11
Jul
বিশ্বকাপ ২০২৬-ৰ কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে কোনো গ’ল কৰিব নোৱাৰা স্বত্বেও, স্পেইনৰ তৰুণ তাৰকা খেলুৱৈ লামিন ইয়ামাল খেলপথাৰত তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে 'প্লেয়াৰ অফ দ্য মেচ' বিবেচিত হৈছে। আজি অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেল মেচখনত স্পেইনে বেলজিয়ামক ২-১ গ'লত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। ১৮ বছৰীয়া বাৰ্চিলোনাৰ এই তাৰকাগৰাকীয়ে চলিত বিশ্বকাপত এতিয়ালৈকে মাত্ৰ এটা গ'ল (চৌদি আৰৱৰ বিৰুদ্ধে) হে কৰিবলৈ সক্ষম হৈছে। মেচৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ইয়ামালে কয়-মই গ’ল কৰিব বিচাৰোঁ, কিন্তু মই কেৱল গ’ল কৰাৰ কথা ভাবি খেলপথাৰত নামি নপৰো। দলক জিকাত সহায় কৰাটোহে মোৰ আটাইতকৈ ডাঙৰ লক্ষ্য। যদি স্পেইনে বিশ্বকাপ জয় কৰে, তেন্তে মই কেইটা গ’ল…
