খাৰ্গেৰ সভাস্থলত ‘শুদ্ধিকৰণ’ কাণ্ডৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ (AICC) সভাপতি মল্লিকাৰ্জুন খাৰ্গে কেইদিনমান আগতে উত্তৰাখণ্ডৰ হলদৱানীত এখন ৰাজহুৱা সভাত অংশ লোৱাৰ পিছত সেই সভাস্থলত BJP য়ে কথিতভাৱে গংগাজল ছটিয়াই “শুদ্ধিকৰণ” কৰাৰ “বৈষম্যমূলক আৰু নিন্দনীয়” কাৰ্যৰ বিৰুদ্ধে আজি গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটি (APCC) য়ে।

AICC সভাপতিৰ প্ৰতি একাত্মতা প্ৰকাশ কৰাৰ লগতে সাংবিধানিক মূল্যবোধ সুৰক্ষিত কৰাৰ দাবীত গুৱাহাটী চহৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত দিছপুৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা এটা প্ৰতিবাদী পদযাত্ৰা আৰু সত্যাগ্ৰহৰ আয়োজন কৰা হয়। প্ৰতিবাদ কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ, প্ৰাক্তন বিধায়ক সত্যৱ্ৰত কলিতা, APCC ৰ প্ৰশাসনিক সাধাৰণ সম্পাদক বিপুল গগৈ, সাংগঠনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, সাধাৰণ সম্পাদক শান্তনু বৰঠাকুৰ, গুৱাহাটী জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাস, জ্যেষ্ঠ নেতা গুণকান্ত গগৈ, জ্যেষ্ঠ নেত্ৰী বালিকা লাহন পেগু আৰু ৰূপা দেউৰীকে ধৰি শতাধিক দলীয় নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

কাৰ্যসূচীৰ আৰম্ভণিতে APCC ৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে প্ৰদৰ্শনৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে AICC ৰ নিৰ্দেশ অনুসৰি সমগ্ৰ দেশতে জিলা পৰ্যায়ত এই প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে।

ইয়াৰ পিছত কংগ্ৰেছ নেতা আৰু কৰ্মীসকলে তীব্ৰ শ্লোগান দি এটা শোভাযাত্ৰা উলিয়ায়। আৰক্ষীয়ে শান্তিপূৰ্ণ পদযাত্ৰাত বাধা দিবলৈ চেষ্টা কৰাত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত কিছু সময়ৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কংগ্ৰেছ কৰ্মীসকলে “BJP চৰকাৰ গ’ বেক”, “BJP চৰকাৰ হায় হায়”, “সংবিধানক অপমান কৰা বন্ধ কৰা”, “বৈষম্যমূলক ৰাজনীতিৰ অন্ত পেলোৱা”, “মোদী হটাও, দেশ বচাও”, “হিমন্ত বিশ্বৰ গুণ্ডাগিৰি মানি লোৱা নহ’ব”, “BJP হোছিয়ৰ”, “জৱ জৱ মোদী ডৰতা হ্যায়, পুলিচ কো আগেই কৰতা হ্যায়” আদি বিভিন্ন শ্লোগানেৰে ৰাজপথ কঁপাই তোলে।

প্ৰতিবাদস্থলত সংবাদ মাধ্যমক সম্বোধন কৰি গৌৰৱ গগৈয়ে BJP চৰকাৰ আৰু দলটোক তীব্ৰ ভাষাত আক্ৰমণ কৰে। তেওঁ কয় যে ভাৰতৰ সংবিধানে প্ৰতিগৰাকী নাগৰিকক সমান অধিকাৰ আৰু মৰ্যাদা প্ৰদান কৰে। তেওঁ কয় যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে এজন দলিত নেতা হোৱাৰ বাবেই সভাস্থলত গংগাজল ছটিয়াই “শুদ্ধিকৰণ”ৰ নাটক মঞ্চস্থ কৰাটো BJP আৰু RSS ৰ সংকীৰ্ণ, সাম্প্ৰদায়িক, জাতিবিদ্বেষী আৰু বৈষম্যমূলক মানসিকতাৰ প্ৰতিফলন। গগৈয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই কাৰ্যই কেৱল খাৰ্গেকেই অপমান কৰা নাই, সমগ্ৰ দেশ আৰু পবিত্ৰ সংবিধানকো অপমান কৰিছে।

শান্তিপূৰ্ণ প্ৰদৰ্শনত আৰক্ষীয়ে বাধা দিয়াৰ তীব্ৰ নিন্দা কৰি গগৈয়ে লগতে কয় যে গৃহ বিভাগৰ নিৰ্দেশত অসম আৰক্ষীয়ে গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিবলৈ চেষ্টা কৰিছে।

জনতাৰ খং আৰু প্ৰতিবাদক BJP ভয় খায় আৰু সেইবাবেই আৰক্ষীৰ আঁৰত লুকাই থাকে বুলি কৈ তেওঁ দাবী কৰে যে আৰক্ষীৰ ভয় দেখুৱাই জনতাৰ কণ্ঠ দমন কৰিব নোৱাৰি। তেওঁ দৃঢ়তাৰে ঘোষণা কৰে যে BJP ৰ অন্যায়, অত্যাচাৰ আৰু বিভাজনকাৰী ৰাজনীতিৰ বিৰুদ্ধে সংবিধান ৰক্ষাৰ বাবে কংগ্ৰেছ দলে আগন্তুক দিনতো যুঁজ অব্যাহত ৰাখিব।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *