১৩ অক্টোবৰৰ দিছপুৰত হ’বলগীয়া জংগী প্ৰতিবাদ স্থগিত ৰাখিলে ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে
৫৭ হাজাৰ পৰিয়ালৰ তালিকা ৰাজহুৱা কৰাৰ দাবী মানি লোৱা নাই মুখ্যমন্ত্ৰীয়ে, আলোচনা অচল, পুনৰ ৰাইজৰ দলে জংগী ৰূপ লোৱাৰ সম্ভাৱনা
উজনি অসমৰ বানপীড়িত ৰাইজৰ ক্ষতিপূৰণৰ দাবীত যোৱা ২ অক্টোবৰৰ পৰা বিধানসভা চৌহদত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে অবিৰত সত্যাগ্ৰহ অব্যাহত ৰখাৰ মাজতে ৰাজ্য চৰকাৰে তেওঁৰ সৈতে আলোচনা আৰম্ভ কৰিছে। বানত সৰ্বস্বান্ত হোৱা পৰিয়ালসমূহক ১০ লাখ টকাৰ সাহায্য প্ৰদান, প্ৰতিটো বানপীড়িত পৰিয়ালক ১৫ হাজাৰ টকাৰ এককালীন সাহায্য আৰু অতিৰিক্তভাৱে শিৱসাগৰ আৰু চৰাইদেউৰ ক্ষতিগ্ৰস্তসকলৰ বাবে ১০ হাজাৰ টকাৰ সাহায্য প্ৰদান আৰু প্ৰলয়ৰ কাৰণ উদ্ঘাটনৰ বাবে চিবিআইৰ তদন্তৰ দাবী উত্থাপন কৰি আহিছে অখিল গগৈয়ে।
ৰাজ্য চৰকাৰে আলোচনা আৰম্ভ কৰাত আজি ৰাজপথৰ প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখে ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদকাৰীসকলে। অৱশ্যে ক্ষতিপূৰণৰ পৰা প্ৰকৃত বানপীড়িত পৰিয়াল যাতে বঞ্চিত নহয়, সেয়া নিশ্চিত নোহোৱালৈকে মূল বিষয়টোৰ মীমাংসা হোৱা নাই বুলি স্পষ্ট কৰি দিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে অনিৰ্দিষ্টকালীন সত্যাগ্ৰহো এই মুহূৰ্তলৈকে অব্যাহত ৰাখিছে, কেৱল ৰাজপথত ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চলাই অহা প্ৰতিবাদহে আজি স্হগিত ৰাখিছে। ৰাইজৰ দলৰ সভাপতি
অখিল গগৈয়ে প্ৰকাশ কৰা মতে, কালি নিশা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে টেলিফোনযোগে দুবাৰকৈ আলোচনা হয়। আলোচনাৰ সময়ত মন্ত্ৰীগৰাকীয়ে প্ৰতিবাদকাৰীসকলৰ দাবীসমূহ বিতংভাৱে শুনাৰ লগতে বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰে। ইয়াৰ পিছত তেওঁ পুনৰ ফোন কৰি উজনি অসমৰ বন্যাৰ্ত্যক সাহায্য প্ৰদানৰ কিছু বিষয়ত ইতিবাচক ইংগিত দিয়ে। বিধায়ক অখিল গগৈয়ে কয়- “মন্ত্ৰী কেশৱ মহন্তৰ সৈতে আলোচনাৰ পিছত তেওঁ মুখ্যমন্ত্ৰীকো বিষয়সমূহৰ বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰীৰ সৈতে আজি দিনটোত কেইবাবাৰো হোৱাটছএপযোগে আলোচনা হৈছে। কিছুমান দাবীৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ইতিবাচক আৰু আন কিছুমানৰ ক্ষেত্ৰত নেতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অৱশ্যে ক্ষতিপূৰণৰ পৰা প্ৰকৃত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়াল উপকৃত হ’বনে নাই, সেই বিষয়টো এতিয়াও নিষ্পত্তি হোৱা নাই। মুখ্যমন্ত্ৰীয়ে পূৰ্বে বিদ্যালয়ৰ শিক্ষকৰ জৰিয়তে প্ৰথমটো সমীক্ষা চলোৱাৰ পিছত পুনৰ সমীক্ষা কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ এখন তালিকা প্ৰস্তুত কৰাৰ কথা কৈছিল। সেই তালিকা ৰাজহুৱা কৰাৰ লগতে ৱেবছাইট বা জাননীৰ জৰিয়তে প্ৰকাশ কৰাৰো কথা আছিল। তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা কোনো প্ৰকৃত ক্ষতিগ্ৰস্ত পৰিয়ালে উপযুক্ত প্ৰমাণসহ আপত্তি দাখিল কৰাৰ সুযোগ লাভ কৰাৰ কথা আছিল। কিন্তু চৰকাৰে কেৱল প্ৰায় ৫৭ হাজাৰ পৰিয়ালৰ এখন তালিকা প্ৰস্তুত কৰি সেই তালিকাই চূড়ান্ত বুলি ঘোষণা কৰে, ফলত বহু প্ৰকৃত বানপীড়িত পৰিয়াল ক্ষতিপূৰণৰ পৰা বঞ্চিত হোৱাৰ আশংকা কৰা হৈছে ।” এই কথা প্ৰকাশ কৰি অখিল গগৈয়ে কোন পৰিয়ালৰ নাম তালিকাত আছে আৰু কোন পৰিয়ালৰ নাম নাই, সেই বিষয়ে বহু ক্ষতিগ্ৰস্ত পৰিয়াল অৱগত নহয় বুলি মত প্ৰকাশ কৰে। সেয়েহে তালিকাখন শীঘ্ৰে ৰাজহুৱা কৰি পৰৱৰ্তী সাতৰ পৰা দহ দিনলৈ আপত্তি আৰু আবেদন গ্ৰহণৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে অখিল গগৈয়ে। এই সময়ছোৱাত তালিকাত নাম নথকা অথচ প্ৰকৃততে ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক পুনৰ আবেদন কৰাৰ সুযোগ দিয়াৰ লগতে তেওঁলোকৰ ঘৰ-দুৱাৰৰ পুনৰ সমীক্ষা চলোৱাৰো দাবী উত্থাপন কৰিছে তেওঁ। শিৱসাগৰৰ বিধায়কজনৰ আশংকা- এই
ব্যৱস্থা গ্ৰহণ নকৰিলে বহু প্ৰকৃত ক্ষতিগ্ৰস্ত পৰিয়ালে সাহায্য লাভ নকৰিব পাৰে। আনহাতে, প্ৰকৃততে ক্ষতিগ্ৰস্ত নোহোৱা কিছুমান পৰিয়ালেও সাহায্য লাভ কৰাৰ সম্ভাৱনা থাকিব। এই বিষয়ত মুখ্যমন্ত্ৰীয়ে পৰীক্ষা কৰি চোৱাৰ আশ্বাস দিয়া বুলি সদৰী কৰি অখিল গগৈয়ে লগতে কয় যে মুখ্যমন্ত্ৰীয়ে বিষয়টো পৰীক্ষা কৰি চাবলৈ কিছু সময় বিচাৰিছে। ফলত বানপীড়িতৰ ক্ষতিপূৰণক লৈ চৰকাৰ আৰু প্ৰতিবাদকাৰীৰ মাজৰ আলোচনা অব্যাহত আছে।
শেহতীয়াকৈ পোৱা খবৰ অনুসৰি, অসমৰ মুখ্যমন্ত্ৰীয়ে চৰকাৰে তৈয়াৰ কৰা ক্ষতিগ্ৰস্তৰ তালিকা ৰাজহুৱা নকৰে বুলি অখিল গগৈক জানিবলৈ দিছে। তাৰ বিপৰীতে, চৰকাৰে তৈয়াৰ কৰা তালিকা চূড়ান্ত বুলি ঘোষণা কৰি সেই তালিকাকে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত জমা দিব বুলি স্পষ্ট কৰি দিছে। ফলত তালিকাত অন্তৰ্ভুক্ত নোহোৱা প্ৰকৃত প্ৰলয়পীড়িতই চৰকাৰী ক্ষতিপূৰণৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত হৈছে। বিশেষ সূত্ৰই জনোৱা মতে অখিল গগৈয়েও মুখ্যমন্ত্ৰীক তালিকা পুনৰ পৰীক্ষা নকৰাকৈ আৰু প্ৰকৃত ক্ষতিগ্ৰস্তক বঞ্চিত তালিকাক কোনোপধ্যেই মানি নলওঁ বুলি মুখ্যমন্ত্ৰীক স্পষ্টকৈ জনাই দিছে।
