11
Aug
ৰাজ্যত চলি থকা জনগোষ্ঠীয় সংঘাতৰ মাজতে মণিপুৰৰ ১০গৰাকী কুকি-জো-হমাৰ জনজাতীয় বিধায়কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অসম ৰাইফলছ আঁতৰাই নিনিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী মোডীলৈ প্ৰেৰণ কৰা এখন স্মাৰক পত্ৰত জনজাতীয় বিধায়কসকলে উল্লেখ কৰে যে মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বি এছ এফ, আই টি বি পি, আৰ এ এফ, চি আৰ পি এফৰ দৰে অন্যান্য কেন্দ্ৰীয় বাহিনীৰ লগতে অসম ৰাইফলছে কঠোৰ পৰিশ্ৰম কৰি আছে। স্মাৰক পত্ৰখনত কোৱা হৈছে, "আমাৰ মাতৃভূমি "ভাৰত"ক প্ৰতিষ্ঠা হোৱাৰ পৰাই আভ্যন্তৰীণ আৰু বাহ্যিকভাৱে সুৰক্ষা প্ৰদান কৰা আটাইতকৈ পুৰণি নিৰাপত্তা বাহিনী অসম ৰাইফলছ (এ আৰ)ৰ বিশ্বাসযোগ্যতা সকলোৱে জানে।" ৰাজ্যখনৰ বিষয়সমূহ আৰু অধিক উজ্জ্বল কৰি বিধায়কসকলে অভিযোগ কৰে যে ২০২৩ চনৰ…
