26
Oct
উত্তৰ-পূব সীমান্ত ৰে'লৱেই যাত্ৰীসকলৰ সুবিধাৰ ক্ষেত্ৰত এক নতুন সংযোজন হিচাপে ২৩ অক্টোবৰৰ দিনা সন্ধিয়াৰ ভাগত গুৱাহাটী ৰে'লৱে ষ্টেচনৰ সমীপত 'দ্য টার্মিনেল' নামৰ এক বিশেষ স্থান মুকলি কৰে। এই স্থানত খাদ্য গ্রহণ, বজাৰ কৰা আৰু মনোৰঞ্জনৰ সুবিধা একেখন ঠাইতে উপলব্ধ হ'ব। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে প্ৰধান মুখ্য বাণিজ্যিক প্ৰবন্ধক নীৰজ সাহায় আৰু লামডিং মণ্ডলৰ মণ্ডল ৰে'লৱে প্ৰবন্ধক সমীৰ লোহানীৰ উপস্থিতিত এই বিশেষ স্থান উদ্বোধন কৰে। গুৱাহাটী ৰে'লৱে ষ্টেচনৰ ষ্টেচন ৰোডৰ পাণবজাৰস্থিত পুৰণি যাত্ৰী সংৰক্ষণ ব্যৱস্থা ভৱনৰ এলেকাত এই সুবিধা গঢ়ি তোলা হৈছে। 'দ্য টার্মিনেল'ত ৰে'লযাত্ৰী, পৰিয়াল আৰু আন দর্শনার্থীসকলে খাদ্য গ্রহণ, জিৰণি আৰু অৱসৰ বিনোদনৰ বাবে এক সুবিধাজনক…
