৩৬ হাজাৰ বাহনৰ তথ্যৰে ভাৰতীয় পথৰ বাবে ট্ৰেফিক মডেল তৈয়াৰ আইআইটি-গুৱাহাটীৰ

ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান গুৱাহাটীৰ (আইআইটি-জি) গৱেষকসকলে দিল্লীৰ সমীপৰ এটা ঘাইপথৰ পৰা উচ্চ ৰিজ’লিউশ্যনৰ ড্ৰোণ-ভিত্তিক তথ্য ব্যৱহাৰ কৰি ভাৰতৰ ভিন্নধৰ্মী পথৰ অৱস্থাত যান-জঁটৰ গতিবিধি বিশ্লেষণ আৰু ভৱিষ্যদ্বাণী কৰিব পৰা ট্ৰেফিক ষ্ট্ৰিম মডেল বিকশিত কৰিছে।

অসামৰিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক অখিলেশ কে মৌৰ্যৰ নেতৃত্বত চলা এই অধ্যয়নত ৩৬,০০০ৰো অধিক বাহন আৰু প্ৰায় ৯০ লাখ বাহনৰ অৱস্থান অনুসৰণ কৰা হৈছিল। এই তথ্যৰ ভিত্তিত গাণিতিক আৰু মেচিন লাৰ্নিং মডেল বিকশিত কৰা হৈছে।

গৱেষক দলে দিল্লীৰ উপকণ্ঠৰ এটা আঠ লেনযুক্ত বিভাজিত ঘাইপথত দিনৰ ভাগত ড্ৰোণ ব্যৱহাৰ কৰি ভিডিঅ’ সংগ্ৰহ কৰে। তথ্যৰ পৰা দেখা গ’ল যে খালী পথত বাহনে অধিক ব্যৱধান ৰাখে, মধ্যমীয়া ভিৰত ব্যৱধান কমি যায়, আৰু অতি বেছি ভিৰত পুনৰ বৃদ্ধি পায় – অৰ্থাৎ ঘনত্ব, ব্যৱধান আৰু গতিৰ সম্পৰ্ক ৰৈখিক নহয়।

ভিৰ আৰম্ভ হোৱাৰ আগতে প্ৰতিটো লেনত প্ৰায় ৩,০০০ বাহন পাৰ হৈ যায়। যান-জঁটত বাহন ৰৈ গ’লে প্ৰতি কিলোমিটাৰত ঘনত্ব প্ৰায় ৯০০ বাহনলৈকে হয়।

অধ্যাপক মৌৰ্যই কয়, “ভাৰতৰ যান-জঁটৰ অৱস্থা বহু দেশৰ পৰা পৃথক। আমাক ভাৰতীয় পথৰ বৈচিত্ৰ্য প্ৰতিফলিত কৰা তথ্যৰ প্ৰয়োজন। ড্ৰোণ-ভিত্তিক তথ্য সংগ্ৰহে উচ্চ ৰিজ’লিউশ্যনত বৃহৎ সংখ্যক বাহনৰ গতিবিধি পৰ্যবেক্ষণৰ সুযোগ দিয়ে।”

“নিৰ্ভৰযোগ্য যান-জঁট ব্যৱস্থাপনা আৰম্ভ হয় ভাৰতীয় পথত যান-জঁটে কেনেদৰে আচৰণ কৰে তাক প্ৰতিফলিত কৰা মডেলৰ পৰা। এনে ভাৰত-কেন্দ্ৰিক মডেলে অধিক বাস্তৱিক ছিমুলেচন, উন্নত পথ আৰু চাৰিআলিৰ ডিজাইন আৰু বুদ্ধিমান যান-জঁট ব্যৱস্থা বিকশিত কৰাত সহায় কৰিব,” তেওঁ লগতে কয়।

এই গৱেষণাৰ ফলাফল International Journal of Intelligent Transportation Systems Research-ত প্ৰকাশ পাইছে, য’ত অধ্যাপক মৌৰ্যৰ লগতে গৱেষক ছাত্ৰ শেখৰ সিং আৰু সূৰ্য এইচ ৰবিকুমাৰ সহ-লেখক।

By Barnali Ghosh

Leave a Reply

Your email address will not be published. Required fields are marked *