰ্ণ: সাংসদ

দিমাপুৰ ৰেল ষ্টেচনৰ পুনৰ উন্নয়নত বাধা, এবছৰত মাত্ৰ ৭.৫% কাম সম্পূৰ্ণ: সাংসদ

নাগালেণ্ডৰ লোকসভাৰ সাংসদ এছ সুপংমেৰেন জামিৰে দিমাপুৰ ৰেল ষ্টেচন পৰিদৰ্শন কৰি চলি থকা বিশ্বমানৰ ৰেল ষ্টেচন প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে ৰূপায়ণত প্ৰভাৱ পেলোৱা বিষয়সমূহ সন্দৰ্ভত ৰেল বিষয়াসকলৰ সৈতে আলোচনা কৰে। ডিভিজনেল ৰেলৱে ব্যৱহাৰকাৰী পৰামৰ্শদাতা সমিতি (DRUCC)ৰ এজন ৰাজ্যিক সদস্যৰ সৈতে উপস্থিত থকা জামিৰে কয় যে ৰেল কৰ্তৃপক্ষই তেওঁলোকক প্ৰকল্পটোৰ সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে অৱগত কৰে আৰু অসুবিধাৰ মাজতো বিষয়াসকলে যথাসাধ্য চেষ্টা কৰি আছে বুলি জানিবলৈ দিয়ে। অৱশ্যে তেওঁ নিৰ্মাণৰ গতি লেহেমীয়া হোৱাত উদ্বেগ প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সময়সীমা থকা সত্ত্বেও এবছৰৰ পাছতো প্ৰকল্পটোৰ মাত্ৰ ৭.৫% কামহে সম্পূৰ্ণ হৈছে। “এবছৰ ইতিমধ্যে পাৰ হৈ…
Read More
কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই পৰিদৰ্শন কৰিলে বানপীড়িত অসম আৰু ভূমিস্খলনবিধ্বস্ত নাগালেণ্ড

কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই পৰিদৰ্শন কৰিলে বানপীড়িত অসম আৰু ভূমিস্খলনবিধ্বস্ত নাগালেণ্ড

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী JP Naddaই আজি অসম আৰু নাগালেণ্ডৰ বান আৰু ভূমিস্খলনৰ দ্বাৰা ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। কেন্দ্ৰীয় চৰকাৰ প্ৰতিনিধি হিচাপে দুয়োখন বিপৰ্যয়গ্ৰস্ত ৰাজ্যৰ পৰিস্থিতিৰ বুজ ল’বলৈ Nadda অসমলৈ আহে। অসমত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলা পৰিদৰ্শন কৰে। "আজি অসমৰ বানপীড়িত অঞ্চলত মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বানৰ ফলত হোৱা ক্ষতি পৰিদৰ্শন কৰিলোঁ আৰু এই বিপৰ্যয়ত প্ৰাণ হেৰুৱা লোকসকলৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ," বুলি Naddaই কয়। "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সম্পূৰ্ণ সংবেদনশীলতা আৰু অতি দ্ৰুততাৰে প্ৰতিটো…
Read More
পথৰ কাষৰ আইইডিত কঁপিল নাগালেণ্ড, অসম ৰাইফলছৰ কনভয় লক্ষ্য

পথৰ কাষৰ আইইডিত কঁপিল নাগালেণ্ড, অসম ৰাইফলছৰ কনভয় লক্ষ্য

উত্তৰ-পূৰ্বাঞ্চলত পুনৰ কঁপি উঠিল সন্ত্ৰাসবাদৰ বিস্ফোৰণ। এইবাৰ নাগালেণ্ডত অসম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি সংঘটিত আইইডি বিস্ফোৰণত শ্বহীদ হয় তিনিজন জোৱান। ঘটনাটোত কেইবাজনো জোৱান আঘাতপ্ৰাপ্ত হয়। সোমবাৰে চুমুকেডিমা জিলাৰ সোখুভি গাঁৱৰ সমীপেৰে অসম ৰাইফলছৰ কনভয় অগ্ৰসৰ হৈ থকাৰ সময়তে পথৰ কাষত পুতি থোৱা আইইডিৰ বিস্ফোৰণ ঘটে। অচিনাক্ত দুৰ্বৃত্তই সংঘটিত কৰা এই আক্ৰমণত তিনিজন জোৱানে ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়। আঘাতপ্ৰাপ্ত জোৱানসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। আহতসকলৰ স্বাস্থ্যৰ বিষয়ে এতিয়াও আনুষ্ঠানিকভাৱে একো জানিবলৈ দিয়া হোৱা নাই। ঘটনাৰ পিছতে অসম ৰাইফলছ আৰু ডিমাপুৰ আৰক্ষীয়ে যৌথভাৱে তালাচী অভিযান আৰম্ভ কৰে। বিস্ফোৰণস্থল আৰু ইয়াৰ চৌপাশৰ অঞ্চলত নিৰাপত্তাও কটকটীয়া কৰা হৈছে। উল্লেখযোগ্য যে, মাত্ৰ কেইদিনমান পূৰ্বেও নিৰাপত্তা…
Read More
নাগালেণ্ড কানেক্ট ২০২৬: ১৫ কোম্পানীৰ পৰা ৩০ কোটি টকাৰ চি এছ আৰ প্ৰতিশ্ৰুতি

নাগালেণ্ড কানেক্ট ২০২৬: ১৫ কোম্পানীৰ পৰা ৩০ কোটি টকাৰ চি এছ আৰ প্ৰতিশ্ৰুতি

শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত নাগালেণ্ড কানেক্ট ২০২৬ চি এছ আৰ সন্মিলনত নাগালেণ্ড ইনভেষ্টমেণ্ট এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে (IDAN) নাগালেণ্ডত কৰ্প’ৰেট ছ’চিয়েল ৰেছপনচিবিলিটি (CSR) পদক্ষেপৰ বাবে ৩০ কোটি টকাৰো অধিক প্ৰতিশ্ৰুতি লাভ কৰিছে। IDANৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, মুখ্যমন্ত্ৰী ড° নেইফিউ ৰিঅ’ আৰু উপ-মুখ্যমন্ত্ৰী টি. আৰ. জেলিয়াং আৰু ৱাই. পেট্টনৰ উপস্থিতিত ১৫খন আগ্ৰহ পত্ৰ আৰু প্ৰতিশ্ৰুতি IDANক প্ৰদান কৰা হয়। “অংশীদাৰিত্ব গঢ়া, প্ৰভাৱ সৃষ্টি” শীৰ্ষক সন্মিলনখন IDANএ চি এছ আৰ বক্সৰ সহযোগত আয়োজন কৰিছিল আৰু ইয়াত ৪০টাতকৈও অধিক কোম্পানীয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ লক্ষ্য আছিল চি এছ আৰ অংশীদাৰিত্ব আনুষ্ঠানিক কৰা, য’ত মুখ্যমন্ত্ৰীৰ উপস্থিতিত কেইবাখনো বুজাবুজিৰ চুক্তি, আগ্ৰহ পত্ৰ আৰু প্ৰতিশ্ৰুতিৰ বিবৃতি…
Read More
নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন বিভাগত ৫ জন বিধায়কক উপদেষ্টা হিচাপে নিযুক্তি দিলে

নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন বিভাগত ৫ জন বিধায়কক উপদেষ্টা হিচাপে নিযুক্তি দিলে

নিৰ্বাচিত প্ৰতিনিধিসকলৰ অভিজ্ঞতাক শাসন ব্যৱস্থাত ব্যৱহাৰ কৰাৰ উদ্দেশ্যে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই সোমবাৰে পাঁচজন বিধায়কক বিভিন্ন বিভাগৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়ে আৰু আন এজন বিধায়কৰ দপ্তৰ সালসলনি কৰে। শেহতীয়া নিযুক্তিৰ সৈতে ৰিঅ’ নেতৃত্বাধীন কেবিনেটত উপদেষ্টাৰ সংখ্যা ২৯ জনলৈ বৃদ্ধি পালে। নৱনিযুক্ত উপদেষ্টাসকলৰ ভিতৰত কুঝলুজো নিয়েনুক বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে, আনহাতে পুথাই লংঙনক কৰ বিভাগৰ দায়িত্ব দিয়া হৈছে। পিক্টো শ্ব’হেক নৱীকৰণযোগ্য শক্তি আৰু বহনক্ষম উন্নয়ন লক্ষ্যৰ সাধন বিভাগৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে, আনহাতে কিকনক বন আৰু খাদ্য প্ৰক্ৰিয়াকৰণ বিভাগৰ দায়িত্ব দিয়া হৈছে। মুখ্য সচিব এছ. ইমচেনৰ দ্বাৰা জাৰি কৰা এখন চৰকাৰী অধিসূচনাৰ জৰিয়তে নিযুক্তি আৰু দপ্তৰ বিতৰণ…
Read More
নাগালেণ্ডৰ মন জিলাত উদ্ধাৰ অসমৰ ২ যুৱকৰ অৰ্ধ উলংগ মৃতদেহ, হত্যাৰ সন্দেহ

নাগালেণ্ডৰ মন জিলাত উদ্ধাৰ অসমৰ ২ যুৱকৰ অৰ্ধ উলংগ মৃতদেহ, হত্যাৰ সন্দেহ

সোমবাৰে নাগালেণ্ডৰ মন জিলাত অৰ্ধ উলংগ অৱস্থাত অসমৰ দুই যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই দুয়োখন ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাথমিক খবৰ অনুসৰি, শৰীৰত আঘাতৰ চিন থকা যুৱক দুজনৰ মৃতদেহ অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। সোণাৰিৰ বাসিন্দা যুৱৰ দুজনক অচিনাক্ত দুষ্কৃতিকাৰীয়ে হত্যা কৰাৰ সন্দেহ কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, শনিবাৰে দোকানৰ সামগ্ৰী পৰিবহণ কৰি নাগালেণ্ডৰ টবুৰ পৰা ঘৰলৈ উভতি অহাৰ পথত দুয়োৰে সৈতে যোগাযোগ বিচ্ছিন্ন হৈছিল পৰিয়ালৰ। এই ঘটনাৰ আঁৰৰ দোষীক বিচাৰি উলিয়াবলৈ যুৱক দুজনৰ পৰিয়ালে নাগালেণ্ড আৰক্ষী আৰু সংগঠনৰ সৈতে যোগাযোগ কৰি এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
Read More
কোহিমা ভাৰতৰ শীৰ্ষ ১০ খন ‘স্মাৰ্ট চিটি’ৰ ভিতৰত স্থান লাভ কৰিছে

কোহিমা ভাৰতৰ শীৰ্ষ ১০ খন ‘স্মাৰ্ট চিটি’ৰ ভিতৰত স্থান লাভ কৰিছে

কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ এক প্ৰতিবেদন অনুসৰি, ২৫ জুনত স্মাৰ্ট চিটি মিছন, অম্ৰুত আৰু পিএমএৱাই (নগৰ)ৰ ষষ্ঠ বাৰ্ষিকী উদযাপনৰ সময়ত, কোহিমাক উত্তৰ-পূব অঞ্চলৰ একমাত্ৰ স্মাৰ্ট চহৰ হিচাপে ঘোষণা কৰা হৈছিল যিয়ে শীৰ্ষ ১০ ত স্থান লাভ কৰিছিল। কোহিমা স্মাৰ্ট চিটি ডেভেলপমেণ্ট লিমিটেডৰ যুটীয়া মুখ্য কাৰ্যবাহী বিষয়া আভেলু ৰুহোৰ দ্বাৰা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিঅনুসৰি কোহিমাই আন দুখন চহৰ ৰায়পুৰ আৰু থানেৰ সৈতে দশম স্থান ভাগ বতৰা কৰিছে। স্মাৰ্ট চিটি মিছনটো ডাটাস্মাৰ্ট চিটিজ ষ্ট্ৰেটেজীৰ দ্বাৰা ফেব্ৰুৱাৰী ২০১৯ ত আৰম্ভ কৰা হৈছিল, ভাৰতৰ ১০০ খন চহৰত জটিল নগৰীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে তথ্যৰ সম্ভাৱনা ব্যৱহাৰ কৰাৰ বাবে এক ৰোডমেপ হিচাপে।…
Read More
কুকুৰৰ বাণিজ্যিক আমদানিৰ ব্যৱসায়ৰ ক্ষেত্ৰত নিষেধাজ্ঞা

কুকুৰৰ বাণিজ্যিক আমদানিৰ ব্যৱসায়ৰ ক্ষেত্ৰত নিষেধাজ্ঞা

নাগালেণ্ড চৰকাৰে কুকুৰৰ বজাৰ আৰু কুকুৰৰ বাণিজ্যিক আমদানিৰ ব্যৱসায়ৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰিছে। কুকুৰৰ মাংস বিক্ৰীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰী কৰিছে। ৰাজ্যখনৰ মুখ্য সচিব তেমজেন টয়ে ইতিমধ্যে টুইটাৰযোগে এই কথা জনাইছে।
Read More

নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে সৰ্বানন্দ সোণোৱালৰ বাৰ্তালাপ

ষ্টাফৰিপোৰ্টাৰ, ২৩ মে' : নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফু ৰিঅ'ৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টেলিফোনযোগে বাৰ্তালাপ। ক'ভিড-১৯ সংক্ৰমণৰ আশংকাত নাগালেণ্ড চৰকাৰে ছীল কৰা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্ত মুকলি কৰাৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালৰ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক অনুৰোধ। মুখ্যমন্ত্ৰী সোণোৱালৰ অনুৰোধৰ প্ৰতি ইতিবাচক সঁহাৰি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ'ৰ। চাহ উদ্যোগৰ সৈতে জড়িত শ্ৰমিককে ধৰি নিৰ্মাণ কাৰ্যৰ সামগ্ৰীৰ সুচল যাতায়াতৰ ক্ষেত্ৰত এই পদক্ষেপে বিশেষভাৱে সহায় কৰিব ।
Read More