উত্তৰ-পূৱ

আপোনাৰ আই কিউ ৰাহুল গান্ধীৰ দৰেঃ বিগ বছত প্ৰৱেশক লৈ তীব্ৰ বাকযুদ্ধ ৰিয়া আহিৰ আৰু শ্বেহজাদ পুনাৱালাৰ

আপোনাৰ আই কিউ ৰাহুল গান্ধীৰ দৰেঃ বিগ বছত প্ৰৱেশক লৈ তীব্ৰ বাকযুদ্ধ ৰিয়া আহিৰ আৰু শ্বেহজাদ পুনাৱালাৰ

সামাজিক মাধ্যমত এক অভাৱনীয় বাকযুদ্ধত লিপ্ত হৈছে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ শ্বেহজাদ পুনাৱালা আৰু মুম্বাইৰ মডেল ৰিয়া আহিৰ। জনপ্ৰিয় ৰিয়েলিটি শ্ব' 'বিগ বছ ২০'ত ৰিয়া আহিৰে ৰাইজৰ ভোটৰ জৰিয়তে প্ৰৱেশ লাভ কৰাত ব্যৰ্থ হোৱাৰ পিছতে পুনাৱালাই মডেলগৰাকীৰ সাধাৰণ জ্ঞান আৰু বৌদ্ধিক স্তৰক লৈ কটাক্ষ কৰে। এই তৰ্কৰ মাজতে ৰিয়াই পুনাৱালাক 'আংকল' বুলি সম্বোধন কৰাত বিজেপিৰ প্ৰাক্তন মুখপাত্ৰজনে তেওঁক উভতি ধৰি কয় যে ৰিয়া আহিৰৰ আই কিউ আৰু জ্ঞানৰ মাত্ৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে একে। এক প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বাহন আগচি ধৰি সামাজিক মাধ্যমত চৰ্চালৈ অহা মডেল ৰিয়া আহিৰে বিগ বছৰ প্ৰৱেশদ্বাৰত মুখ থেকেচা খাইছিল। ইয়াৰ পিছতে পুনাৱালাই সামাজিক মাধ্যম এক্সত…
Read More
ৰাজ্যত অব্যাহত ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান

ৰাজ্যত অব্যাহত ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান

ৰাজ্যত অব্যাহত ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান। দুলীয়াজানত আৰক্ষীৰ জালত এটা প্ৰৱঞ্চক। ধৃত প্ৰৱঞ্চকটো মধুটিং বৰপথাৰ অঞ্চলৰ ৰাজীৱ কৰ্মকাৰ। আত্মগোপন কৰি থকা অৱস্থাত ৰাজীৱ কৰ্মকাৰক গ্ৰেপ্তাৰ। OILৰ কৰ্মচাৰীৰ আবাসগৃহ আবণ্টনৰ নামত ধন আত্মসাৎ। স্বপন বিশ্বাস নামৰ লোকজনৰ পৰা কেইবা হাজাৰ টকা আত্মসাৎ। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত প্ৰৱঞ্চক ৰাজীৱ কৰ্মকাৰক গ্ৰেপ্তাৰ।
Read More
আজি মহিলা এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেল

আজি মহিলা এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেল

আজি মহিলা এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেল। ছেমিফাইনেলত ভাৰতৰ বিৰুদ্ধে নামিব বাংলাদেশ। দশমবাৰৰ বাবে ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে নামিব হৰমনপ্ৰীত বাহিনী। ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত অনুষ্ঠিত হ’ব মেচখন। এছিয়া কাপৰ ফাইনেল মেচখন অনুষ্ঠিত হ’ব ১৩ ছেপ্টেম্বৰত।
Read More
ৰাজ্য চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

ৰাজ্য চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

ৰাজ্য চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ বিদেশী ঘোষণা কৰা দুই মহিলাৰ পৰিয়ালক ২ লাখকৈ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ ন্যায়ালয়ৰ ।বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পাছতে পৰিয়ালক অৱগত নকৰাকৈয়ে তথা তেওঁলোকক আইনী সহায় ল'বলৈ অনুমতি নিদিয়াকৈয়ে বাংলাদেশলৈ প্ৰেৰণ কৰিছিল ।দুই পৃথক পৃথক আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ কল্যান ৰায় চূৰানা আৰু সুস্মিতা ফুকন খাউণ্ডৰ খণ্ড বিচাৰপীঠে ৩ ছেপ্তেম্বৰত মমতাজ বেগম আৰু জাহানাৰা বেগমক ওভতাই অনাৰ বাবে বৈদেশিক মন্ত্ৰালয়ক নিৰ্দেশ দিয়ে ।
Read More
বাংলাদেশত ধৰ্মীয় সংখ্যালঘু হিন্দু লোকৰৰ ওপৰত আক্ৰমণ

বাংলাদেশত ধৰ্মীয় সংখ্যালঘু হিন্দু লোকৰৰ ওপৰত আক্ৰমণ

পুনৰ বাংলাদেশত ধৰ্মীয় সংখ্যালঘু হিন্দু লোকৰৰ ওপৰত আক্ৰমণ ৷ উন্মাদ একাংশ লোকে নৃশংসভাবে হত্যা কৰিলে দুই হিন্দু লোকক ৷ জানিব পৰা মতে দেশখনৰ ভিন্ন প্ৰান্তত পুনৰ হিন্দু বিৰোধী প্ৰতিবাদ আৰম্ভ হৈছে ৷ যাৰ ফলত দেশখনত এগৰাকী মহিলাসহ এজন পুৰুষক নিৰ্মমভাবে হত্যা কৰিছে ৷দেশখনৰ নগাঁও জিলাৰ মহাদেৱপুৰ উপজিলাৰ মহাদেৱপুৰ নামৰ ঠাইত আলিফ চন্দ্ৰা দত্ত নামৰ জুৱেলাৰী দোকানীজনক হত্যা কৰে দুৰ্বৃত্তই ৷ স্থানীয় সাংবাদ মাধ্যত প্ৰকাশ পোৱা বাতৰি আনুসৰি, সোমবাৰে নিশা প্ৰায় ৮.৩০ বজাত আলিফ চন্দ্ৰা দত্তই মহাদেৱপুৰ বজাৰত থকা নিজৰ দোকান বন্ধ কৰি ঘৰলৈ গৈ আছিল ৷তেনেতে একাংশ লোকে দত্তক ঘৰৰ সমীপতে আগভেটি ধৰে আৰু দত্তক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰে…
Read More
ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত প্ৰতিজন অসমীয়াই তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে

ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত প্ৰতিজন অসমীয়াই তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ সাংস্কৃতিক-সামাজিক ক্ষেত্ৰত বহু বিশিষ্ট ব্যক্তি। লগতে ১০০গৰাকী শিল্পীয়ে পৰিৱেশন কৰিলে ভূপেনদাৰ কালজয়ী গীত ‘বিস্তীৰ্ণ পাৰৰে’।বিশাল সত্তাৰ এগৰাকী মহান ব্যক্তি, নাম যাৰ ভূপেন হাজৰিকা ৷ যাৰ সৃষ্টিৰ মাজত প্ৰতিটো স্তৰৰ ব্যক্তিয়ে নিজকে বিচাৰি পায় ৷ জীৱন সংগ্ৰাম, চহা গাঁৱলীয়া সমাজ, প্ৰেম, যৌৱন, উৎসৱ, পাহাৰ-ভৈয়ামৰ একাত, সংগ্ৰাম আদি জাতীয় জীৱনৰ প্ৰতিটো কথাতে যেন সোমাই আছে সেই মহান ব্যক্তিজনৰ সৃষ্টিৰাজিত ৷জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে-…
Read More
‘তাইকতো কাটিলো, জে’লৰ পৰা আহি ছুগাৰ ডেডীকো কাটিম’।ৰামানুজে ক’লে- No regrets,No apology।

‘তাইকতো কাটিলো, জে’লৰ পৰা আহি ছুগাৰ ডেডীকো কাটিম’।ৰামানুজে ক’লে- No regrets,No apology।

আজি সম্পন্ন হ’ব ৰিয়া তালুকদাৰৰ মৰণোত্তৰ পৰীক্ষা। সোমবাৰে ককায়েক পলমকৈ মৰ্গত উপস্থিত হোৱাৰ বাবে সম্পন্ন নহ'ল মৰণোত্তৰ পৰীক্ষা।বশিষ্ঠপুৰত সংঘটিত হোৱা হত্যাকাণ্ডই এতিয়া সকলোতে তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পত্নীক বৰ্বৰভাৱে শিৰচ্ছেদ কৰি হত্যা কৰাৰ পিছতো তিলমানো অনুশোচনা নাই ৰামানুজৰ। আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে সাংবাদিকৰ সন্মুখত পত্নীহন্তা ৰামানুজে দিলে আন এক হুংকাৰ।সাংবাদিকৰ আগত ৰামানুজে কয়, ‘‘No regrets, No apology… ৰিয়াক হত্যা কৰি বহুত ভালহে লাগিছে। তাইক কাটিলোঁ, জে’লৰ পৰা ওলালে তাইৰ চুগাৰ ডেডীটোকো কাটিম।’’
Read More
বানত নিৰুদ্দেশ হোৱা ভাৰতীয়ৰ পৰিয়ালক চিনাক্তকৰণ প্ৰক্ৰিয়াত ডি এন এৰ নমুনা বিচাৰিছে চীনস্থিত দূতাবাসে

বানত নিৰুদ্দেশ হোৱা ভাৰতীয়ৰ পৰিয়ালক চিনাক্তকৰণ প্ৰক্ৰিয়াত ডি এন এৰ নমুনা বিচাৰিছে চীনস্থিত দূতাবাসে

২৬ আগষ্টৰ পুৱা নেপাল-তিব্বত সীমান্তৰ সমীপত সংঘটিত হিমস্খলনৰ ফলত বৈ অহা পানীৰ ধলে উত্তৰ আৰু মধ্য নেপালৰ বসতিস্থলসমূহ বিধ্বংসী ৰূপ ধাৰণ কৰে ৷ এই ঘটনাত বৰ্তমান পৰ্যন্ত ১৩৫৫ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ৫৮৯ জন বিদেশী নাগৰিককে ধৰি ৪,৯৯৬ জন লোকৰ সন্ধান হৈ আছে ৷ আনহাতে ১৩,৩৯৬ জন লোকক এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে ।চীনত থকা ভাৰতীয় দূতাবাসে ২৬ আগষ্টত তিব্বত-নেপাল সীমান্তত আকস্মিক বানত নিৰুদ্দেশ হোৱা ভাৰতীয়ৰ পৰিয়ালক চিনাক্তকৰণ প্ৰক্ৰিয়াত সহায়ক হোৱাকৈ ডি এন এৰ নমুনা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে ৷দূতাবাসৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি ভাৰতীয় নাগৰিকৰ ডি এন এ নমুনা লোৱা সন্দৰ্ভত চীন কৰ্তৃপক্ষৰ পৰা নিশ্চিত হোৱাৰ পিছত বেইজিঙত থকা ভাৰতীয়…
Read More
মণিপুৰৰ গীটাৰিষ্টক দিল্লীত হত্যা

মণিপুৰৰ গীটাৰিষ্টক দিল্লীত হত্যা

দিল্লীকেই নিজৰ ঘৰ হিচাপে আকোঁৱালি লোৱা মণিপুৰৰ ৫৪ বছৰীয়া সংগীত শিল্পী চংথাম বিক্ৰম সিঙৰ বাবে ঘৰৰ বাহিৰত হোৱা হুলস্থূল বিৰুদ্ধাচাৰণ কৰা কাৰ্য্য়ই কাল হৈ পৰিল ৷ এখন কাজিয়াই প্ৰাণ কাঢ়িলে শিল্পীগৰাকীৰ ৷দিল্লীত মণিপুৰৰ প্ৰখ্যাত গীটাৰিষ্টক হত্যা। নিহত সংগীত শিল্পীজন ৫৪ বছৰীয়া চোংথাম বিক্ৰম। দক্ষিণ-পূব কিলোকাৰী অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। শিল্পীজনৰ ঘৰৰ সন্মুখত ডেলিভাৰী কৰ্মীৰে সংঘাত হৈছিল ধাবাৰ কৰ্মচাৰীৰ। ঘটনাত বাধা দিবলৈ গৈছিল চোংথাম বিক্ৰম। চিকিৎসালয়ত মৃত্যুক সাৱটি লয় চোংথাম বিক্ৰমে।৭ ছেপ্টেম্বৰত সংঘটিত এই ঘটনা সন্দৰ্ভত ছানলাইট কলনী আৰক্ষী থানাই ফোনকল লাভ কৰাৰ পাছতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। ঘটনাটোৰ সৈতে জড়িত থকাৰ সন্দেহত এজন নাবালকসহ কেইবাজনো লোকক…
Read More
অট্টালিকা ভাঙি মৃত্যু হোৱা লোকৰ সংখ্যা ছয়জনলৈ বৃদ্ধি

অট্টালিকা ভাঙি মৃত্যু হোৱা লোকৰ সংখ্যা ছয়জনলৈ বৃদ্ধি

নতুন দিল্লীৰ সত্য নিকেতনৰ সমীপৰ অট্টালিকা ভাঙি মৃত্যু হোৱা লোকৰ সংখ্যা ছয়জনলৈ বৃদ্ধি পাইছে ৷ উদ্ধাৰকাৰী দলে ধ্বংসাৱশেষ পৰিষ্কাৰ কৰাৰ লগতে আৱদ্ধ হৈ থকা ব্যক্তিক বিচাৰি উলিয়াবলৈ ঘটনাস্থলীত অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷দেওবাৰৰ মাজনিশা চলোৱা অভিযানত আৰু এটা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত মৃত্যুৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পাইছে । ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ), অগ্নিনিৰ্বাপক সেৱা, দিল্লী আৰক্ষী, আৰু অন্যান্য সংস্থাসমূহৰ দলসমূহে এই স্থানত গধুৰ ধ্বংসাৱশেষ পৰিষ্কাৰৰ বাবে কাম কৰি আছে ।
Read More