অভিযুক্তক আদালতত হাজিৰ কৰাৰ ২৪ ঘণ্টাৰ সীমা আটকৰ সময়ৰ পৰাই আৰম্ভ হ’ব: উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়যোগে স্পষ্ট কৰি দিছে যে এজন আটক কৰা ব্যক্তিক মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ কৰোৱাৰ সংবিধান সন্মত ২৪ ঘণ্টাৰ সময়সীমা আনুষ্ঠানিক গ্ৰেপ্তাৰ দেখুওৱাৰ সময়ৰ পৰা নহয়, বৰঞ্চ তেওঁক প্ৰকৃততে আটক কৰা মুহূৰ্তৰ পৰাই আৰম্ভ হ’ব। ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ অতুল এছ চন্দুৰকাৰৰ যৌথ বিচাৰপীঠে এই ঐতিহাসিক সিদ্ধান্ত প্ৰদান কৰে। ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে যদি কোনো ব্যক্তিক মেজিষ্ট্ৰেটৰ সমুখত হাজিৰ নকৰাকৈ ২৪ ঘণ্টাতকৈ অধিক সময় আটক কৰি ৰখা হয়, তেন্তে তেওঁক লগে লগে মুক্তি দিব লাগিব। মেজিষ্ট্ৰেটৰ আদালতলৈ প্ৰয়োজনীয় ভ্ৰমণৰ সময়খিনিয়েই কেৱল ২৪ ঘণ্টাৰ এই ম্যাদৰ পৰা বাদ পৰিব। আদালতৰ মতে, ‘আটক’ আৰু ‘গ্ৰেপ্তাৰ’ৰ মাজত কোনো কৃত্রিম পাৰ্থক্য অনাটো সাংবিধানিকভাৱে নিষিদ্ধ।

আনকি ২৪ ঘণ্টাৰ ভিতৰতো বি এন এছ এছ (BNSS)-ৰ ৫৮ নং ধাৰা অনুসৰি আটকৰ সময় যুক্তিপূৰ্ণ হ’ব লাগিব। সংবিধানৰ ২২(২) অনুচ্ছেদৰ উলংঘন যাতে নহয়, তাৰ বাবে মেজিষ্ট্ৰেটসকলে আটকৰ প্ৰকৃত তাৰিখ আৰু সময় লিপিবদ্ধ কৰাটো বাধ্যতামূলক।নিয়ন্ত্ৰিত নিচাজাতীয় দ্ৰব্য (১১.০৩ কেজি মেথামফেটামিন টেবলেট) গোচৰত এজন অভিযুক্তক ২০২৫ চনৰ ২৯ ছেপ্টেম্বৰত আটক কৰা হৈছিল, কিন্তু তদন্তকাৰী সংস্থাই ৩০ ছেপ্টেম্বৰতহে আনুষ্ঠানিক গ্ৰেপ্তাৰ দেখুৱাইছিল। তদন্ত সংস্থাই দাবী কৰিছিল যে গ্ৰেপ্তাৰৰ নথিভুক্ত সময়ৰ পৰাহে ২৪ ঘণ্টা গণনা কৰা হ’ব। কিন্তু শীর্ষ আদালতে এই যুক্তি নাকচ কৰি তেনে পদক্ষেপক সম্পূর্ণ বেআইনী বুলি ঘোষণা কৰে।

বিচাৰপীঠে মন্তব্য কৰে, “সংবিধানৰ ২২(২) অনুচ্ছেদে তদন্তৰ অজুহাতত ব্যক্তিস্বাধীনতা খৰ্ব কৰি আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ নেদেখুৱাকৈ কোনো ‘বাফাৰ জ’ন’ বা সুৰক্ষিত সময় সৃষ্টি কৰাৰ অনুমতি নিদিয়ে। এনে বাফাৰ জ’নৰ ধাৰণা সম্পূর্ণ অসাংবিধানিক।” আদালতে কয় যে জিম্মাত হোৱা হিংসা ভাৰতৰ এক দুৰ্ভাগ্যজনক আৰু বাস্তৱিক সমস্যা। তদন্তৰ নামত আৰক্ষীয়ে দ্বিতীয় বা তৃতীয় পৰ্যায়ৰ অত্যাচাৰ চলাবলৈ গ্ৰেপ্তাৰ নথিভুক্ত নকৰাকৈ বা সুদীৰ্ঘ সোধা-পোছাৰ নামত স্বাধীনতা হৰণ কৰাৰ যি প্ৰৱণতা চলায়, তাক ৰোধ কৰিবলৈকে সংবিধানত এই সুৰক্ষাকৱচ স্থাপন কৰা হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *