16
Oct
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত এগৰাকী ছাত্ৰীক যৌন নিগ্ৰহ কৰাৰ অভিযোগত দিল্লী আৰক্ষীৰ ওচৰত হাজিৰ হ'ল মণিপুৰৰ কংগ্ৰেছ সাংসদ ড° আংগোমচা বিমল আকোইজাম। আৰক্ষীৰ চমন লাভ কৰাৰ পিছত বৃহস্পতিবাৰে তদন্তত সহযোগ কৰাৰ উদ্দেশ্যে বসন্ত কুঞ্জ আৰক্ষী থানাত উপস্থিত হৈ নিজৰ জীৱনৰ বহু সময় কটোৱা ৰাজধানী চহৰখনক লৈ গভীৰ আক্ষেপ প্ৰকাশ কৰে সাংসদগৰাকীয়ে। সাংবাদিকৰ আগত মনৰ ক্ষোভ আৰু হতাশা ব্যক্ত কৰি সাংসদ আকোইজামে কয়, "মই দিল্লীৰ এনে এখন অচিনাকি ঠাইলৈ অহা যেন অনুভৱ হৈছে, য'ত মই জীৱনৰ সিংহভাগ সময় কাম কৰি কটালোঁ। মোৰ এনে লাগিছে যেন মই কোনো শত্ৰুভাৱাপন্ন স্থানলৈহে আহিছোঁ। ইয়াত মই কোনো আত্মীয়তা বা নিজৰ বুলি অনুভৱ কৰিব পৰা নাই।" তেওঁ…
