অসম

৩৬ হাজাৰ বাহনৰ তথ্যৰে ভাৰতীয় পথৰ বাবে ট্ৰেফিক মডেল তৈয়াৰ আইআইটি-গুৱাহাটীৰ

৩৬ হাজাৰ বাহনৰ তথ্যৰে ভাৰতীয় পথৰ বাবে ট্ৰেফিক মডেল তৈয়াৰ আইআইটি-গুৱাহাটীৰ

ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান গুৱাহাটীৰ (আইআইটি-জি) গৱেষকসকলে দিল্লীৰ সমীপৰ এটা ঘাইপথৰ পৰা উচ্চ ৰিজ'লিউশ্যনৰ ড্ৰোণ-ভিত্তিক তথ্য ব্যৱহাৰ কৰি ভাৰতৰ ভিন্নধৰ্মী পথৰ অৱস্থাত যান-জঁটৰ গতিবিধি বিশ্লেষণ আৰু ভৱিষ্যদ্বাণী কৰিব পৰা ট্ৰেফিক ষ্ট্ৰিম মডেল বিকশিত কৰিছে। অসামৰিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক অখিলেশ কে মৌৰ্যৰ নেতৃত্বত চলা এই অধ্যয়নত ৩৬,০০০ৰো অধিক বাহন আৰু প্ৰায় ৯০ লাখ বাহনৰ অৱস্থান অনুসৰণ কৰা হৈছিল। এই তথ্যৰ ভিত্তিত গাণিতিক আৰু মেচিন লাৰ্নিং মডেল বিকশিত কৰা হৈছে। গৱেষক দলে দিল্লীৰ উপকণ্ঠৰ এটা আঠ লেনযুক্ত বিভাজিত ঘাইপথত দিনৰ ভাগত ড্ৰোণ ব্যৱহাৰ কৰি ভিডিঅ' সংগ্ৰহ কৰে। তথ্যৰ পৰা দেখা গ'ল যে খালী পথত বাহনে অধিক ব্যৱধান ৰাখে, মধ্যমীয়া ভিৰত ব্যৱধান কমি যায়,…
Read More
অভিযুক্তক আদালতত হাজিৰ কৰাৰ ২৪ ঘণ্টাৰ সীমা আটকৰ সময়ৰ পৰাই আৰম্ভ হ’ব: উচ্চতম ন্যায়ালয়

অভিযুক্তক আদালতত হাজিৰ কৰাৰ ২৪ ঘণ্টাৰ সীমা আটকৰ সময়ৰ পৰাই আৰম্ভ হ’ব: উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়যোগে স্পষ্ট কৰি দিছে যে এজন আটক কৰা ব্যক্তিক মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ কৰোৱাৰ সংবিধান সন্মত ২৪ ঘণ্টাৰ সময়সীমা আনুষ্ঠানিক গ্ৰেপ্তাৰ দেখুওৱাৰ সময়ৰ পৰা নহয়, বৰঞ্চ তেওঁক প্ৰকৃততে আটক কৰা মুহূৰ্তৰ পৰাই আৰম্ভ হ’ব। ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ অতুল এছ চন্দুৰকাৰৰ যৌথ বিচাৰপীঠে এই ঐতিহাসিক সিদ্ধান্ত প্ৰদান কৰে। ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে যদি কোনো ব্যক্তিক মেজিষ্ট্ৰেটৰ সমুখত হাজিৰ নকৰাকৈ ২৪ ঘণ্টাতকৈ অধিক সময় আটক কৰি ৰখা হয়, তেন্তে তেওঁক লগে লগে মুক্তি দিব লাগিব। মেজিষ্ট্ৰেটৰ আদালতলৈ প্ৰয়োজনীয় ভ্ৰমণৰ সময়খিনিয়েই কেৱল ২৪ ঘণ্টাৰ এই ম্যাদৰ পৰা বাদ পৰিব। আদালতৰ মতে, 'আটক' আৰু 'গ্ৰেপ্তাৰ'ৰ মাজত কোনো কৃত্রিম…
Read More
ৰাহুল গান্ধীক ‘অধিক সাংসদ জয়ী হ’বলৈ’ ৭ চৰ্ত কিৰেন ৰিজিজুৰ; মুকলি বিতৰ্কৰ প্ৰত্যাহ্বানক লৈ সৰৱ বিজেপি-কংগ্ৰেছ

ৰাহুল গান্ধীক ‘অধিক সাংসদ জয়ী হ’বলৈ’ ৭ চৰ্ত কিৰেন ৰিজিজুৰ; মুকলি বিতৰ্কৰ প্ৰত্যাহ্বানক লৈ সৰৱ বিজেপি-কংগ্ৰেছ

কংগ্ৰেছ দলৰ সাংসদৰ সংখ্যা বৃদ্ধি কৰিবলৈ হ’লে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কি কি পদক্ষেপ গ্ৰহণ কৰা উচিত, সেই সম্পৰ্কত ৭টা চৰ্ত প্ৰকাশ কৰিছে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে। সমাজিক মাধ্যম 'এক্স'ৰ এটা পোষ্টযোগে ৰিজিজুৱে ৰাহুল গান্ধীক সঘনাই কৰা গোপন বিদেশ ভ্ৰমণ পৰিহাৰ কৰি দেশত অধিক সময় অতিবাহিত কৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ উপৰি "ভাৰত বিৰোধী" বুলি অভিহিত কৰা ব্যক্তিসকলক সাক্ষাৎ কৰা আৰু তেওঁলোকৰ এজেণ্ডা প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈও বিজেপি নেতাগৰাকীয়ে আহ্বান জনায়। প্ৰস্তুত কৰা চৰ্তসমূহৰ ভিতৰত বিজেপি, আৰ এছ এছ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি থকা "গভীৰ ঘৃণা" ত্যাগ কৰি বিজেপিক শত্ৰুৰ পৰিৱৰ্তে কেৱল ৰাজনৈতিক প্ৰতিপক্ষ হিচাপে…
Read More
বিলাস ইন গুলীচালনাৰ পাছত বৰপেটাত ভৰালী পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জনালে গৌৰৱ গগৈয়ে

বিলাস ইন গুলীচালনাৰ পাছত বৰপেটাত ভৰালী পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জনালে গৌৰৱ গগৈয়ে

অসম প্ৰদেশ কংগ্ৰেছ কমিটি (এপিচিচি)ৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে বুধবাৰে গুৱাহাটীৰ হোটেল বিলাস ইন গুলীচালনাৰ ঘটনাত নিহত হোৱা ভৰালী পৰিয়ালৰ বৰপেটাৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলক সমবেদনা জনায়। ভুক্তভোগীৰ আত্মীয়সকলক সাক্ষাৎ কৰি গগৈয়ে ঘটনাটোক গভীৰভাৱে মৰ্মান্তিক বুলি অভিহিত কৰি কয় যে পৰিয়ালটোৱে ভোগা ক্ষতি অপূৰণীয়। "মই বৰপেটাত ভৰালী পৰিয়ালৰ সদস্য আৰু আত্মীয়সকলক তেওঁলোকৰ বাসগৃহত সাক্ষাৎ কৰি আন্তৰিক সমবেদনা জনালোঁ। হোটেল বিলাস ইনত সংঘটিত নৃশংস গুলীচালনাই আমাক সকলোকে স্তম্ভিত কৰি তুলিছে। আপোনজনক হেৰুওৱাৰ যন্ত্ৰণা কোনো শব্দৰে লাঘৱ কৰিব নোৱাৰি। এই কঠিন সময়ত মই শোকসন্তপ্ত পৰিয়ালৰ কাষত আছোঁ আৰু প্ৰয়াত আত্মাসকলৰ চিৰশান্তি কামনা কৰিছোঁ," তেওঁ কয়। ভ্ৰমণৰ পাছত সাংবাদিকৰ আগত…
Read More
শিক্ষা মন্ত্ৰী ৰণোজ পেগু আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উদ্বোধন কৰিব গ্ৰন্থ মেলা

শিক্ষা মন্ত্ৰী ৰণোজ পেগু আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উদ্বোধন কৰিব গ্ৰন্থ মেলা

উত্তৰ-পূব ৰাষ্ট্ৰীয় গ্ৰন্থ মেলা প্ৰথমবাৰৰ বাবে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত ১ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব। কিতাপৰ প্ৰচাৰ আৰু পঢ়াৰ সংস্কৃতি গঢ়ি তোলাৰ লক্ষ্যৰে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) আৰু পাব্লিছাৰ্ছ এণ্ড বুক চেলাৰ্ছ গিল্ড, উত্তৰ-পূবে যৌথভাৱে এই গ্ৰন্থ মেলাৰ আয়োজন কৰিব। গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমাধ্যমৰ আগত বিধায়ক তথা কাৰ্যবাহী সদস্য (বড়োলেণ্ড, শিক্ষা বিভাগ) ৰবিৰাম নাৰ্জাৰীয়ে কোকৰাঝাৰত গ্ৰন্থ মেলা আয়োজনৰ প্ৰস্তুতি চলি থকা বুলি জনায়। বিটিচিৰ প্ৰাক্তন উপ-মুখ্য তথা বৰ্তমানৰ এমচিএলএ কাম্পা বৰগয়াৰীৰ সভাপতিত্বত এখন আয়োজক সমিতি গঠন কৰা হৈছে। অসমৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগু আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ১ ডিচেম্বৰত কোকৰাঝাৰ ফিল্ডত গ্ৰন্থ মেলাখন উদ্বোধন কৰিব। নাৰ্জাৰীয়ে কয় যে…
Read More
আমেৰিকান মিডটাৰ্ম নিৰ্বাচনত দলীয় পৰাজয়ৰ বাবে ৰিপাব্লিকান পাৰ্টিৰ নেতৃত্বই ড’নাল্ড ট্ৰাম্পক কৰিলে জগৰীয়া

আমেৰিকান মিডটাৰ্ম নিৰ্বাচনত দলীয় পৰাজয়ৰ বাবে ৰিপাব্লিকান পাৰ্টিৰ নেতৃত্বই ড’নাল্ড ট্ৰাম্পক কৰিলে জগৰীয়া

​আমেৰিকাত অনুষ্ঠিত হৈ যোৱা গুৰুত্বপূৰ্ণ মিডটাৰ্ম নিৰ্বাচনৰ ফলাফল স্পষ্ট হৈ অহাৰ লগে লগে ৰিপাব্লিকান পাৰ্টিৰ ভিতৰত পৰাজয়ৰ গম্ভীৰতা লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিৰ্বাচনৰ পূৰ্বে প্ৰতিনিধি সভাত সংখ্যাগৰিষ্ঠতা হ্ৰাস পোৱাৰ আশংকা কৰা হৈছিল যদিও চিনেটত দলৰ প্ৰদৰ্শন ভাল হ’ব বুলি একাংশ নেতাই আশা কৰিছিল। কিন্তু বৰ্তমান উভয় সদনতে দলৰ নিয়ন্ত্ৰণ খহি পৰাত ৰিপাব্লিকান শিবিৰত হাহাঁকাৰ লাগিছে। দলৰ জ্যেষ্ঠ নেতা তথা টেক্সাছৰ অভিজ্ঞ ৰিপাব্লিকান লবীষ্ট বিল মিলাৰে স্পষ্টভাৱে কয় যে এই পৰাজয়ৰ সম্পূৰ্ণ দায়িত্ব কেৱল ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰেই। তেওঁ ইয়াক ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ প্ৰতি জনসাধাৰণৰ পোনপটীয়া প্ৰত্যাখ্যান বুলি অভিহিত কৰে। দীৰ্ঘদিন ধৰি ডেম’ক্ৰেটসকলৰ দখললৈ নোযোৱা টেক্সাছ আৰু চাউথ কেৰ’লাইনাৰ দৰে গুৰুত্বপূৰ্ণ ৰাজ্যতো…
Read More
মুকলি বিতৰ্কৰ বাবে প্ৰধানমন্ত্ৰীক প্ৰত্যাহ্বান ৰাহুল গান্ধীৰ; উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মুকলি বিতৰ্কৰ বাবে প্ৰধানমন্ত্ৰীক প্ৰত্যাহ্বান ৰাহুল গান্ধীৰ; উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মুকলি তৰ্কৰ প্ৰত্যাহ্বান জনোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৰাজপথৰ পৰিৱৰ্তে সংসদৰ মজিয়াত বিষয়সমূহ উত্থাপন কৰিবলৈ তীক্ষ্ণ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে বিৰোধী নেতাজনক কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে কোনো হট্টগোল নকৰাকৈ সদন নিৰৱচ্ছিন্নভাৱে চলিবলৈ দিয়াৰ পৰামৰ্শ আগবঢ়ায়। সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, "আপুনি বিৰোধীৰ এজন নেতা আৰু সেই কথা আপুনি নিজেই জানে। তেন্তে মোক কওক, আপোনাৰ আৰু প্ৰধানমন্ত্ৰীৰ মাজত বিতৰ্ক ৰাজপথত হ’ব লাগে নে সংসদত?" বিদেশ নীতি আৰু চৰকাৰৰ স্থিতি সন্দৰ্ভত ৰাহুল গান্ধীয়ে কৰা অভিযোগৰ প্ৰসংগও উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সংসদত এক সুস্থ বিতৰ্ক অনুষ্ঠিত হ’লে বোফৰ্ছ কেলেংকাৰী আৰু ভোপাল গেছ ট্ৰেজেডীকে ধৰি…
Read More
কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ঘোষণা; আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তলৈ শীৰ্ষ সন্মান

কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ঘোষণা; আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তলৈ শীৰ্ষ সন্মান

অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ মুৰব্বী তথা গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ড০ পাৰ্থ সাৰথি মহন্তলৈ আগবঢ়োৱা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সন্মানীয় ‘কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬’। উগ্ৰপন্থী বিৰোধী অভিযান আৰু ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক সফলতাৰ বাবে দেশৰ শীৰ্ষ নিৰাপত্তা পদকেৰে বিভূষিত কৰা হয় আৰক্ষী বিষয়াজনক। গৃহ মন্ত্ৰালয়ে সদৰী কৰা মতে, যোৱা ৩১ অক্টোবৰত দেশজুৰি ঘোষিত মুঠ ৪৯০ গৰাকী আৰক্ষী বিষয়া-জোৱানৰ তালিকাত অসমৰ ১৯ গৰাকী আৰক্ষী বিষয়াই এই সন্মান লাভ কৰে। আৰক্ষী মহা-পৰিদৰ্শক পদমৰ্যাদাৰ বিষয়া পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত ২০২৩ চনৰ মাৰ্চ মাহৰ পৰা বিশেষ টাস্ক ফ’ৰ্চে আইছিছ, জেহাদী সংগঠন, মাওবাদী আৰু আলফা স্বাধীনৰ সৈতে জড়িত ২১ জন লোকক কৰায়ত্ত কৰে। বিশেষকৈ ২০২৪…
Read More
স্কিল ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰৰ বাবে MSDE আৰু অসম চৰকাৰৰ মাজত MoU স্বাক্ষৰ

স্কিল ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰৰ বাবে MSDE আৰু অসম চৰকাৰৰ মাজত MoU স্বাক্ষৰ

উত্তৰ-পূব পৰ্যটন আৰু আতিথ্য দক্ষতা সন্মিলন ২০২৬ আজি গুৱাহাটীত অনুষ্ঠিত হয়, য’ত কেন্দ্ৰীয় দক্ষতা উন্নয়ন আৰু উদ্যমিতা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) জয়ন্ত চৌধুৰী আৰু অসমৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীকে ধৰি আন বহুজনে অংশগ্ৰহণ কৰে। সন্মিলনখনে পৰ্যটন-ভিত্তিক দক্ষতা শক্তিশালীকৰণ, উদ্যোগৰ অংশীদাৰিত্ব আৰু উত্তৰ-পূবৰ যুৱক-যুৱতীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় গতিশীলতাৰ সুযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই উপলক্ষতে দক্ষতা উন্নয়ন আৰু উদ্যমিতা মন্ত্ৰালয় (MSDE) আৰু অসম চৰকাৰৰ মাজত স্কিল ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ (SIIC) স্থাপনৰ বাবে এখন বুজাবুজি চুক্তি (MoU) বিনিময় কৰা হয়, লগতে নুমলীগড় ৰিফাইনেৰী লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডৰ সৈতে PM-SETU ক্লাষ্টাৰৰ অভিপ্ৰায় পত্ৰ (LoI) বিনিময় কৰা হয়। এই অংশীদাৰিত্বসমূহে…
Read More
নুডলছত জ্বলা বেছি হোৱাক লৈ তৰ্কাতৰ্কি! বেংগালুৰুত অসমৰ তিনিজনক নিৰ্মম প্ৰহাৰ

নুডলছত জ্বলা বেছি হোৱাক লৈ তৰ্কাতৰ্কি! বেংগালুৰুত অসমৰ তিনিজনক নিৰ্মম প্ৰহাৰ

এখন ফাষ্ট ফুডৰ দোকানত খাদ্যত অধিক জ্বলা হোৱাৰ অভিযোগ তুলি তিনিগৰাকী কৰ্মচাৰীক নিৰ্মমভাৱে প্ৰহাৰ কৰে তিনি সুৰাপায়ী গ্ৰাহকে। সোৱাদৰ সামান্য তাৰতম্যক লৈ আৰম্ভ হোৱা তৰ্কাতৰ্কিয়ে কিছু সময়ৰ ভিতৰতে ভয়ংকৰ ৰূপ ধাৰণ কৰে। ইলেক্ট্ৰনিক চিটিৰ সমীপৰ ডোড্নাথোগুৰু অঞ্চলত ২৯ অক্টোবৰৰ নিশা সংঘটিত এই আক্ৰমণৰ বলি হোৱা আটাইকেইগৰাকী কৰ্মচাৰী অসমৰ বাসিন্দা। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, আক্ৰমণত আহত হোৱা লোক তিনিজনক দীপক থাপা, হেমা আৰু লক্ষ্মী লামা বুলি চিনাক্ত কৰা হৈছে। সুৰাৰ নিচাত থকা নাগৰাজ, চান্দ্ৰু আৰু দেৱৰাজ নামৰ তিনি অভিযুক্তই খাদ্যৰ জোখক লৈ প্ৰথমে দোকানখনৰ কৰ্মচাৰীসকলৰ সৈতে তৰ্কত লিপ্ত হয়। কথা-কটাকটিৰ মাজতে অভিযুক্তকেইজনে তিনি কৰ্মচাৰীক মাটিত বগৰাই উপৰ্যুপৰি ঘোচা আৰু গোৰ শোধায়।…
Read More