শিশুৰ সুস্বাস্থ্য, সৰ্বাংগীণ বিকাশ আৰু উজ্জ্বল ভৱিষ্যৎ নিশ্চিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচী (RBSK) ২.০ৰ জৰিয়তে শিশু স্বাস্থ্যসেৱা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। মঙলবাৰে গুৱাহাটীৰ প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এই কাৰ্যসূচীৰ নিৰ্দেশনাৱলী উন্মোচন কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে শিশুৰ স্বাস্থ্যজনিত সমস্যাৰ আগতীয়া চিনাক্তকৰণ আৰু সময়মতে চিকিৎসা প্ৰদানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।
আৰবিএছকে ২.০ৰ অধীনত জন্মগত বিসংগতি, অপুষ্টি, বিভিন্ন ৰোগ আৰু বিকাশজনিত পলমৰ আগতীয়া চিনাক্তকৰণৰ লগতে শিশুৰ মানসিক স্বাস্থ্য, ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু অন্যান্য উদীয়মান স্বাস্থ্যজনিত সমস্যাসমূহৰ প্ৰতিও গুৰুত্ব দিয়া হ’ব। এনে সমস্যাসমূহ প্ৰাৰম্ভিক অৱস্থাতে চিনাক্ত কৰিব পাৰিলে উপযুক্ত চিকিৎসা প্ৰদান আৰু পৰৱৰ্তী জটিলতা হ্ৰাস কৰাত সহায়ক হ’ব।
মন্ত্ৰীগৰাকীয়ে কয় যে শিশুৰ স্বাস্থ্য সুৰক্ষা কেৱল স্বাস্থ্য বিভাগৰ দায়িত্ব নহয়; ই চৰকাৰ, পৰিয়াল, বিদ্যালয় আৰু সমাজৰ উমৈহতীয়া দায়িত্ব। প্ৰতিগৰাকী শিশুৱে যাতে সময়মতে স্বাস্থ্য পৰীক্ষা, প্ৰয়োজনীয় চিকিৎসা আৰু উপযুক্ত পৰামৰ্শ লাভ কৰে, তাৰ বাবে সংশ্লিষ্ট সকলো পক্ষই সমন্বিতভাৱে কাম কৰিব লাগিব।
শিশুৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ ক্ষেত্ৰত সঠিক পুষ্টি, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্যসন্মত জীৱনশৈলীৰ গুৰুত্বৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিশেষকৈ বিদ্যালয়সমূহত স্বাস্থ্য ক্লাবৰ কাৰ্যকলাপ শক্তিশালী কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পুষ্টি, মানসিক সুস্থতা, শাৰীৰিক সক্ৰিয়তা আৰু স্বাস্থ্যসন্মত অভ্যাসৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।
কাৰ্যসূচীটোৰ সফল ৰূপায়ণৰ বাবে স্বাস্থ্য বিভাগ, চিকিৎসা প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আৰু সংশ্লিষ্ট বিভাগসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰাটোও গুৰুত্বপূৰ্ণ। শিশুৰ স্বাস্থ্য পৰীক্ষাৰ সময়ত চিনাক্ত হোৱা সমস্যাসমূহৰ ক্ষেত্ৰত প্ৰয়োজনীয় চিকিৎসা আৰু পৰৱৰ্তী স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ জৰিয়তে কাৰ্যসূচীটোক অধিক ফলপ্ৰসূ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে।
উল্লেখযোগ্য যে অনুষ্ঠানৰ আৰম্ভণিতে অসম সংগীত পৰিৱেশন আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যবাহী সঞ্চালকে আদৰণী ভাষণ প্ৰদান কৰে। অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক ডাঃ লক্ষ্মণন এছ, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী আৰু প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ বসন্ত কুমাৰ বৈশ্যকে ধৰি স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
