গুৱাহাটী

“শান্তি পোৱা নাই” – উত্তৰাধিকাৰী প্ৰমাণপত্ৰ লৈ আবেগিক গৰিমা শইকীয়া গাৰ্গ

“শান্তি পোৱা নাই” – উত্তৰাধিকাৰী প্ৰমাণপত্ৰ লৈ আবেগিক গৰিমা শইকীয়া গাৰ্গ

কামৰূপ (মেট্ৰ’) জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ অনুকূলে উত্তৰাধিকাৰী প্ৰমাণপত্ৰ জাৰি কৰিছে। ইয়াৰ জৰিয়তে তেওঁক জুবিন গাৰ্গৰ বিত্তীয় সম্পত্তি আৰু বেংক একাউণ্টৰ ওপৰত আইনী অধিকাৰ প্ৰদান কৰা হৈছে। বুধবাৰে জিলা আৰু সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ৰ পৰা গৰিমাই প্ৰমাণপত্ৰখন সংগ্ৰহ কৰে। নথিখন লাভ কৰাৰ পিছতেই আদালত চৌহদত তেওঁ আবেগিক হৈ পৰে। সংবাদ মাধ্যমৰ আগত গৰিমাই কয় যে এনে পৰিস্থিতিত তেওঁ কেতিয়াও উত্তৰাধিকাৰী প্ৰমাণপত্ৰ ল’বলগীয়া হ’ব বুলি কল্পনা কৰা নাছিল। “যি কৰিছিলোঁ, আমি সদায় একেলগে থাকিম বুলি ভাবিয়েই কৰিছিলোঁ। জীৱনত এনেদৰে উত্তৰাধিকাৰী প্ৰমাণপত্ৰ ল’বলগীয়া হ’ব বুলি কেতিয়াও বিচৰা নাছিলোঁ। আজি পোৱাৰ পিছতো মই শান্তি…
Read More
নাগৰিকত্ব প্ৰমাণত ব্যৰ্থ: ১৫ নথি, মৌখিক সাক্ষ্য খাৰিজ, শ্ৰমিকক বিদেশী ঘোষণা

নাগৰিকত্ব প্ৰমাণত ব্যৰ্থ: ১৫ নথি, মৌখিক সাক্ষ্য খাৰিজ, শ্ৰমিকক বিদেশী ঘোষণা

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ এজন বাসিন্দাক বিদেশী ঘোষণা কৰা বিদেশী ন্যায়াধিকৰণৰ সিদ্ধান্ত বাহাল ৰাখিছে। ন্যায়ালয়ে ৰায় দিছে যে ১৫টা নথি আৰু মৌখিক সাক্ষ্য দাখিল কৰাৰ পিছতো তেওঁ ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিবলৈ ব্যৰ্থ হৈছে। ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ শ্বামিমা জাহানৰ এখন খণ্ড বিচাৰপীঠে দিন-হাজিৰা শ্ৰমিকজনৰ আবেদন খাৰিজ কৰে। বিচাৰপীঠে কয় যে দাখিল কৰা প্ৰমাণসমূহ হয় আইনীভাৱে গ্ৰহণযোগ্য নহয়, নহয় ১৯৪৬ চনৰ বিদেশী আইনৰ ৯ নং ধাৰাৰ অধীনত নাগৰিকত্ব প্ৰমাণৰ বাবে অপৰ্যাপ্ত। গুৱাহাটীৰ ওচৰত ভাড়াঘৰত থকা আবেদনকাৰীজনে ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি), বিভিন্ন বছৰৰ ভোটাৰ তালিকা, তেওঁৰ ককাকে সম্পাদন কৰা ১৯৭৩ চনৰ ভূমি দলিল, ২০১৭ চনৰ বিদ্যালয়ৰ প্ৰমাণপত্ৰ, পেন কাৰ্ড,…
Read More
সাংবাদিকৰ কেমেৰাত বন্দী মেঘালয় সীমান্তবৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলত বিলুপ্তপ্ৰায় প্ৰজাতিৰ ভালুকৰ বিচৰণৰ দৃশ্য

সাংবাদিকৰ কেমেৰাত বন্দী মেঘালয় সীমান্তবৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলত বিলুপ্তপ্ৰায় প্ৰজাতিৰ ভালুকৰ বিচৰণৰ দৃশ্য

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ  অসম-মেঘালয় সীমান্তৱৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলৰ গভীৰ অৰণ্যত শেহতীয়াকৈ  বিলুপ্তিপ্ৰায় প্ৰজাতিৰ  কলা ৰঙৰ ভালুকৰ বিচৰণ কৰি থকা দৃশ্য কেমেৰাত বন্দী কৰিবলৈ সক্ষম হৈছে জ্যেষ্ঠ সাংবাদিক তথা পৰিবেশকৰ্মী জোন ৰাভাই। জানিব পৰা মতে ৰাণী সংৰক্ষিত বনাঞ্চলৰ  কিছু নিলগৰ বিক্ৰমপুৰৰ  বাসিন্দা তথা এটা  টেলিভিছন চেনেলৰ জ্যেষ্ঠ সাংবাদিক জোন ৰাভাই জানিবলৈ দিয়া মতে তেওঁ মাজে সময়ে ঘৰৰ ওচৰতে থকা ৰাণী সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন অৰণ্যত বাতৰি সংগ্ৰহৰ লগতে জীৱ জন্তু নিৰীক্ষণৰ বাবে অৰণ্যত ঘূৰি ফুৰা কাৰ্য এটা অভ্যাসত পৰিণত হৈছিল। এদিন জয়পুৰ বনগাঁৱৰ গাঁওবুঢ়া হেমন্ত কে মাৰাকে তেওঁক জনাই যে সেই অৰণ্যত কলা ভালুক আছে বুলি সৰুতে তেওঁলোকে শুনিছিল। আনকি পুৰণি মানুহখিনীয়ে…
Read More
নতুন বছৰৰ প্ৰথম দিনটোতে গ্ৰাহকলৈ দুঃসংবাদঃ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

নতুন বছৰৰ প্ৰথম দিনটোতে গ্ৰাহকলৈ দুঃসংবাদঃ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

২০২৬ বৰ্ষৰ পহিলা জানুৱাৰীৰ দিনটোতে দেশৰ সাধাৰণ জনতাৰ বাবে আহিছে এক তীব্ৰ অৰ্থনৈতিক মোক্ষম। কেন্দ্ৰীয় চৰকাৰে পাইপ প্ৰাকৃতিক গেছৰ মূল্য হ্ৰাস কৰাৰ বিপৰীতে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যত অভূতপূৰ্ব বৃদ্ধি ঘটাইছে। বিশেষকৈ যোৱা ২৮ মাহৰ ভিতৰত এয়া হৈছে গেছ চিলিণ্ডাৰৰ সৰ্বাধিক মূল্যবৃদ্ধি। ইয়াৰ পূৰ্বে ২০২৩ চনৰ অক্টোবৰ মাহত এনেদৰে একাদিক্ৰমে গেছৰ দাম বৃদ্ধি কৰা হৈছিল। ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনৰ তথ্য অনুসৰি, দেশৰ চাৰিখন মহানগৰৰ ভিতৰত তিনিখনত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১১১ টকাকৈ বৃদ্ধি পাইছে। ইয়াৰ ফলস্বৰূপে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১,৬৯১.৫০ টকাত উপনীত হৈছে, যিটো যোৱা জুন মাহৰ পাছত সৰ্বাধিক। একেদৰে কলকাতাত ১,৭৯৫ টকা আৰু মুম্বাইত ১,৬৪২.৫০ টকালৈ দাম বৃদ্ধি পাইছে।…
Read More
পাকিস্তান-চৌদি আৰবৰ মাজত প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ

পাকিস্তান-চৌদি আৰবৰ মাজত প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ

বুধবাৰে চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমান আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এক চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিক কৌশলগত পাৰস্পৰিক প্ৰতিৰক্ষা চুক্তি বুলি কোৱা হৈছে। এই চুক্তিৰ অধীনত যিকোনো এখন দেশৰ ওপৰত যিকোনো আক্ৰমণক দুয়োখন দেশৰ ওপৰত আক্ৰমণ বুলি গণ্য কৰা হ’ব। এই চুক্তি প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ চৌদি আৰৱ ভ্ৰমণৰ সময়ত কৰা হয়। ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে ৰিয়াধৰ আল-য়ামামা পেলেচত শ্বাহবাজ শ্বৰীফক আদৰণি জনায়। বৈঠকত দুয়োগৰাকী নেতাই তেওঁলোকৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰে। পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী মহম্মদ ইছহাক দাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে-দুয়োখন দেশৰ মাজত প্ৰায় ৮০ বছৰীয়া সম্পৰ্ক আছে,…
Read More
১০ অক্টোবৰত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন, ১১ অক্টোবৰত ভোটগণনা

১০ অক্টোবৰত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন, ১১ অক্টোবৰত ভোটগণনা

গুৱাহাটী প্ৰেছ ক্লাবৰ ২০২৫-২৭ বৰ্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ১০ অক্টোবৰ, শুকুৰবাৰে। ১১ অক্টোবৰ, শনিবাৰে ভোটগণনা কৰা হ'ব আৰু সেইদিনাই ফলাফল ঘোষণা কৰা হ'ব। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত এই কথা ঘোষণা কৰে গুৱাহাটী প্ৰেছ ক্লাব নির্বাচন সমিতিয়ে। উল্লেখ্য, 'আমাৰ অসম'ৰ কাৰ্যবাহী সম্পাদক গৌতম শর্মাক অধ্যক্ষ হিচাপে লৈ গুৱাহাটী প্ৰেছ ক্লাবৰ ২০২৫-২৭ বৰ্ষৰ নিৰ্বাচন সমিতি গঠন কৰি দিছে গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভাই। নির্বাচন সমিতিৰ আন চাৰিগৰাকী সদস্য হৈছে ক্রমে 'দৈনিক অসম'ৰ জ্যেষ্ঠ সাংবাদিক অতুল্য মাধৱ গোস্বামী, 'প্রতিদিন টাইম'ৰ জ্যেষ্ঠ সাংবাদিক জিষ্ণু মেধি, 'এন ডি ২৪'ৰ জ্যেষ্ঠ সাংবাদিক অনিতা কলিতা গোস্বামী আৰু 'ডি বাই ৩৬৫'ৰ জ্যেষ্ঠ সাংবাদিক প্রশান্ত বল্লভ হাজৰিকা।…
Read More
শগুনৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস, আঁৰৰ কাৰণ কি

শগুনৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস, আঁৰৰ কাৰণ কি

প্ৰকৃতিৰ চাফাই কৰ্মী হিচাপে পৰিচিত শগুনৰ পৰিৱেশক ৰোগমুক্ত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা আছে যদিও এতিয়া, ইহঁতে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। পূৰ্বতে আমাৰ পথাৰবোৰত বহুতো শগুন দেখা গৈছিল যদিও এতিয়া ইয়াৰ সংখ্যা কমি আহিছে। ইয়াৰ আঁৰৰ কাৰণ কি জানো আহক।মূলতঃ ৰাসায়নিক পদাৰ্থযুক্ত প্ৰাণীৰ মৃতদেহ ভক্ষণৰ বাবেই শগুনৰ মৃত্যু ঘটনা বিভিন্ন সময়ত আমি দেখি আহিছোঁ। যাৰ বাবে বিশেষজ্ঞসকলে সংৰক্ষণৰ প্ৰচেষ্টাত তৃণমূল পৰ্যায়ৰ লোকক অধিক জড়িত হোৱাৰ আহ্বান জনাইছে।শগুনৰ প্ৰধান খাদ্য হিচাপে পৰিগণিত জীৱ-জন্তুৰ মৃতদেহত ননষ্টেৰইডাল এন্টি-ইনফ্লেমেটৰী (NSAID) ঔষধ ব্যৱহাৰ কৰাৰ ফলতেই ৰাজ্যখনত ইয়াৰ জনসংখ্যা হ্ৰাস পোৱা পাবলৈ ধৰিছে।
Read More
কৰ্মচাৰী ৰাজ্যিক বীমা নিগম চিকিৎসা মহাবিদ্যালয়ত নাৰ্ছিং অফিচাৰৰ বিভিন্ন সমস্যা সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা

কৰ্মচাৰী ৰাজ্যিক বীমা নিগম চিকিৎসা মহাবিদ্যালয়ত নাৰ্ছিং অফিচাৰৰ বিভিন্ন সমস্যা সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা

অল ইণ্ডিয়া ইএছআইচি   নার্চিং অফিচাৰ্ছ ফেডাৰেচনৰ সাধাৰণ সম্পাদক যোধৰাজ বাইৰৱাই পহিলা আগষ্টত বেলতলাস্থিত কৰ্মচাৰী ৰাজ্যিক বীমা নিগম চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত তেওঁ কৰ্মচাৰী ৰাজ্যিক বীমা নিগম নাৰ্ছ এছ’চিয়েছনৰ অসম মণ্ডল (AIESICNOF)ৰ সদস্যসকলৰ সৈতে বিভিন্ন বিষয়ত গঠনমূলক বৈঠকত অংশগ্ৰহণ কৰে। এই উপলক্ষে গুৱাহাটী মহানগৰীৰ বেলতলাৰ লগতে তিনিচুকীয়াকে ধৰি ৰাজ্যখনৰ বিভিন্ন DCBOৰ প্ৰতিনিধিৰ উপস্থিতিত এখন সাধাৰণ সভা বেলতলাস্থিত কৰ্মচাৰী ৰাজ্যিক বীমা নিগম চিকিৎসা মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। কৰ্মচাৰী ৰাজ্যিক বীমা নিগম নাৰ্ছ এছ’চিয়েছনৰ অসম মণ্ডলৰ সভাপতি মাইনু বৰা, সাধাৰণ সম্পাদক জয়শ্ৰী সিংহৰ নেতৃত্বত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাত বিভাগীয় পদোন্নতি সভা (DPC) তৎপৰতাৰে অনুষ্ঠিত কৰা, বাৰ্ষিক সাধাৰণ স্থানান্তৰ (AGT)ৰ অধীনত নাৰ্ছিং অফিছাৰ…
Read More
২৮ জুলাইত লোকসভাত আৰু ২৯ জুলাইত ৰাজ্যসভাত অপাৰেচন সিন্দুৰৰ ওপৰত আলোচনা

২৮ জুলাইত লোকসভাত আৰু ২৯ জুলাইত ৰাজ্যসভাত অপাৰেচন সিন্দুৰৰ ওপৰত আলোচনা

২৮ জুলাইত লোকসভাত আৰু ২৯ জুলাইত ৰাজ্যসভাত অপাৰেচন সিন্দুৰৰ ওপৰত আলোচনা হ’ব।সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দুয়োটা সদনত ১৬-১৬ ঘণ্টাকৈ বিতৰ্কৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছে। ২১ জুলাইৰ পৰা আৰম্ভ হৈছিল সংসদৰ বৰ্ষাকালিন অধিৱেশন। যোৱা ৩ দিন ধৰি বিৰোধীয়ে অপাৰেচন সিন্দুৰ, বিহাৰ ভোটাৰ ভেৰিফিকেচন আদি বিষয়ত হুলস্থুলৰ সৃষ্টি কৰি আহিছে। তিনিদিনত দুয়োটা সদনৰ কাৰ্য্যবিধি অবিৰতভাৱে আধা ঘণ্টাও চলিব নোৱাৰিলে। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বুধবাৰে কয় যে চৰকাৰে অপাৰেচন সিন্দুৰ চলি আছে বুলি কোৱাৰ বিপৰীতে ড’নাল্ড ট্ৰাম্পে ইয়াক বন্ধ কৰা বুলি দাবী কৰিছে। ট্ৰাম্পে ২৫ বাৰ কৈছে যে তেওঁ যুদ্ধবিৰতি কৰিছিল। ইয়াৰ উত্তৰ চৰকাৰে দিব লাগে। ইয়াৰ পূৰ্বে বিহাৰৰ ভোটাৰ তালিকা…
Read More
২৬ ছেপ্টেম্বৰত পাঠশালাত সাহিত্য সাধনা দিৱসত প্ৰদান কৰা হব বঁটা

২৬ ছেপ্টেম্বৰত পাঠশালাত সাহিত্য সাধনা দিৱসত প্ৰদান কৰা হব বঁটা

সাহিত্য সাধনা মঞ্চ অসমৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাখন আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাৰ পাছত বিয়লি অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰে মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ দাস, সম্পাদক নৱজিৎ দাস , মুখ্য উপদেষ্টা বিনয় কুমাৰ শৰ্মা আৰু বজালী জিলা সমিতিৰ ডঃ চন্দনা শৰ্মা আৰু সহকাৰী সম্পাদক দেব বৰাই । সংবাদমেলত সাহিত্য সাধনা মঞ্চ , অসমৰ সংবিধান প্রদত্ত চাৰিটা সৰ্বোচ্চ সন্মান অসমৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াই অহা চাৰিগৰাকী বিশিষ্ট সাহিত্যিক আৰু শিল্পীলৈ আগবঢ়োৱা হব বুলি কেন্দ্ৰীয় সমিতিৰ সম্পাদকে ঘোষণা কৰে। সেই অনুসৰি অসমৰ জাতীয়…
Read More