31
Oct
আগন্তুক আইপিএল ২০২৭ ছিজনৰ বাবে মুম্বাই ইণ্ডিয়ানছ ফ্ৰেঞ্চাইজত এক ডাঙৰ পৰিৱৰ্তনৰ সম্ভাৱনাই দেখা দিছে। প্ৰকাশিত প্ৰতিবেদন অনুসৰি, অভিজ্ঞ ক্ৰিকেটাৰ ৰোহিত শৰ্মা পুনৰ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে প্ৰত্যাৱৰ্তন কৰাৰ সম্ভাৱনা থকাৰ বিপৰীতে উদীয়মান তাৰকা তিলক বাৰ্মাক উপ-অধিনায়কৰ দায়িত্ব দিয়া হ’ব পাৰে। ২০২৪ চনত ৰোহিত শৰ্মাৰ স্থলাভিষিক্ত হোৱা অধিনায়ক হাৰ্দিক পাণ্ডিয়াক অন্য এটা ফ্ৰেঞ্চাইজিলৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া চলি আছে। যোৱা দুটা ছিজনত ৰোহিতে কেৱল 'ইম্পেক্ট প্লেয়াৰ' হিচাপে খেলিছিল। কিন্তু ৩৯ বছৰীয়া ৰোহিতে যদি পুনৰ অধিনায়কত্বৰ দায়িত্ব গ্ৰহণ কৰে, তেন্তে তেওঁ আৰু 'ইম্পেক্ট প্লেয়াৰ' হিচাপে খেলাৰ সুবিধা নাপাব। আইপিএল ২০২৭-ৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে নিজৰ কোচিং বিভাগত ব্যাপক সালসলনি ঘটাইছে। কিৰণ পোলার্ডক মুখ্য কোচ…
