গড্ৰেজ ফাউণ্ডেচনৰ সৈতে সংস্কৃতি মন্ত্ৰালয়ৰ অংশীদাৰিত্ব: ইণ্ডিয়া বিয়েনালে ২০২৬ত স্থাপন হ’ব বিশেষ পেভিলিয়ন

নতুন দিল্লীৰ পুৰণা কিলাত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়া বিয়েনালে ২০২৬ত গড্ৰেজ পেভিলিয়ন স্থাপনৰ বাবে গড্ৰেজ ফাউণ্ডেচনে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয় আৰু স্থাপত্য প্ৰতিষ্ঠান এইউআৰ-ৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। এই প্ৰদৰ্শনীখন ২০২৬ চনৰ ৪ ডিচেম্বৰৰ পৰা ২০২৭ চনৰ ২১ মাৰ্চলৈ অনুষ্ঠিত হ’ব। এই অস্থায়ী প্ৰদৰ্শনী আৰু সাংস্কৃতিক ক্ষেত্ৰ ২০২৬ চনৰ ৪ ডিচেম্বৰত উদ্বোধন কৰা হ’ব। মোগল স্থাপত্যৰ জ্যামিতিক ধেনুভেৰীয়া তোৰণ(আৰ্চ)ৰ  পৰা অনুপ্ৰাণিত হৈ ইয়াৰ ডিজাইন শ্বেড’জ অৱ দ্য আৰ্চেছ থিমৰ ওপৰত আধাৰিত কৰি প্ৰস্তুত কৰা হৈছে। ঐতিহাসিক কীৰ্তিচিহ্নৰ যাতে কোনো ক্ষতি নহয়, সেইবাবে পেভিলিয়নটো নিৰ্মাণৰ ক্ষেত্ৰত অস্থায়ী, পৰিৱেশৰ ওপৰত কম প্ৰভাৱ পেলোৱা আৰু পুনৰ ব্যৱহাৰযোগ্য নিৰ্মাণ পদ্ধতি অৱলম্বন কৰা হ’ব।

তৎ ত্বম অছ — ইউ আৰ ডেট মূল বিষয়বস্তুৰে দিল্লীৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ’বলগীয়া এই প্ৰদৰ্শনীখন ১০৮ দিন ধৰি চলিব। ইয়াত সমসাময়িক কলা, ডিজাইন আৰু স্থাপত্য প্ৰদৰ্শন কৰা হ’ব। গড্ৰেজ পেভিলিয়নত বিভিন্ন প্ৰদৰ্শনী, আলোচনাচক্ৰ, কৰ্মশালা আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হ’ব। চৰণ অপ্পাৰাও আৰু সায়ন্তন মৈত্ৰ বোকাৰ দ্বাৰা পৰিচালিত থ্ৰী মেজাৰ্ছ অৱ দ্য ৱৰ্ল্ড শীৰ্ষক প্ৰদৰ্শনীৰে এই কাৰ্যসূচীৰ আৰম্ভণি ঘটিব।সংস্কৃতি মন্ত্ৰালয়ৰ সচিব বিবেক আগৰৱালে এই বিষয়ে কয় যে, এই পেভিলিয়নে সমসাময়িক ডিজাইনৰ সৈতে ভাৰতৰ স্থাপত্য ঐতিহ্যক সংযোগ কৰাৰ লগতে আলোচনা, শিক্ষা আৰু ৰাইজৰ অংশগ্ৰহণৰ বাবে এক সুন্দৰ সুযোগ সৃষ্টি কৰিব। আনহাতে, গড্ৰেজ ফাউণ্ডেচনৰ মুখ্য কাৰ্যবাহী বিষয়া ওমৰ মমিনে কয় যে, এই প্ৰকল্পটোৱে পৰম্পৰাগত স্থাপত্যৰ উপাদান আৰু সমসাময়িক ডিজাইনৰ সংমিশ্ৰণৰ জৰিয়তে ভাৰতীয় কলা-সংস্কৃতিক প্ৰসাৰিত কৰিব।

গুৱাহাটী তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এই প্ৰদৰ্শীখনে ভাৰতৰ ব্যাপক সমসাময়িক কলা আৰু ডিজাইন আন্দোলনৰ সৈতে সংযোগ স্থাপনৰ এক ডাঙৰ সুযোগ আনি দিছে। ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ মাজত সাংস্কৃতিক প্ৰদৰ্শনী, স্থাপত্যৰ নতুন উদ্ভাৱন আৰু সৃজনীমূলক সহযোগিতাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *