25
May
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ উত্তেজনাই শিখৰত উপনীত হৈছে। মঙলবাৰে ধৰ্মশালাত অনুষ্ঠিত হ’বলগীয়া কোৱালিফায়াৰ ১ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু গুজৰাট টাইটানছৰ মুখামুখি হ’ব। এই মেচখনৰ বিজয়ী দলে পোনপটীয়াকৈ ফাইনেললৈ আগবাঢ়িব, আনহাতে পৰাজয়ী দলটোৱে কোৱালিফায়াৰ ২ খেলিব লাগিব।লীগ পৰ্যায়ত দুয়োটা দলে ১৪খন মেচত ১৮ পইণ্টকৈ লাভ কৰিছিল যদিও নেট ৰান ৰেটৰ উন্নতিৰ বাবে আৰ চি বিয়ে টেবুলৰ শীৰ্ষস্থান দখল কৰি কোৱালিফায়াৰ ১ৰ বাবে যোগ্যতা অৰ্জন কৰে। ৰজত পাটিদাৰৰ অধিনায়কত্বত আৰ চি বিয়ে এই ছিজনত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। দলটোৱে ধাৰাবাহিকভাৱে আক্ৰমণাত্মক বেটিং কৰিছিল, কেইবাবাৰো ২০০ৰো অধিক ৰান অৰ্জন কৰিছিল। বিৰাট কোহলীৰ অভিজ্ঞতা, ফিল ছল্টৰ বিস্ফোৰক আৰম্ভণি, আৰু…
