সনাতন ভাৰতৰ বিৰোধী ৰাৱণ” শীৰ্ষক বিতৰ্কিত হৰ্ডিংক লৈ লক্ষ্ণৌত চাঞ্চল্য

দছেৰা আৰু দীপাৱলীৰ বতৰতে ৰাজনৈতিক শত্ৰুতাই পুনৰ এক উত্তপ্ত ৰূপ ধাৰণ কৰিছে উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰখনত। দেওবাৰে পুৱা লক্ষ্ণৌ চহৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ তথা ভিআইপি অঞ্চলসমূহত প্ৰত্যক্ষ কৰা হ’ল এক বিতৰ্কিত হৰ্ডিং। লংকাৰ ৰজা ৰাৱণৰ দহটা মূৰৰ স্থানত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ লগতে কেইবাজনো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ব্যক্তিত্বৰ ফটো সংলগ্ন কৰি এই হৰ্ডিং আৰি দিয়াৰ পিছতেই সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়।

প্ৰচাৰিত হৰ্ডিংখনৰ একেবাৰে ওপৰৰ অংশত ডাঙৰ আখৰেৰে লিখা আছে “সনাতন ভাৰতৰ বিৰোধী ৰাৱণ”। ‘সনাতন ৰক্ষা সংগঠন’ নামৰ এক সংগঠনৰ উদ্যোগত চহৰখনৰ হজৰতগঞ্জ বিধায়ক আৱাস, গোমতী নগৰ আৰু কাপুৰথালাকে ধৰি বিভিন্ন আৱাসিক তথা বাণিজ্যিক এলেকাত এই পোষ্টাৰসমূহ আঁৰি দিয়া হৈছে। হৰ্ডিংখনত ৰাৱণৰ দহ মূৰৰ স্থানত ৰাহুল গান্ধী আৰু অখিলেশ যাদৱৰ উপৰিও ইলন মাস্ক, মহম্মদ ইউনুছ, মুখতাৰ আনচাৰী, আজম খান, ইলহান ওমৰ, জৰ্জ চোৰোচ আৰু একেবাৰে মাজৰ স্থানত নিহত আতিক আহমেদৰ ছবি ব্যৱহাৰ কৰা হৈছে। পথচাৰীসকলে থমকি ৰৈ এই বিতৰ্কিত হৰ্ডিঙৰ ছবিসমূহ প্ৰত্যক্ষ কৰা দেখা গৈছে।

হৰ্ডিং সংলগ্ন কৰা সংগঠনটোৰ প্ৰতিনিধিয়ে জানিবলৈ দিয়া মতে, সনাতন ধৰ্মৰ বিৰোধিতা কৰা আৰু জেহাদী মানসিকতাক প্ৰশ্ৰয় দিয়া বুলি গণ্য কৰা ব্যক্তিসকলক ৰাইজৰ আগত চিনাক্ত কৰি দিয়াৰ লক্ষ্যৰেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ক্ষমতাত থকাৰ সময়ত এওঁলোকে সনাতনৰ স্বাৰ্থত কাম নকৰি নিৰন্তৰ অপমান কৰি আহিছিল বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে। বাবৰি মছজিদৰ প্ৰসংগৰ পৰা আৰম্ভ কৰি বিভিন্ন সময়ত এইসকলে ধৰ্মবিৰোধী স্থিতি লোৱাৰ অভিযোগ তুলি সমগ্ৰ বিশ্বৰ লগতে সনাতন ধৰ্মাৱলম্বী ৰাইজ যাতে এনে লোকৰ প্ৰৰোচনাত ভৰি নিদিয়ে, তাৰ সজাগতাৰ বাবেই এই হৰ্ডিং লগোৱা বুলি সংগঠনটোৱে দাবী কৰে।

ৰাজধানীৰ মাজমজিয়াত বিৰোধী দলৰ শীৰ্ষ নেতাক এইদৰে অপপ্ৰচাৰ চলোৱা কাৰ্যক লৈ এতিয়া তীব্ৰ ৰাজনৈতিক বাকযুদ্ধৰ সূচনা হৈছে।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *