Blog

হাস্যকাৰ কপিল শর্মা আৰু কপিলৰ দলে কৰিলে নৱৰত্নৰে অংশীদাৰিত্ব

হাস্যকাৰ কপিল শর্মা আৰু কপিলৰ দলে কৰিলে নৱৰত্নৰে অংশীদাৰিত্ব

ঘৰুৱা আয়ুর্বেদিক শীতল তেল বজাৰ দখল কৰি থকা অগ্রণী প্রতিষ্ঠান ইমামি লিমিটেডৰ নৱৰত্নই এই গ্রীষ্মকালত হাঁহিৰে গ্ৰাহকৰ মন জয় কৰিবলৈ নতুন ৰূপত সাজু হৈছে। কিয়নো হাস্যকাৰ কপিল শর্মাই নিজৰ পৰিয়ালৰ অন্যতম সদস্য কিকু চর্দা, গৌৰৱ গেৰা আৰু সুমনা চত্রৱতীৰ সৈতে ব্ৰেণ্ডটোৰ লগত সহযোগিতা কৰিছে । নতুন টিভি বিজ্ঞাপন আৰু ডিজিটেল কন্টেন্টৰ এই ছিৰিজত নৱৰত্ন তাইলে কপিল শৰ্মা আৰু কপিলৰ সহযোগীৰ শিল্পীৰ সৈতে আকর্ষণীয় ৰূপত হাস্যৰস আৰু নৱৰত্ন তেলক তুলি ধৰিছে। এই বিজ্ঞাপনত সাধাৰণ মানুহে সাধাৰণতে সম্মুখীন হোৱা দৈনন্দিন অসুবিধা-প্রত্যাহ্বান আৰু জীবনযুঁজৰ সৈতে মোকাবিলা কৰিবলৈ নৱৰত্ন তেল ব্যৱহাৰ কৰি উপশম পোৱাৰ কথাটো দেখুওৱা হৈছে। ইয়াত নৱৰত্ন তেলক 'খণ্ডক কা বাদশাহ, ৰাহত…
Read More
এলআইচি হাউছিং ফাইনেন্সত ১৩২২ কোটি টকাৰ প্ৰৱঞ্চনা! জি গ্ৰুপৰ প্ৰতিষ্ঠাপক সুভাষ চন্দ্ৰৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

এলআইচি হাউছিং ফাইনেন্সত ১৩২২ কোটি টকাৰ প্ৰৱঞ্চনা! জি গ্ৰুপৰ প্ৰতিষ্ঠাপক সুভাষ চন্দ্ৰৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

এলআইচি হাউছিং ফাইনেন্স লিমিটেডক প্ৰায় ১,৩২২ কোটি টকা প্ৰৱঞ্চনা কৰাৰ অভিযোগত তীব্ৰ আইনী সংকটত সোমাই পৰিছে জি গ্ৰুপৰ প্ৰতিষ্ঠাপক সুভাষ চন্দ্ৰ। শনিবাৰে উদ্যোগপতিগৰাকীৰ লগতে আন কেইবাজনৰো বিৰুদ্ধে এক গোচৰ ৰুজু কৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে। ইপিনে শেহতীয়াকৈ ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণতো (এনচিএলটি) এক মোক্ষম আঘাতৰ সন্মুখীন হয় সুভাষ চন্দ্ৰ। মুঠ ২২,০০৬.৫৭ কোটি টকাৰ দাবীৰ বিপৰীতে মাত্ৰ ৬.২৫ কোটি টকা পৰিশোধ কৰি নিজৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়া নিষ্পত্তি কৰাৰ বাবে তেওঁক পূৰ্বে দিয়া অনুমতি স্থগিত ৰাখে ন্যায়াধিকৰণে। এনচিএলটিৰ মুৰব্বী অনুপিন্দৰ সিং গ্ৰেৱালৰ নেতৃত্বাধীন পাঁচজনীয়া বিশেষ বিচাৰপীঠে স্পষ্ট কৰে যে ঋণ পৰিশোধৰ পৰিকল্পনাত কোনো নিৰ্দিষ্ট সংখ্যাগৰিষ্ঠতা নাই। ইয়াৰ লগতে কোনো ধৰণৰ সম্পত্তি হস্তান্তৰ…
Read More
জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত লস্কৰ-ই-তৈবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত লস্কৰ-ই-তৈবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলা ধাৰাবাহিক অভিযানৰ মাজতে জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হ’ল লস্কৰ-ই-তৈবাৰ এজন দুধৰ্ষ সন্ত্ৰাসবাদী। নিৰাপত্তা বাহিনীয়ে চলোৱা এক যৌথ অভিযানত এই সফলতা লাভ কৰে। সামাজিক মাধ্যম ‘এক্স’ৰ এক প’ষ্টৰ জৰিয়তে জম্মু-কাশ্মীৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা নিশ্চিত কৰে। আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে, অঞ্চলটোত আৰম্ভ হোৱা ‘অপাৰেচন অশদৰ’ নামৰ অভিযানৰ সময়তে সন্ত্ৰাসবাদীজন নিহত হয়। নিহত সন্ত্ৰাসবাদীজনক পাকিস্তানী নাগৰিক য়াছিৰ বুলি চিনাক্ত কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে। পাকিস্তানস্থিত নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ হৈ উপত্যকাটোত কূটাঘাতমূলক কাৰ্যকলাপ চলাই আহিছিল নিহত সন্ত্ৰাসবাদীজনে। অভিযানৰ সফলতা সম্পৰ্কে মন্তব্য কৰি সামাজিক মাধ্যমত আৰক্ষীয়ে কয়, “আপুনি পলাব পাৰে, কিন্তু আত্মগোপন কৰিব নোৱাৰে।” লগতে আৰক্ষীয়ে উল্লেখ কৰে যে অপাৰেচন অশদৰৰ…
Read More
মানসিকভাৱে অসুস্থ যুৱতীক যৌন নিৰ্যাতনৰ চেষ্টা! দেৱদূত হৈ ৰক্ষা দুটা বাটৰ কুকুৰৰ

মানসিকভাৱে অসুস্থ যুৱতীক যৌন নিৰ্যাতনৰ চেষ্টা! দেৱদূত হৈ ৰক্ষা দুটা বাটৰ কুকুৰৰ

এগৰাকী মানসিকভাৱে অসুস্থ যুৱতীৰ বাবে দেৱদূত হৈ পৰিল দুটা বাটৰ কুকুৰ! মানৱৰূপী পিশাচৰ লালসাৰ চিকাৰ হোৱাৰ পৰা যুৱতীগৰাকীৰ মান-সন্মান ৰক্ষা কৰে এই অবোধ জীৱ দুটাই। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে তামিলনাডুৰ কইম্বটুৰৰ এই চাঞ্চল্যকৰ ঘটনাৰ এটা শিহৰণকাৰী দৃশ্য। কইম্বটুৰৰ টুডিয়াভুৰ অঞ্চলৰ এখন ৰে’লৱে উৰণীয়া সেতুৰ সমীপত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয় এই ঘটনা। পথৰ কাষত দিন কটোৱা মানসিকভাৱে অসুস্থ মহিলাগৰাকীৰ কাষলৈ সুৰাৰ নিচাত এজন কিশোৰে আগবাঢ়ি আহে। কাষতে বহি থকা বাটৰ কুকুৰ দুটাক কিশোৰটোৱে শিলগুটি দলিয়াই খেদি পঠিয়াবলৈ চেষ্টা কৰে যদিও কুকুৰ দুটাই আঁতৰি নগৈ মহিলাগৰাকীৰ কাষতে সজাগ হৈ থাকি ভুকিবলৈ ধৰে। ইয়াৰ পাছতেই কিশোৰজনে মহিলাগৰাকীৰ ওপৰত যৌন নিৰ্যাতনৰ…
Read More
চামগুৰিত হেৰ’ইনসহ গ্ৰেপ্তাৰ কংগ্ৰেছ নেতা ৰব্বুল ইছলাম

চামগুৰিত হেৰ’ইনসহ গ্ৰেপ্তাৰ কংগ্ৰেছ নেতা ৰব্বুল ইছলাম

নিষিদ্ধ ড্ৰাগছ হেৰ’ইন মজুত ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা। শনিবাৰে চামগুৰি অঞ্চলত এক অভিযান চলাই ৰব্বুল ইছলাম ওৰফে ৰাজু নামৰ নেতাজনক কৰায়ত্ত কৰে ৰূপহীহাট আৰক্ষীয়ে। আৰক্ষীৰ সূত্ৰই সদৰি কৰা অনুসৰি, চামগুৰিত অব্যাহত থকা ড্ৰাগছ বিৰোধী নিয়মীয়া অভিযানৰ সময়তে নেতাজনৰ পৰা এই হেৰ’ইনখিনি জব্দ কৰা হয়। ধৃত ৰব্বুল ইছলাম চামগুৰিৰ কংগ্ৰেছ দলৰ এগৰাকী জ্যেষ্ঠ নেতা হোৱাৰ লগতে ইউনিয়ন বেংকৰ এটি গ্ৰাহক সেৱা কেন্দ্ৰৰো (চিএছপি) স্বত্বাধিকাৰী। আনহাতে তেওঁৰ পত্নী মহছিনা আৰফুজো কংগ্ৰেছ দলৰ সৈতে জড়িত আৰু বৰ্তমান জিউমাৰী পঞ্চায়তৰ সদস্যা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। এই গ্ৰেপ্তাৰৰ পাছতেই চামগুৰি আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অধিক ক্ষিপ্ৰতৰ কৰি তুলিছে। স্থানীয় সূত্ৰৰ খবৰ…
Read More
থানাত দালালৰ দৌৰাত্ম্য ৰোধৰ বাবে আৰক্ষীৰ বিশাল অভিযান; ৰাজ্যজুৰি আটক ৩৩০ জন

থানাত দালালৰ দৌৰাত্ম্য ৰোধৰ বাবে আৰক্ষীৰ বিশাল অভিযান; ৰাজ্যজুৰি আটক ৩৩০ জন

আৰক্ষীৰ কাম কৰি দিয়াৰ নামত সাধাৰণ ৰাইজক প্ৰবঞ্চনা কৰা দালাল আৰু মধ্যভোগীৰ বিৰুদ্ধে নামি পৰিছে অসম আৰক্ষী। ৰাজ্যজুৰি চলোৱা এক মাৰাথন অভিযানত এতিয়ালৈকে ৩৩০ জন মধ্যভোগীক আটক কৰা হৈছে। উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এই তথ্য সদৰি কৰে আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই শনিবাৰে পুৱতি নিশা তিনি বজাৰ পৰা ২৯ খন জিলাত আৰম্ভ হয় এই অভিযান। আৰক্ষী চকীলৈ বিভিন্ন কামত অহা সহজ-সৰল লোকসকলক লক্ষ্য কৰি লৈছিল এই চক্ৰসমূহে। গোচৰ নিষ্পত্তিৰ ভুৱা প্ৰতিশ্ৰুতিৰে ধন দাবী কৰা এই দালালসকলৰ ওপৰত আৰক্ষীয়ে বিগত কিছুদিন ধৰি চোকা নজৰ ৰাখিছিল। স্বয়ং আৰক্ষী সঞ্চালক প্ৰধানৰ চৰকাৰী নম্বৰতো এনে প্ৰবঞ্চকে যোগাযোগ কৰাৰ কথা…
Read More
প্ৰেমিকক দামী স্প’ৰ্টছ বাইক উপহাৰ দিয়াৰ হেঁপাহ! পিতৃৰ বন্ধুৰ ঘৰত সোণ চুৰি কৰি গ্ৰেপ্তাৰ কলেজীয়া ছাত্ৰী

প্ৰেমিকক দামী স্প’ৰ্টছ বাইক উপহাৰ দিয়াৰ হেঁপাহ! পিতৃৰ বন্ধুৰ ঘৰত সোণ চুৰি কৰি গ্ৰেপ্তাৰ কলেজীয়া ছাত্ৰী

প্ৰেমিকক বিলাসী স্প’ৰ্টছ বাইক উপহাৰ দিবলৈ সোণ চুৰি কৰি গ্ৰেপ্তাৰ হ’ল এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰী। পিতৃৰ অন্তৰংগ বন্ধুৰ ঘৰৰ পৰা প্ৰায় ৭২ গ্ৰাম সোণৰ আ-অলংকাৰ চুৰি কৰি বিক্ৰী কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১৯ বছৰীয়া ছাত্ৰীগৰাকীক। তামিলনাডুৰ কইম্বতুৰ জিলাৰ পোল্লাচী অঞ্চলত সংঘটিত হৈছে এই চাঞ্চল্যৰ ঘটনা। জানিব পৰা মতে, উনজাভেলামপট্টি অঞ্চলৰ বাসিন্দা ছাত্ৰীগৰাকীয়ে অলপতে পিতৃৰ বন্ধু এজনৰ বাসগৃহলৈ গৈছিল। ঘৰৰ সদস্যসকল কামত ব্যস্ত থকাৰ সুযোগ লৈ ড্ৰয়াৰৰ পৰা প্ৰায় ৭২ গ্ৰাম সোণৰ অলংকাৰ কৌশলেৰে লৈ যায় যুৱতীগৰাকীয়ে। পৰৱৰ্তী সময়ত পোল্লাচীৰ এখন স্থানীয় জুৱেলাৰী শ্ব’ৰুমত সেই চুৰি অলংকাৰ বিক্ৰী কৰি মোটা অংকৰ ধন সংগ্ৰহ কৰে ছাত্ৰীগৰাকীয়ে। সেই ধনেৰেই প্ৰেমিকৰ পছন্দৰ এখন বিলাসী…
Read More
মণিপুৰত ২০২৩ চনৰ পৰা সংঘটিত হিংসাত ৩০৬ গৰাকী লোক নিহত

মণিপুৰত ২০২৩ চনৰ পৰা সংঘটিত হিংসাত ৩০৬ গৰাকী লোক নিহত

মে’ ২০২৩-ৰ পৰা মণিপুৰত আৰম্ভ হোৱা গোষ্ঠীগত হিংসাত্মক ঘটনাত বৰ্তমানলৈকে কমেও ৩০৬ জন লোক নিহত হৈছে আৰু ৪৯ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। শেহতীয়াকৈ ৰাজ্যিক বিধানসভাত এই কথা প্ৰকাশ কৰিছে চৰকাৰে। বিধানসভাৰ অধিবেশনৰ সময়ত এক প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ গৃহমন্ত্ৰী গোবিন্দাস কন্থৌজামে জনায় যে ২০২৬ চনৰ ৩১ আগষ্ট পৰ্যন্ত ৰেকৰ্ড কৰা পৰিসংখ্যা অনুসৰি এই হিংসাই সমগ্ৰ ৰাজ্যখনতে ব্যাপক স্থানান্তৰ আৰু স্বাভাৱিক জীৱনযাত্ৰাত ব্যাঘাত জন্মাইছে। উল্লেখ্য যে মে’ ২০২৩-ত মেইটেই আৰু কুকি-জো-হমাৰ সম্প্ৰদায়ৰ মাজত এই সংঘাত আৰম্ভ হৈছিল। বিজেপি নেতা এন বিৰেণ সিঙে পদত্যাগ কৰাৰ পিছত ২০২৫ চনৰ ফেব্ৰুৱাৰীৰ পৰা ২০২৬ চনৰ ফেব্ৰুৱাৰীলৈকে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলৱৎ আছিল। ২০২৬ চনৰ ৪…
Read More
শিক্ষাৰ্থীৰ মাজত প্ৰযুক্তিগত সজাগতা বৃদ্ধিৰ বাবে টিচিএছৰ ২৭ সংখ্যক গ্ৰাম্য আইটি কুইজৰ আৰম্ভণি

শিক্ষাৰ্থীৰ মাজত প্ৰযুক্তিগত সজাগতা বৃদ্ধিৰ বাবে টিচিএছৰ ২৭ সংখ্যক গ্ৰাম্য আইটি কুইজৰ আৰম্ভণি

টাটা কনচেলটেন্সী চাৰ্ভিচেছ(টিচিএছ)-এ কৰ্ণাটক চৰকাৰৰ ইলেক্ট্ৰনিক্স, আইটি আৰু বিটি বিভাগৰ সহযোগত ২৭ সংখ্যক টিচিএছ গ্ৰাম্য আইটি কুইজ প্ৰতিযোগিতা আয়োজনৰ কথা ঘোষণা কৰিছে। এই প্ৰতিযোগিতাৰ উদ্দেশ্য হৈছে ভাৰতৰ সৰু চহৰ আৰু জিলাসমূহৰ শিক্ষাৰ্থীসকলৰ মাজত প্ৰযুক্তি সম্পৰ্কে সজাগতা বৃদ্ধি কৰা।বেংগালুৰু টেক চামিট ২০২৬-ৰ এক অভিন্ন অংশ হিচাপে আয়োজিত এই কুইজ প্ৰতিযোগিতাখন অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি থাকিব। অৱশ্যে নগৰ নিগম এলেকাৰ অন্তৰ্গত বিদ্যালয়সমূহ ইয়াৰ বাবে যোগ্য নহ’ব। এই প্ৰতিযোগিতাত অনলাইন পৰীক্ষা, ভাৰ্চুৱেল কুইজ ৰাউণ্ড আৰু মুখামুখি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীৰ বাবে ভাৰতৰ প্ৰথমটো আইটি কুইজ হিচাপে লিম্কা বুক অৱ ৰেকৰ্ডছ-এ স্বীকৃতি দিয়া এই প্ৰতিযোগিতাখনত কৃত্ৰিম বুদ্ধিমত্তা, ক্লাউড কম্পিউটিং, ব্যৱসায়…
Read More
সংৰক্ষণ, উদ্ধাৰ আৰু CITES নিয়মৰ তদাৰকীৰ বাবে ভানতাৰাই গঠন কৰিলে স্বতন্ত্ৰ পৰিষদ

সংৰক্ষণ, উদ্ধাৰ আৰু CITES নিয়মৰ তদাৰকীৰ বাবে ভানতাৰাই গঠন কৰিলে স্বতন্ত্ৰ পৰিষদ

ভানতাৰাই শুকুৰবাৰে নৱগঠিত গভৰ্নিং কাউন্সিলৰ সম্পূৰ্ণ সদস্যৰ তালিকা ঘোষণা কৰে, যিয়ে সংস্থাটোৰ সংৰক্ষণ, প্ৰাণী উদ্ধাৰ, পুনৰ্বাসন আৰু নিয়ম মানি চলাৰ কাৰ্যকলাপ তদাৰকী কৰাৰ লগতে অহা পাঁচ বছৰ আৰু তাৰ পিছৰ বাবে ইয়াৰ দৃষ্টিভংগী গঢ় দিয়াত সহায় কৰিব। পাঁচজনীয়া পৰিষদ, এজন পদাধিকাৰবলে সদস্যৰ সৈতে, বন্যপ্ৰাণী নীতি, আইন, প্ৰাতিষ্ঠানিক প্ৰশাসন, বন্যপ্ৰাণী অপৰাধ, মানুহ-বন্যপ্ৰাণী সংঘাত, চিৰিয়াখানা আৰু একুৰিয়ামৰ মানদণ্ড, পশু চিকিৎসা, অংশীদাৰৰ সৈতে যোগাযোগ আৰু সম্প্ৰদায়ভিত্তিক সংৰক্ষণৰ বিশেষজ্ঞতা একত্ৰিত কৰে। পৰিৱেশবিদ আৰু বিপন্ন বন্যপ্ৰাণী আৰু উদ্ভিদৰ আন্তৰ্জাতিক বাণিজ্য সম্পৰ্কীয় সন্মিলন (CITES)ৰ প্ৰাক্তন মহাসচিব জন ই স্কেনলন এ অ’ই স্বতন্ত্ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব। তেওঁৰ নিযুক্তি ২০২৬ চনৰ আগষ্টত ঘোষণা কৰা হৈছিল। আন সদস্যসকল…
Read More
অসম ব্লাইণ্ড এণ্ড পেৰা জুডো সন্থাৰ চতুৰ্থ কেন্দ্ৰ নগাঁৱত মুকলি, ৩৪ জন ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

অসম ব্লাইণ্ড এণ্ড পেৰা জুডো সন্থাৰ চতুৰ্থ কেন্দ্ৰ নগাঁৱত মুকলি, ৩৪ জন ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

দৃষ্টিহীন আৰু বিশেষভাৱে সক্ষম শিশুসকলক ক্ৰীড়াৰ মূলসুঁতিলৈ অনাৰ উদ্দেশ্যে অসম ব্লাইণ্ড এণ্ড পেৰা জুডো এছ’চিয়েচনে অসমত চতুৰ্থটো জুডো প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিছে। নতুন কেন্দ্ৰটো নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছন ব্লাইণ্ড স্কুলত আৰম্ভ হৈছে। ইয়াৰ পূৰ্বে সন্থাটোৱে গুৱাহাটীত দুটা আৰু মৰাণত এটাকৈ কেন্দ্ৰ মুকলি কৰিছিল। নগাঁৱত উদ্বোধনী দিনটোত মুঠ ৩৪ জন ছাত্ৰ-ছাত্ৰী — ২১ জন ল’ৰা আৰু ১৩ গৰাকী ছোৱালীয়ে প্ৰশিক্ষণ অধিৱেশনত অংশগ্ৰহণ কৰে। আন্তঃৰাষ্ট্ৰীয় জুডো ৰেফাৰী অভিজিৎ দাসে এই পদক্ষেপৰ নেতৃত্ব দিছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে এই কাৰ্যসূচীৰ উদ্দেশ্য কেৱল প্ৰতিযোগিতামূলক জুডোৰ বাবে খেলুৱৈক প্ৰস্তুত কৰাই নহয়, শিশুসকলৰ মাজত আত্মবিশ্বাস, অনুশাসন, শাৰীৰিক সুস্থতা, আত্মৰক্ষাৰ দক্ষতা আৰু স্বাধীনতা গঢ়ি তোলাও। সন্থাটোৰ…
Read More