দিনদুপৰতে টাইগাৰ শ্ৰফৰ গাড়ীলৈ লক্ষ্য কৰি ৫ জাঁই গুলী, বাইকত অহা তিনিজনীয়া দলৰ আক্ৰমণ

মায়ানগৰী মুম্বাইৰ ব্যস্ত পথত দিনদুপৰতে বলীউডৰ তাৰকা টাইগাৰ শ্ৰফৰ বাহনলৈ লক্ষ্য কৰি গুলীচালনা কৰে অচিনাক্ত দুৰ্বৃত্তই। দেওবাৰে সন্ধিয়া জুহুৰ পুষ্পা পাৰ্ক অঞ্চলত সংঘটিত হয় এই চাঞ্চল্যকৰ কাণ্ড। এখন মটৰচাইকেলত অহা তিনিজনীয়া এটা সশস্ত্ৰ দলে কোনো তৰ্ক-বিতৰ্ক নকৰাকৈয়ে অভিনেতাগৰাকীৰ বাহনখনলৈ লক্ষ্য কৰি একেৰাহে পাঁচ জাঁই গুলী বৰ্ষণ কৰে। আক্ৰমণৰ পৰা টাইগাৰ শ্ৰফ কথমপি ৰক্ষা পৰে যদিও অভিনেতাগৰাকীৰ চালক আৰু ওচৰতে থকা এজন অট’ৰিক্সা চালক গুলী লাগি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ঘটনাৰ পিছতেই সামাজিক মাধ্যমত এটা অডিঅ’ বাৰ্তা ভাইৰেল হৈ পৰে। নিজকে কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ ভাতৃ বুলি দাবী কৰি অনিল পণ্ডিত নামৰ ব্যক্তিজনে কয়, “মই অনিল পণ্ডিত, লৰেন্সৰ সৰু ভাই। মই অনিল পণ্ডিত আৰু মোৰ ককাই হৰমন সান্ধুৱে আজি মুম্বাইত টাইগাৰ শ্ৰফৰ ওপৰত হোৱা আক্ৰমণৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। আমি তেওঁক পূৰ্বেই সকীয়াই দিছিলোঁ, কিন্তু তেওঁ বুজি নাপালে। চলচ্চিত্ৰ উদ্যোগৰ যিয়েই আমাৰ বিৰুদ্ধে কাম কৰিব নাইবা ছলমান খানৰ সৈতে কাম কৰিব, তেওঁকেই হত্যা কৰা হ’ব। এইটো আমাৰ প্ৰথম আৰু শেষ সকীয়নি। ছলমান খান, মন দি শুনা। যদি তুমি মোৰ ককাই লৰেন্সৰ বিৰুদ্ধে যোৱা, তেন্তে আমি তোমাৰ সমগ্ৰ পৰিয়াল ধ্বংস কৰি পেলাম। মনত ৰাখিবা। তোমাৰ নিৰাপত্তা আছে বাবেই একো নহয় বুলি নাভাবিবা। তোমাৰ যি অৱস্থা হ’ব, সেয়া সমগ্ৰ বিশ্বই মনত ৰাখিব।”

সংবাদ সংস্থা আইএএনএছে জানিবলৈ দিয়া মতে, ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে মুম্বাই আৰক্ষীয়ে ইতিমধ্যে এজন ব্যক্তিক নিজৰ জিম্মাত লৈছে। আক্ৰমণকাৰীৰ সন্ধানত মুম্বাই আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰি ১৫ টা বিশেষ তদন্তকাৰী দল গঠন কৰিছে। ঘটনাস্থলীৰ পৰা খালী কাৰ্টিজ উদ্ধাৰ হোৱাৰ লগতে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি দুৰ্বৃত্তৰ মটৰচাইকেলৰ পঞ্জীয়ন নম্বৰ চিনাক্তকৰণৰ প্ৰচেষ্টা চলাইছে তদন্তকাৰী দলে।

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডেই আৰক্ষী প্ৰশাসনৰ সৈতে কথা পাতি সমগ্ৰ পৰিস্থিতিৰ বুজ লয়। নাগৰিকৰ সুৰক্ষাই চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ বুলি উল্লেখ কৰি শিণ্ডেই কয় যে এনে হিংসাত্মক আক্ৰমণৰ আঁৰত থকা অপৰাধী চক্ৰক তেওঁলোকৰ ভাষাত উত্তৰ দিয়া হ’ব আৰু কাকো ৰেহাই দিয়া নহ’ব। সমগ্ৰ বিষয়টো লৈ বৰ্তমানো মুম্বাইজুৰি তীব্ৰ চাঞ্চল্য অব্যাহত আছে।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *