Paromita

888 Posts
এলআইচি হাউছিং ফাইনেন্সত ১৩২২ কোটি টকাৰ প্ৰৱঞ্চনা! জি গ্ৰুপৰ প্ৰতিষ্ঠাপক সুভাষ চন্দ্ৰৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

এলআইচি হাউছিং ফাইনেন্সত ১৩২২ কোটি টকাৰ প্ৰৱঞ্চনা! জি গ্ৰুপৰ প্ৰতিষ্ঠাপক সুভাষ চন্দ্ৰৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

এলআইচি হাউছিং ফাইনেন্স লিমিটেডক প্ৰায় ১,৩২২ কোটি টকা প্ৰৱঞ্চনা কৰাৰ অভিযোগত তীব্ৰ আইনী সংকটত সোমাই পৰিছে জি গ্ৰুপৰ প্ৰতিষ্ঠাপক সুভাষ চন্দ্ৰ। শনিবাৰে উদ্যোগপতিগৰাকীৰ লগতে আন কেইবাজনৰো বিৰুদ্ধে এক গোচৰ ৰুজু কৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে। ইপিনে শেহতীয়াকৈ ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণতো (এনচিএলটি) এক মোক্ষম আঘাতৰ সন্মুখীন হয় সুভাষ চন্দ্ৰ। মুঠ ২২,০০৬.৫৭ কোটি টকাৰ দাবীৰ বিপৰীতে মাত্ৰ ৬.২৫ কোটি টকা পৰিশোধ কৰি নিজৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়া নিষ্পত্তি কৰাৰ বাবে তেওঁক পূৰ্বে দিয়া অনুমতি স্থগিত ৰাখে ন্যায়াধিকৰণে। এনচিএলটিৰ মুৰব্বী অনুপিন্দৰ সিং গ্ৰেৱালৰ নেতৃত্বাধীন পাঁচজনীয়া বিশেষ বিচাৰপীঠে স্পষ্ট কৰে যে ঋণ পৰিশোধৰ পৰিকল্পনাত কোনো নিৰ্দিষ্ট সংখ্যাগৰিষ্ঠতা নাই। ইয়াৰ লগতে কোনো ধৰণৰ সম্পত্তি হস্তান্তৰ…
Read More
জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত লস্কৰ-ই-তৈবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত লস্কৰ-ই-তৈবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলা ধাৰাবাহিক অভিযানৰ মাজতে জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হ’ল লস্কৰ-ই-তৈবাৰ এজন দুধৰ্ষ সন্ত্ৰাসবাদী। নিৰাপত্তা বাহিনীয়ে চলোৱা এক যৌথ অভিযানত এই সফলতা লাভ কৰে। সামাজিক মাধ্যম ‘এক্স’ৰ এক প’ষ্টৰ জৰিয়তে জম্মু-কাশ্মীৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা নিশ্চিত কৰে। আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে, অঞ্চলটোত আৰম্ভ হোৱা ‘অপাৰেচন অশদৰ’ নামৰ অভিযানৰ সময়তে সন্ত্ৰাসবাদীজন নিহত হয়। নিহত সন্ত্ৰাসবাদীজনক পাকিস্তানী নাগৰিক য়াছিৰ বুলি চিনাক্ত কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে। পাকিস্তানস্থিত নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ হৈ উপত্যকাটোত কূটাঘাতমূলক কাৰ্যকলাপ চলাই আহিছিল নিহত সন্ত্ৰাসবাদীজনে। অভিযানৰ সফলতা সম্পৰ্কে মন্তব্য কৰি সামাজিক মাধ্যমত আৰক্ষীয়ে কয়, “আপুনি পলাব পাৰে, কিন্তু আত্মগোপন কৰিব নোৱাৰে।” লগতে আৰক্ষীয়ে উল্লেখ কৰে যে অপাৰেচন অশদৰৰ…
Read More
মানসিকভাৱে অসুস্থ যুৱতীক যৌন নিৰ্যাতনৰ চেষ্টা! দেৱদূত হৈ ৰক্ষা দুটা বাটৰ কুকুৰৰ

মানসিকভাৱে অসুস্থ যুৱতীক যৌন নিৰ্যাতনৰ চেষ্টা! দেৱদূত হৈ ৰক্ষা দুটা বাটৰ কুকুৰৰ

এগৰাকী মানসিকভাৱে অসুস্থ যুৱতীৰ বাবে দেৱদূত হৈ পৰিল দুটা বাটৰ কুকুৰ! মানৱৰূপী পিশাচৰ লালসাৰ চিকাৰ হোৱাৰ পৰা যুৱতীগৰাকীৰ মান-সন্মান ৰক্ষা কৰে এই অবোধ জীৱ দুটাই। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে তামিলনাডুৰ কইম্বটুৰৰ এই চাঞ্চল্যকৰ ঘটনাৰ এটা শিহৰণকাৰী দৃশ্য। কইম্বটুৰৰ টুডিয়াভুৰ অঞ্চলৰ এখন ৰে’লৱে উৰণীয়া সেতুৰ সমীপত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয় এই ঘটনা। পথৰ কাষত দিন কটোৱা মানসিকভাৱে অসুস্থ মহিলাগৰাকীৰ কাষলৈ সুৰাৰ নিচাত এজন কিশোৰে আগবাঢ়ি আহে। কাষতে বহি থকা বাটৰ কুকুৰ দুটাক কিশোৰটোৱে শিলগুটি দলিয়াই খেদি পঠিয়াবলৈ চেষ্টা কৰে যদিও কুকুৰ দুটাই আঁতৰি নগৈ মহিলাগৰাকীৰ কাষতে সজাগ হৈ থাকি ভুকিবলৈ ধৰে। ইয়াৰ পাছতেই কিশোৰজনে মহিলাগৰাকীৰ ওপৰত যৌন নিৰ্যাতনৰ…
Read More
চামগুৰিত হেৰ’ইনসহ গ্ৰেপ্তাৰ কংগ্ৰেছ নেতা ৰব্বুল ইছলাম

চামগুৰিত হেৰ’ইনসহ গ্ৰেপ্তাৰ কংগ্ৰেছ নেতা ৰব্বুল ইছলাম

নিষিদ্ধ ড্ৰাগছ হেৰ’ইন মজুত ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা। শনিবাৰে চামগুৰি অঞ্চলত এক অভিযান চলাই ৰব্বুল ইছলাম ওৰফে ৰাজু নামৰ নেতাজনক কৰায়ত্ত কৰে ৰূপহীহাট আৰক্ষীয়ে। আৰক্ষীৰ সূত্ৰই সদৰি কৰা অনুসৰি, চামগুৰিত অব্যাহত থকা ড্ৰাগছ বিৰোধী নিয়মীয়া অভিযানৰ সময়তে নেতাজনৰ পৰা এই হেৰ’ইনখিনি জব্দ কৰা হয়। ধৃত ৰব্বুল ইছলাম চামগুৰিৰ কংগ্ৰেছ দলৰ এগৰাকী জ্যেষ্ঠ নেতা হোৱাৰ লগতে ইউনিয়ন বেংকৰ এটি গ্ৰাহক সেৱা কেন্দ্ৰৰো (চিএছপি) স্বত্বাধিকাৰী। আনহাতে তেওঁৰ পত্নী মহছিনা আৰফুজো কংগ্ৰেছ দলৰ সৈতে জড়িত আৰু বৰ্তমান জিউমাৰী পঞ্চায়তৰ সদস্যা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। এই গ্ৰেপ্তাৰৰ পাছতেই চামগুৰি আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অধিক ক্ষিপ্ৰতৰ কৰি তুলিছে। স্থানীয় সূত্ৰৰ খবৰ…
Read More
থানাত দালালৰ দৌৰাত্ম্য ৰোধৰ বাবে আৰক্ষীৰ বিশাল অভিযান; ৰাজ্যজুৰি আটক ৩৩০ জন

থানাত দালালৰ দৌৰাত্ম্য ৰোধৰ বাবে আৰক্ষীৰ বিশাল অভিযান; ৰাজ্যজুৰি আটক ৩৩০ জন

আৰক্ষীৰ কাম কৰি দিয়াৰ নামত সাধাৰণ ৰাইজক প্ৰবঞ্চনা কৰা দালাল আৰু মধ্যভোগীৰ বিৰুদ্ধে নামি পৰিছে অসম আৰক্ষী। ৰাজ্যজুৰি চলোৱা এক মাৰাথন অভিযানত এতিয়ালৈকে ৩৩০ জন মধ্যভোগীক আটক কৰা হৈছে। উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এই তথ্য সদৰি কৰে আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই শনিবাৰে পুৱতি নিশা তিনি বজাৰ পৰা ২৯ খন জিলাত আৰম্ভ হয় এই অভিযান। আৰক্ষী চকীলৈ বিভিন্ন কামত অহা সহজ-সৰল লোকসকলক লক্ষ্য কৰি লৈছিল এই চক্ৰসমূহে। গোচৰ নিষ্পত্তিৰ ভুৱা প্ৰতিশ্ৰুতিৰে ধন দাবী কৰা এই দালালসকলৰ ওপৰত আৰক্ষীয়ে বিগত কিছুদিন ধৰি চোকা নজৰ ৰাখিছিল। স্বয়ং আৰক্ষী সঞ্চালক প্ৰধানৰ চৰকাৰী নম্বৰতো এনে প্ৰবঞ্চকে যোগাযোগ কৰাৰ কথা…
Read More
প্ৰেমিকক দামী স্প’ৰ্টছ বাইক উপহাৰ দিয়াৰ হেঁপাহ! পিতৃৰ বন্ধুৰ ঘৰত সোণ চুৰি কৰি গ্ৰেপ্তাৰ কলেজীয়া ছাত্ৰী

প্ৰেমিকক দামী স্প’ৰ্টছ বাইক উপহাৰ দিয়াৰ হেঁপাহ! পিতৃৰ বন্ধুৰ ঘৰত সোণ চুৰি কৰি গ্ৰেপ্তাৰ কলেজীয়া ছাত্ৰী

প্ৰেমিকক বিলাসী স্প’ৰ্টছ বাইক উপহাৰ দিবলৈ সোণ চুৰি কৰি গ্ৰেপ্তাৰ হ’ল এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰী। পিতৃৰ অন্তৰংগ বন্ধুৰ ঘৰৰ পৰা প্ৰায় ৭২ গ্ৰাম সোণৰ আ-অলংকাৰ চুৰি কৰি বিক্ৰী কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১৯ বছৰীয়া ছাত্ৰীগৰাকীক। তামিলনাডুৰ কইম্বতুৰ জিলাৰ পোল্লাচী অঞ্চলত সংঘটিত হৈছে এই চাঞ্চল্যৰ ঘটনা। জানিব পৰা মতে, উনজাভেলামপট্টি অঞ্চলৰ বাসিন্দা ছাত্ৰীগৰাকীয়ে অলপতে পিতৃৰ বন্ধু এজনৰ বাসগৃহলৈ গৈছিল। ঘৰৰ সদস্যসকল কামত ব্যস্ত থকাৰ সুযোগ লৈ ড্ৰয়াৰৰ পৰা প্ৰায় ৭২ গ্ৰাম সোণৰ অলংকাৰ কৌশলেৰে লৈ যায় যুৱতীগৰাকীয়ে। পৰৱৰ্তী সময়ত পোল্লাচীৰ এখন স্থানীয় জুৱেলাৰী শ্ব’ৰুমত সেই চুৰি অলংকাৰ বিক্ৰী কৰি মোটা অংকৰ ধন সংগ্ৰহ কৰে ছাত্ৰীগৰাকীয়ে। সেই ধনেৰেই প্ৰেমিকৰ পছন্দৰ এখন বিলাসী…
Read More
বিগত ৫ বছৰত অসমত অপৰাধীৰ দোষী সাব্যস্তকৰণৰ হাৰ চাৰিগুণ বৃদ্ধি; নতুন লক্ষ্য ৩৫ শতাংশ নিৰ্ধাৰণ

বিগত ৫ বছৰত অসমত অপৰাধীৰ দোষী সাব্যস্তকৰণৰ হাৰ চাৰিগুণ বৃদ্ধি; নতুন লক্ষ্য ৩৫ শতাংশ নিৰ্ধাৰণ

বিগত ৫ বছৰত অসমত অপৰাধীৰ দোষী সাব্যস্তকৰণৰ হাৰ চাৰিগুণ বৃদ্ধি পাইছে। ৩ ছেপ্টেম্বৰত অনুষ্ঠিত আৰক্ষী অধীক্ষক সন্মিলনৰ অন্তত এই বৃহৎ সফলতাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০২১ চনত ৰাজ্যত অপৰাধীক দোষী সাব্যস্ত কৰাৰ হাৰ আছিল মাত্ৰ ৭ শতাংশ, যি হাৰ ২০২৬ চনত বৃদ্ধি পাই ২৯ শতাংশ হৈছেগৈ। পেচাদাৰী আৰক্ষী সেৱা আৰু আদালতত নিৰ্ধাৰিত সময়ত নথি-পত্ৰ দাখিল কৰাৰ ফলতেই এই অভূতপূৰ্ব পৰিৱৰ্তন সম্ভৱ হোৱা বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত আয়োজিত দুদিনীয়া ৰাজ্যিক আৰক্ষী অধীক্ষক সন্মিলনৰ সামৰণি অনুষ্ঠানৰ পাছত সাংবাদিকসকলক সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। তদন্ত প্ৰক্ৰিয়াৰ সকলো ত্ৰুটি দূৰ কৰি অপৰাধীৰ শাস্তি নিশ্চিত কৰাৰ বাবে জিলাসমূহৰ তদন্তকাৰী…
Read More
ৰাইজৰ দলক এৰি এআইইউডিএফৰ কাষ চপাৰ চেষ্টা কংগ্ৰেছৰঃ নগাঁও উপ-নিৰ্বাচনক লৈ বিজেপিৰ গুৰুতৰ অভিযোগ

ৰাইজৰ দলক এৰি এআইইউডিএফৰ কাষ চপাৰ চেষ্টা কংগ্ৰেছৰঃ নগাঁও উপ-নিৰ্বাচনক লৈ বিজেপিৰ গুৰুতৰ অভিযোগ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ সৈতে গোপন বুজাবুজি গঢ়াৰ লক্ষ্যৰেই কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিছে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। বৃহস্পতিবাৰে এক আনুষ্ঠানিক বিবৃতিত প্ৰদেশ বিজেপিয়ে উল্লেখ কৰে যে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ত খিলঞ্জীয়াৰ ভোট বিভাজন ৰোধৰ নামত গঢ় লোৱা কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতাক ৰাজ্যৰ সচেতন ভোটাৰে ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে। বিধানসভা নিৰ্বাচনত মুঠ ১২৬ খন আসনৰ ভিতৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ১০২ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ মাত্ৰ ১৯ খন আসনতে সীমাবদ্ধ হৈ পৰা বুলি উল্লেখ কৰে গেৰুৱা দলে। বিশেষকৈ উজনি অসমৰ ৩৫ খন আসনৰ ভিতৰত ৩৩ খন, উত্তৰ অসমৰ…
Read More
নগাঁৱৰ প্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ তদন্ত দাবী সাংসদ ৰকিবুল হুছেইনৰ

নগাঁৱৰ প্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ তদন্ত দাবী সাংসদ ৰকিবুল হুছেইনৰ

প্ৰশাসনিক পদ ত্যাগ কৰি এতিয়া ৰাজনৈতিক ৰণাঙ্গণত নমাৰ যো-জা চলাইছে নগাঁৱৰ সদ্যপ্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মাই। বিগত কিছুদিন ধৰি তেওঁৰ বিজেপিত যোগদানৰ চৰ্চাৰ মাজতে আয়ুক্তৰ পদৰ পৰা শেহতীয়াকৈ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে দেৱাশীষ শৰ্মাই। ইয়াৰ পিছতে তেওঁ বিজেপিৰ হৈ নগাঁৱৰ উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সম্ভাৱনাক লৈ চৰ্চা তীব্ৰতৰ হৈ পৰিছে। কিন্তু ৰাজনীতিৰ পথাৰত ভৰি থোৱাৰ পূৰ্বেই প্ৰাক্তন বিষয়াগৰাকীৰ বিৰুদ্ধে নামি পৰিছে কংগ্ৰেছ। আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত প্ৰশাসনিক ক্ষমতাৰ অপব্যৱহাৰ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিত অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ তুলি শৰ্মাৰ বিৰুদ্ধে এক স্বতন্ত্ৰ আৰু সময়সীমাযুক্ত তদন্তৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে। নগাঁও লোকসভা সমষ্টিৰ…
Read More
দিল্লীত ছাত্ৰ আন্দোলনত গুণ্ডাগিৰিৰ মুকলি স্বীকাৰোক্তি! মন্ত্ৰীৰ আশীৰ্বাদৰ দাবীৰ পাছতে কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

দিল্লীত ছাত্ৰ আন্দোলনত গুণ্ডাগিৰিৰ মুকলি স্বীকাৰোক্তি! মন্ত্ৰীৰ আশীৰ্বাদৰ দাবীৰ পাছতে কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

দিল্লীৰ যন্তৰ-মন্তৰৰ ছাত্ৰ আন্দোলনৰ সময়ত আৰক্ষীৰ সৈতে প্ৰৱেশ কৰি ছাত্ৰৰ ওপৰত আক্ৰমণ চলাইছিল গুণ্ডাবাহিনীয়ে! শেহতীয়াকৈ এজন তথাকথিত ইনফ্লুৱেন্সাৰে কৰা অকপট স্বীকাৰোক্তিৰ পিছতে উন্মোচিত হৈছে ছাত্ৰ আন্দোলনৰ হিংসাত্মক ঘটনাৰ প্ৰকৃত ৰহস্য। এটা প’ডকাষ্টত স্বতন্ত্ৰ ভৰদ্বাজ নামৰ বিতৰ্কিত যুৱকজনে প্ৰতিবাদকাৰী ছাত্ৰী নিশু আজাদৰ পিতৃ সঞ্জয় কুমাৰৰ মূৰ ফালি দিয়াৰ কথা গৌৰৱেৰে সদৰি কৰে। হত্যাৰ চেষ্টাৰ দৰে গুৰুতৰ অপৰাধ সংঘটিত কৰিও দিল্লীৰ বিজেপি মন্ত্ৰী কপিল মিশ্ৰৰ এটা ফোনকলৰ বাবেই কাৰাগাৰলৈ যোৱাৰ পৰা ৰক্ষা পোৱা বুলিও মুকলিকৈ দাবী কৰে ভৰদ্বাজে। সামাজিক মাধ্যমত ভাইৰেল হোৱা এই ভিডিঅ’টোত অভিযুক্তই কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱানৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো আশীৰ্বাদ থকা বুলি দম্ভালি মৰা দেখা যায়। নিশাৰ ভিতৰতে…
Read More