মণিপুৰ

মইৰাং সংগ্ৰহালয়ত আই এন এ শ্বহীদক উপ-ৰাষ্ট্ৰপতিৰ শ্ৰদ্ধাঞ্জলি

মইৰাং সংগ্ৰহালয়ত আই এন এ শ্বহীদক উপ-ৰাষ্ট্ৰপতিৰ শ্ৰদ্ধাঞ্জলি

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি মণিপুৰৰ মইৰাং স্থিত আই এন এ সংগ্ৰহালয় পৰিদৰ্শন কৰে আৰু ভাৰতীয় জাতীয় সেনা (আই এন এ)ৰ বীৰত্ব আৰু ত্যাগক শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ ভাৰতৰ মূল ভূখণ্ডত আই এন এয়ে প্ৰথমবাৰৰ বাবে ভাৰতীয় ত্ৰিৰংগ পতাকা উত্তোলন কৰা ঐতিহাসিক স্থান পৰিদৰ্শন কৰে আৰু আই এন এ যুদ্ধ সংগ্ৰহালয়ৰ গেলেৰী পৰিদৰ্শন কৰে। তেওঁ নেতাজী সুভাষ চন্দ্ৰ বসুকো পুষ্পাঞ্জলি অৰ্পণ কৰে। পিছত উপ-ৰাষ্ট্ৰপতিয়ে ইম্ফলৰ সৈনিক স্কুল পৰিদৰ্শন কৰে, য'ত তেওঁ যুদ্ধ স্মাৰকত পুষ্পাঞ্জলি অৰ্পণ কৰে আৰু কেডেটসকলে তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদান কৰে। উপ-ৰাষ্ট্ৰপতিয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামত আই এন এৰ ঐতিহাসিক ভূমিকা স্মৰণ কৰে। তেওঁ উল্লেখ কৰে যে তামিলনাডুকে ধৰি…
Read More
কাংপোকপি-চেনাপতি সীমান্তত পুনৰ উত্তেজনা: তিনিটা ঘৰ জ্বলাই দিলে দুৰ্বৃত্তই

কাংপোকপি-চেনাপতি সীমান্তত পুনৰ উত্তেজনা: তিনিটা ঘৰ জ্বলাই দিলে দুৰ্বৃত্তই

সোমবাৰে দুপৰীয়াৰ ভাগত মণিপুৰৰ কাংপোকপি জিলাৰ কাইলেনজাং কুকি গাঁৱত তিনিটা বাসগৃহত জুই লগাই দিয়াৰ খবৰ পোৱা গৈছে। সন্দেহযুক্ত এনএছচিএন-আইএমৰ কেডাৰসকলে অঞ্চলটোত প্ৰৱেশ কৰি গুলীচালনা কৰাৰ পিছত এই অগ্নিকাণ্ডৰ ঘটনা ঘটে বুলি স্থানীয় লোকে অভিযোগ কৰিছে। এই ঘটনাই কাংপোকপি-চেনাপতি সীমান্ত অঞ্চলত পুনৰ নিৰাপত্তাৰ উদ্বেগৰ সৃষ্টি কৰিছে। স্থানীয় বাসিন্দাৰ মতে, অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰেৰে সজ্জিত সন্দেহযুক্ত এনএছচিএন-আইএমৰ এটা দলে গাঁৱত প্ৰৱেশ কৰি প্ৰথমে গুলীচালনা কৰে আৰু তাৰ পিছত তিনিটা ঘৰত জুই লগাই দিয়ে। এই ঘটনাত কোনো লোকৰ মৃত্যু বা আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা হোৱা নাই। জুইত পুৰি ছাই হোৱা তিনিটা ঘৰ গাঁৱৰ মুৰব্বী নেংনেইচং চংলোই আৰু বাসিন্দা কমখাও চংলোই আৰু হেলথাং হাওকিপৰ বুলি জানিব…
Read More
মাইক্ৰ’ছফ্টৰ সহযোগত মণিপুৰত ডিজিটেল গভৰ্নেন্স, AI আৰু চাইবাৰ ছিকিউৰিটি কৰ্মশালাৰ শুভাৰম্ভ

মাইক্ৰ’ছফ্টৰ সহযোগত মণিপুৰত ডিজিটেল গভৰ্নেন্স, AI আৰু চাইবাৰ ছিকিউৰিটি কৰ্মশালাৰ শুভাৰম্ভ

মণিপুৰ মুখ্যমন্ত্ৰী যমনাম কেমচান্দ সিঙে বুধবাৰে ইম্ফলৰ মন্ত্ৰীপুখৰীৰ চিভিল চেক্ৰেটাৰিয়েটৰ মূল সন্মিলন কক্ষত প্ৰথম ৰাজ্য পৰ্যায়ৰ ডিজিটেল গভৰ্নেন্স, AI, চাইবাৰ ছিকিউৰিটি আৰু দক্ষতা বিকাশ কৰ্মশালাৰ শুভাৰম্ভ কৰে। মণিপুৰ চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগ আৰু মাইক্ৰ’ছফ্ট ইণ্ডিয়াৰ সহযোগত এই কৰ্মশালাখন আয়োজন কৰা হয়। সমবেত লোকসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মণিপুৰে ডিজিটেলভাৱে সবল, সৰ্বাংগীন আৰু ভৱিষ্যতৰ বাবে সাজু ৰাজ্য হিচাপে গঢ়ি উঠিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে মাইক্ৰ’ছফ্টৰ সৈতে এই সহযোগিতাই প্ৰযুক্তিৰ জৰিয়তে শাসন ব্যৱস্থাক ৰূপান্তৰিত কৰা, যুৱক-যুৱতীৰ বাবে নতুন সুযোগ সৃষ্টি কৰা আৰু প্ৰতিগৰাকী নাগৰিকৰ জীৱন উন্নত কৰাৰ চৰকাৰ অভিন্ন দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে। কেমচান্দ সিঙে লগতে কয় যে চৰকাৰে এটা সুৰক্ষিত, নাগৰিককেন্দ্ৰিক…
Read More
মণিপুৰ আৰু মিজোৰামত অসম ৰাইফেলছৰ ডাঙৰ সফলতা: ৭ বিদ্ৰোহী আটক, ৩ কোটিৰ হেৰোইন উদ্ধাৰ

মণিপুৰ আৰু মিজোৰামত অসম ৰাইফেলছৰ ডাঙৰ সফলতা: ৭ বিদ্ৰোহী আটক, ৩ কোটিৰ হেৰোইন উদ্ধাৰ

ধাৰাবাহিক চোৰাংচোৱা তথ্যভিত্তিক অভিযান চলাই অসম ৰাইফেলছৰ জোৱানে মণিপুৰত নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনৰ সাতজন কেডাৰক আটক কৰে।ভাৰত-ম্যানমাৰ সীমান্তৰ লগতে চান্দেল, টেংনৌপাল আৰু কাকচিং জিলাত চলোৱা এই অভিযানত এটা এ কে-৪৭ ৰাইফল, দুটা ম'ল'টভ ককটেইল আৰু পাঁচ জাই .২২ এমুনিচনৰ জীৱন্ত গুলি উদ্ধাৰ কৰা হয়। আটক কৰা আটাইকেইজন কেডাৰ আৰু উদ্ধাৰ হোৱা সামগ্ৰীসমূহ পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে সংশ্লিষ্ট আৰক্ষী থানাত হস্তান্তৰ কৰা হয়। এই সফল অভিযানে মণিপুৰত নিৰাপত্তা আৰু শান্তি বজায় ৰখাৰ ক্ষেত্ৰত অসম ৰাইফেলছৰ প্ৰতিশ্ৰুতিক পুনৰ প্ৰমাণ কৰিলে।আন এক অভিযানত আবকাৰী আৰু মাদক দ্ৰব্য নিয়ন্ত্ৰণ বিভাগৰ সৈতে যুটীয়াভাৱে চলোৱা অভিযানত অসম ৰাইফেলছৰ জোৱানে দেওবাৰে মিজোৰামৰ ছিয়াহা জিলাৰ ছিয়াছি গাঁৱৰ পৰা…
Read More
মনিপুৰত পৰিত্যক্ত ঘৰত জুই লগাৰ পিছত উত্তেজনা

মনিপুৰত পৰিত্যক্ত ঘৰত জুই লগাৰ পিছত উত্তেজনা

শনিবাৰে মনিপুৰৰ কাণ্টো সাবল অঞ্চলত দুৰ্বৃত্তই মেইটেই সম্প্ৰদায়ৰ লোকৰ অন্ততঃ তিনিটা পৰিত্যক্ত ঘৰত জুই লগাই দিয়াৰ পিছত উত্তেজনাৰ সৃষ্টি হয়। পিছত জুই নিয়ন্ত্ৰণলৈ অনা হয় আৰু কোনো লোকৰ প্ৰাণহানিৰ খবৰ পোৱা নাই। পৰিস্থিতি বেছি বেয়াৰ ফালে গতি কৰাত লেইমাখং আৰু কাণ্টো সাবল দুয়োটা দিশৰ পৰা অহা ভিৰ ছত্ৰভংগ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে টিয়াৰ গেছ আৰু স্মোক বম্ব ব্যৱহাৰ কৰিবলগীয়া হয়। ইয়াৰ ফলত কিছুমান লোক আহত হয়। মনিপুৰ আৰক্ষীয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, "আজি প্ৰায় ৬০ জন লোকৰ এটা ভিৰে কাণ্টো সাবলৰ ফালে আগবাঢ়িবলৈ চেষ্টা কৰিছিল। নিৰাপত্তাৰক্ষীয়ে তৎক্ষণাত হস্তক্ষেপ কৰি সম্ভাৱ্য সাম্প্ৰদায়িক সংঘৰ্ষ ৰোধ কৰে।" "দুৰ্বৃত্তই পৰিত্যক্ত ঘৰত জুই লগাবলৈ লোৱা…
Read More
চেনাপতিৰ ২৭ খন গাঁৱত খোৱা পানী যোগান ধৰিব ৰিখ্ৰুৰী বান্ধে: মুখ্যমন্ত্ৰীৰ ঘোষণা

চেনাপতিৰ ২৭ খন গাঁৱত খোৱা পানী যোগান ধৰিব ৰিখ্ৰুৰী বান্ধে: মুখ্যমন্ত্ৰীৰ ঘোষণা

বুধবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী যুমনাম খেমচন্দ সিঙে চেনাপতি জিলাৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰি জিলাখনত চলি থকা উন্নয়নমূলক প্ৰকল্পসমূহৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে ৰাইজ আৰু অসামৰিক সমাজ সংগঠন (CSO) ৰ সৈতে মত বিনিময় কৰে আৰু বিভিন্ন চৰকাৰী প্ৰকল্প আৰু আঁচনিৰ কাৰ্যকৰীকৰণৰ মূল্যায়ন কৰে। মাওৰ এটা আলু খেতি পথাৰত উপস্থিত হৈ উদ্যান শস্য আয়ুক্ত টি.এন. পানমেইয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে যে যোৱা দুবছৰ ধৰি বিভাগটোৱে পৰ্যাপ্ত পুঁজি লাভ কৰা নাই। যাৰ বাবে খেতি পথাৰখনত পূৰ্বৰ দৰে বৃহৎ পৰিমাণত উৎপাদন কৰিব পৰা হোৱা নাই। মাওৰ অনুকূল বতৰ কথা উল্লেখ কৰি সিঙে কয় যে চেনাপতি জিলাৰ মাওৰ বতৰ কেৱল আলু খেতিৰ বাবেই নহয়, ফুল আৰু অন্যান্য উদ্যান…
Read More
অসম ৰাইফলছৰ টহল দলৰ ওপৰত আক্ৰমণ, উখৰুলত নিৰাপত্তা বাহিনীৰ বৃহৎ অভিযান আৰম্ভ

অসম ৰাইফলছৰ টহল দলৰ ওপৰত আক্ৰমণ, উখৰুলত নিৰাপত্তা বাহিনীৰ বৃহৎ অভিযান আৰম্ভ

সোমবাৰে দুপৰীয়া মণিপুৰৰ উখৰুল জিলাত সন্দেহযুক্ত জংগীয়ে অসম ৰাইফলছৰ এটা টহল দলৰ ওপৰত অতৰ্কিত আক্ৰমণ চলোৱাত ২ জন অসম ৰাইফলছৰ জোৱান নিহত আৰু কেইবাজনো আহত হয়। প্ৰতিৰক্ষা সূত্ৰ মতে, উখৰুল চহৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত নুংছাংকঙত দুপৰীয়া ১.৩০ বজাত এই আক্ৰমণ সংঘটিত হয়। আহত জোৱানসকলক তৎক্ষণাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আক্ৰমণকাৰীসকলক বিচাৰি নিৰাপত্তা বাহিনীয়ে বৃহৎ প্ৰত্যাক্ৰমণ অভিযান আৰম্ভ কৰিছে। এজন জ্যেষ্ঠ প্ৰতিৰক্ষা বিষয়াই কয় যে জংগীসকলক খেদি যোৱা হৈছে আৰু এতিয়াও দুয়োপক্ষৰ মাজত গুলীচালনা চলি আছে। এই আক্ৰমণৰ নিন্দা কৰি যমুনাম খেমচান্দ সিঙে নিহত জোৱানসকলৰ পৰিয়াললৈ শোক প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে এনে হিংসাত্মক কাৰ্যক সহ্য নকৰে আৰু…
Read More
মণিপুৰৰ শ্বিৰুইত কেমেৰা ট্ৰেপত বিৰল এছিয়াটিক ক’লা ভালুকৰ ছবি বন্দী

মণিপুৰৰ শ্বিৰুইত কেমেৰা ট্ৰেপত বিৰল এছিয়াটিক ক’লা ভালুকৰ ছবি বন্দী

ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অৱ নেচাৰ (IUCN)ৰ ৰেড লিষ্টত ‘ভালনাৰেবল’ হিচাপে শ্ৰেণীভুক্ত বিৰল এছিয়াটিক ক’লা ভালুক Ursus thibetanus মণিপুৰৰ উখ্ৰুল জিলাৰ শ্বিৰুই গাঁৱত কেমেৰা ট্ৰেপৰ জৰিয়তে বন্দী হৈছে। সংৰক্ষণবিদসকলে এই দৃশ্যটোক অঞ্চলটোৰ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আৰু সমাজভিত্তিক সংৰক্ষণ প্ৰচেষ্টাই স্থানীয় পৰিৱেশতন্ত্ৰ পুনৰুদ্ধাৰত সহায় কৰাৰ ইতিবাচক ইংগিত বুলি বৰ্ণনা কৰিছে। বন্যপ্ৰাণী নিৰীক্ষণৰ এই কাৰ্য ENFOGALৰ সহ-প্ৰতিষ্ঠাপক পেট্ৰিক শ্বাঙে পৰিচালনা কৰিছিল, য’ত প্ৰাক্তন চিকাৰীৰ পৰা সংৰক্ষকলৈ ৰূপান্তৰিত হোৱা পামৰেইথিং লুইৰেইৱ’ই সহযোগ কৰিছিল। অৰণ্যৰ ভূ-প্ৰকৃতিৰ বিষয়ে লুইৰেইৱ’ৰ গভীৰ জ্ঞানে কেমেৰা-ট্ৰেপ নিৰীক্ষণৰ বাবে উপযুক্ত স্থান চিনাক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ক্ষেত্ৰ জৰীপত সংৰক্ষণ দলটোক সহায় কৰা ইণ্টাৰ্ন পি. এ.…
Read More
‘ভৱিষ্যত প্ৰজন্মৰ বাবে অতীতক ক্ষমা কৰক’: শান্তিপূৰ্ণ পথৰ ৰেখাংকন মণিপুৰৰ মুখ্যমন্ত্ৰীৰ

‘ভৱিষ্যত প্ৰজন্মৰ বাবে অতীতক ক্ষমা কৰক’: শান্তিপূৰ্ণ পথৰ ৰেখাংকন মণিপুৰৰ মুখ্যমন্ত্ৰীৰ

হিংসাজৰ্জৰ মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ প্ৰচেষ্টা বিভিন্ন সম্প্ৰদায়ৰ সৈতে আলোচনাৰ জৰিয়তে আৰম্ভ হৈছে বুলি শুকুৰবাৰে কয় মুখ্যমন্ত্ৰী য়ুম্নাম খেমাচান্দ সিঙে।টেংনৌপাল জিলাৰ হেইকাকপোকপিত থকা মিছন ব্লাইণ্ড স্কুলৰ ছাত্ৰী নিৱাসটো উদ্বোধন কৰাৰ পিছত পিটিআই (PTI)ৰ সৈতে হোৱা বাৰ্তালাপত সিঙে কয় যে ৰাজ্যখনত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ উপায় সন্দৰ্ভত আলোচনা কৰিবলৈ বিভিন্ন সম্প্ৰদায়ৰ প্ৰতিনিধিয়ে তেওঁক সাক্ষাৎ কৰি আহিছে।তেওঁ কয়, "কেনেকৈ শান্তি ঘূৰাই আনিব পৰা যায় সেই সন্দৰ্ভত আলোচনা কৰিবলৈ বিভিন্ন সম্প্ৰদায়ৰ বহু দল মোৰ চৰকাৰী আৱাসগৃহলৈ আহে। যদি মেইটেই, কুকি আৰু নগা সম্প্ৰদায়ে কেৱল নিজৰ চিন্তাৰ ওপৰতহে গুৰুত্ব দি থাকে আৰু বিভক্ত হৈ থাকে, তেন্তে মণিপুৰে কেতিয়াও প্ৰগতি কৰিব নোৱাৰিব।"এই অনুষ্ঠান অনুষ্ঠিত হোৱা টেংনৌপাল…
Read More
কাংপোকপিৰ গুলীয়াগুলীত আহত ৩ কুকি যুৱকক RIMSৰ পৰা স্থানান্তৰ; ‘উগ্ৰপন্থী’ বুলি প্ৰতিবাদকাৰীৰ অভিযোগ

কাংপোকপিৰ গুলীয়াগুলীত আহত ৩ কুকি যুৱকক RIMSৰ পৰা স্থানান্তৰ; ‘উগ্ৰপন্থী’ বুলি প্ৰতিবাদকাৰীৰ অভিযোগ

সোমবাৰে কাংপোকপি জিলাত প্ৰতিদ্বন্দ্বী গোটৰ সৈতে হোৱা গুলীয়াগুলীত আহত হোৱা তিনিজন কুকি যুৱকক নিশা প্ৰায় ১২ বজাত কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত ইম্ফলৰ আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (RIMS) ৰ পৰা স্থানান্তৰ কৰা হয়। তেওঁলোকৰ ভৰ্তিয়ে ব্যাপক প্ৰতিবাদৰ সূচনা কৰিছিল আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে লাঠি চাৰ্জ কৰিবলগীয়া হৈছিল। বিষয়াসকলে জনোৱা মতে, নিশা প্ৰায় ১২:১৫ বজাত আহত যুৱককেইজনক তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজত চিকিৎসালয়ৰ পৰা উলিয়াই নিয়া হয়। তেওঁলোকক আন এখন স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হৈছে, যদিও কৰ্তৃপক্ষই গন্তব্যস্থান প্ৰকাশ কৰা নাই। সুৰক্ষা বাহিনীয়ে আগুৰি নিয়া তিনিওজনক কঢ়িয়াই নিয়া এম্বুলেন্সসমূহ চুৰাচান্দপুৰ…
Read More