এছআইআৰ প্ৰক্ৰিয়া বন্ধৰ দাবীত অব্যাহত আছে কংগ্ৰেছৰ প্ৰতিবাদ

এছআইআৰ প্ৰক্ৰিয়া বন্ধৰ দাবীত অব্যাহত আছে কংগ্ৰেছৰ প্ৰতিবাদ ৷ তাৰমাজতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বিতৰ্কিত মন্তব্যই বিজেপিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে বিহাৰ ভ্ৰমণত ব্যস্ত থকাৰ সমতে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কঠোৰ বাক্যবাণ প্ৰয়োগ কৰে ৷ যাৰ ফলত গেৰুৱা দলটোৰ প্ৰতিগৰাকী নেতা, মন্ত্ৰী-বিধায়কে খাৰ্গেক কঠোৰ সমালোচনা কৰে ৷প্ৰধানমন্ত্ৰী মোদীক সমালোচনাৰে থকা-সৰকা কৰি কৈছিল যে, ‘মোদী কা বাপ ভী জায়েগা’ অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ পিতৃও যাব লাগিব ৷ কংগ্ৰেছ নেতাগৰাকীয়ে সমালোচনা কৰিবলৈ নেৰিলে ৷ যাৰ বাবেই ক্ষুব্ধ হৈ পৰিছে বিজেপি নেতৃত্ব, দলীয় কৰ্মী, নেতা-পালিনেতাসকল ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *