ভাৰতৰ উদীয়মান জুডো খেলুৱৈ অস্মিতা দে’ই গ্লাছগো কমনৱেলথ গেমছ ২০২৬-ত এক নতুন ইতিহাস ৰচনা কৰিছে। মহিলাৰ ৪৮ কেজি শাখাৰ চূড়ান্ত যুঁজত কানাডাৰ হাইডি ক্ৰৱাক পৰাস্ত কৰি অস্মিতাই স্বৰ্ণ পদক বুটলি লয়। এই সফলতাৰ জৰিয়তে তেওঁ কমনৱেলথ গেমছৰ জুডো প্ৰতিযোগিতাত সোণৰ পদক জিকা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়।
নিয়মীয়া সময়ত খেলখন সমতাত শেষ হোৱাৰ পাছত ‘গোল্ডেন স্ক’ৰ’ পৰ্যায়ত অস্মিতাই সুন্দৰ টেকনিক প্ৰদৰ্শন কৰি জয়সূচক পইণ্ট অৰ্জন কৰে। ইয়াৰ পূৰ্বে তেওঁ কোৱাৰ্টাৰ ফাইনেলত স্কটলেণ্ডৰ ইভা ইৱিং আৰু চেমিফাইনেলত স্কটলেণ্ডৰেই ছাৰা এডলিংটনক পৰাস্ত কৰি ফাইনেলত স্থান সুনিশ্চিত কৰিছিল।
ত্ৰিপুৰাৰ বেলোনিয়াৰ এক অতি সাধাৰণ পৰিয়ালৰ কন্যা অস্মিতাই নিজৰ কষ্ট আৰু একাগ্ৰতাৰে এই সাফল্য অৰ্জন কৰি দেশলৈ গৌৰৱ কাঢ়িয়াই আনিছে। তেওঁৰ লক্ষ্য এতিয়া অলিম্পিকত ভাৰতৰ হৈ পদক জয় কৰা।
