২৩ অক্টোবৰত ছবি গৃহলৈ আহিব “ৰাইজিং চান” নামৰ অসমীয়া চলচ্চিত্ৰ।অসমৰ প্ৰায় ৪০টাকৈ ছবি গৃহত মুকলি পাব ছবি খনে।
ৰাজ্যৰ লাখ লাখ দিব্যাংগ লোকৰ সমস্যাক লৈ নিৰ্মাণ কৰা হৈছেRISING SUNৰ। বুধবাৰে বেলতলা মেট্ৰিক্স চিনেমা হ’লত প্ৰদৰ্শন ছবিখনৰ প্ৰিমিয়াৰ শ্ব’।প্ৰিমিয়াৰ শ্ব’ অনুষ্ঠানত উপস্থিত প্ৰাক্তন সমাজকল্যাণ বিভাগৰ মন্ত্ৰী তথা বিপিএফৰ নেত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আকাশ দলে।
ছবিখনত
ৰাজ্যৰ প্ৰায় সংখ্যক দিব্যাংগ লোকৰ সমস্যা আৰু চৰকাৰৰ মাজত হোৱা সংঘাতৰ কথা ছবিখনে স্পষ্ট কৰিছে।
উল্লেখ্য যে পূৰ্ন্যদৈৰ্ঘৰ ছবিখনৰ কাহিনী আৰু পৰিচালনা মনোজ বৈশ্য আৰু প্ৰযোজনা কৰিছে নৃপেন মালাকাৰে।
