29
Aug
নিশাৰ ঘন অন্ধকাৰ আৰু নিস্তব্ধতা ফালি দলঙৰ ওপৰৰ পৰা ভাঁহি আহিছিল এটি কণমানিৰ কৰুণ আৰ্তনাদ- “আম্মা… নান্না…”। কি হৈছে একো বুজি নাপাই আন্ধাৰ আৰু ঠাণ্ডাৰ মাজত চকুলো টুকিছিল তিনিবছৰীয়া নিষ্পাপ শিশুটিয়ে, কাৰণ চকুৰ সন্মুখতে উফন্দি উঠা নদীৰ বুকুত চিৰদিনৰ বাবে জাহ গৈছিল তাইৰ জন্মদাতাসকল। অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাৰ গোদাৱৰী নদীৰ দলঙত বৃহস্পতিবাৰে নিশা সংঘটিত হ’ল এই চৰম হৃদয়বিদাৰক ঘটনা। নিজ সন্তানক স্কুটাৰখনৰ ওপৰতে অকলে এৰি থৈ নদীত জাঁপ দি আত্মহননৰ পথ বাছি ল’লে এহাল দম্পতীয়ে। স্থানীয় সূত্ৰ অনুসৰি, ভেলপুৰু গাঁৱৰ বাসিন্দা ২৯ বছৰীয়া ডড্ডা সাই আৰু তেওঁৰ ২৮ বছৰীয়া পত্নী শিৰীজাই নিশা প্ৰায় ১০ বজাত স্কুটাৰেৰে সন্তানসহ দলঙৰ ওপৰত উপস্থিত…
