25
Nov
অসমক ডিজিটেলভাৱে সবল আৰু প্ৰযুক্তি-চালিত ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে, অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগ আৰু ভাৰতী এয়াৰটেল লিমিটেডে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত যোৰহাট আৰু শিলচৰত দুটা অত্যাধুনিক ডাটা চেন্টাৰ স্থাপনৰ বাবে এখন বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰে। এই বুজাবুজিৰ চুক্তিখনত তথ্য প্ৰযুক্তি বিভাগৰ আয়ুক্ত আৰু সচিব নন্দিতা দত্ত আৰু ভাৰতী এয়াৰটেল লিমিটেডৰ অসম আৰু উত্তৰ-পূবৰ চাৰ্কল হেড (বাণিজ্যিক) প্ৰিয়ংকা জৈনে স্বাক্ষৰ কৰে। সমবেত লোকসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অসম চৰকাৰ আৰু ভাৰতী এয়াৰটেল লিমিটেডৰ মাজৰ এই দীৰ্ঘম্যাদী অংশীদাৰিত্বই অসমৰ অৰ্থনৈতিক আৰু প্ৰযুক্তিগত ৰূপান্তৰৰ এক নতুন মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিব। তেওঁ…
