গুৱাহাটী

জুনত সমগ্ৰ দেশত বৰষুণৰ হাৰ ৮ শতাংশ হ্ৰাস

জুনত সমগ্ৰ দেশত বৰষুণৰ হাৰ ৮ শতাংশ হ্ৰাস

বাৰিষাৰ প্ৰথম মাহ অৰ্থাৎ জুন মাহৰ অন্ত পৰিছে। দেশৰ কেইখনো ৰাজ্যত এই মাহত সাধাৰণতকৈ অধিক বৰষুণ হয়। বতৰ বিজ্ঞান বিভাগটোৰ শেহতীয়া বৰষুণৰ তথ্য অনুসৰি পাঁচখন ৰাজ্যত জুন মাহত অতি প্ৰচণ্ড বৰষুণ হয়। এই ৰাজ্যসমূহৰ ভিতৰত ঝাৰখণ্ড, কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ, ৰাজস্থান, গুজৰাট আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউ। বতৰ বিজ্ঞান বিভাগে ৰাজ্যভিত্তিক বৰষুণৰ শেহতীয়া তথ্যত দেখা গৈছে যে ২০২৫ চনৰ ১ জুনৰ পৰা ২৯ জুনলৈ সমগ্ৰ দেশতে বৰষুণৰ হাৰ প্ৰায় আঠ শতাংশ হ্ৰাস পাইছে। ১০খন ৰাজ্যত বৰষুণৰ হাৰ হ্ৰাস পোৱা দেখা গৈছে। দেশৰ বিভিন্ন প্ৰান্তত হোৱা বৰষুণৰ পৰিমাণ চাবলৈ গ'লে ১ জুনৰ পৰা ২৯…
Read More
খোল খালে মহাশক্তিপীঠ মা কামাখ্যা মন্দিৰৰ দুৱাৰ

খোল খালে মহাশক্তিপীঠ মা কামাখ্যা মন্দিৰৰ দুৱাৰ

খোল খালে মহাশক্তিপীঠ মা কামাখ্যা মন্দিৰৰ দুৱাৰ। সম্পূৰ্ণ চাৰিদিনৰ পিছত আজি খোল খালে মা কামাখ্যা মন্দিৰৰ দুৱাৰ। বৃহস্পতিবাৰে পুৱতি নিশা অম্বুবাচীৰ নিবৃত্তিৰ পিছতেই নিয়মীয়া পূজা-অৰ্চনাৰ অন্তত ভক্তৰ বাবে মা কামাখ্যা মন্দিৰৰ দ্বাৰ মুকলি কৰা হয়। অম্বুবাচীৰ চাৰিওটা দিনতে দেশী আৰু বিদেশী লক্ষাধিক ভক্তই মাৰ আশিস বিচাৰি মন্দিৰ প্ৰাংগণত ভিৰ কৰা পৰিলক্ষিত হয়। বৃহস্পতিবাৰে পুৱা মা কামাখ্যা মন্দিৰ প্ৰাংগণ পৰম্পৰা অনুসৰি পৰিষ্কাৰ কৰাৰ পিছত নৱবসনা দেৱীৰ প্ৰতিমূৰ্তিত পূজা-অৰ্চনা কৰা হয়। নিবৃত্তিৰ পিছত সূর্যোদয়ৰ লগে লগে পুৱা প্ৰায় ৫ বজাত খোল খাই শক্তিপীঠ মা কামাখ্যাৰ গৰ্ভগৃহৰ মূল দুৱাৰ। উল্লেখ্য যে ২২ জুনৰ দিনা আবেলি ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে…
Read More
১৭ জানুৱাৰীত ৰাজ্যিক বিজেপিৰ নতুন সভাপতি মনোনয়ন দাখিল কৰিব পাৰিব

১৭ জানুৱাৰীত ৰাজ্যিক বিজেপিৰ নতুন সভাপতি মনোনয়ন দাখিল কৰিব পাৰিব

সমষ্টি পুনৰ গঠনৰ পিছত নতুনকৈ গঠন হোৱা বিজেপিৰ জালুকবাৰী সমষ্টিৰ চাৰিটা মণ্ডলৰ ভিতৰত আজাৰা ভি আই পিস্থিত বিমানকোঠ মণ্ডল সমিতিৰ অস্থায়ী কাৰ্যালয়টো আজি মাংগলিক কাৰ্যৰ মাজেৰে শুভ উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই উপলক্ষে বিমানকোঠ মণ্ডলৰ নৱনিৰ্বাচিত সভাপতি তীৰ্থ মেধিৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে আজিৰ এই শুভ দিন তথা পহিলা মঘাৰ দিনত বিমানকোঠ মণ্ডল কাৰ্যালয়টো শুভ উদ্বোধন কৰা হ’ল। অস্থায়ী কাৰ্যালয় আজি শুভ-উদ্বোধন কৰা হৈছে যদিও অনাগত সময়ত স্থায়ীকৈ চাৰি মহলীয়া বিল্ডিং নিৰ্মাণ কৰা হ’ব। লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৱল নেতৃত্বত দেশখন আগুৱাই লৈ গৈছে। যোৱা তিনিমাহ ধৰি ভাৰতীয় জনতা…
Read More
সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই আনুষ্ঠানিকভাৱে আৰ্নেষ্টো অট্টন ৰামিৰেজৰ পৰা বিশ্ব ঐতিহ্যক্ষেত্ৰৰ প্ৰমাণ পত্ৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে

সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই আনুষ্ঠানিকভাৱে আৰ্নেষ্টো অট্টন ৰামিৰেজৰ পৰা বিশ্ব ঐতিহ্যক্ষেত্ৰৰ প্ৰমাণ পত্ৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে

ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্হা চমুকৈ ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য সমিতিয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা চৰাইদেউ মৈদাম ক্ষেত্রৰ প্ৰমাণ পত্ৰ আজি পেৰিচৰ এক অনুষ্ঠানত গ্ৰহণ কৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই।কেবাগৰাকীও আহোম স্বৰ্গদেউ  মৈদামেৰে সমৃদ্ধ চৰাইদেউ মৈদাম ক্ষেত্ৰক বিগত বৰ্ষৰ জুলাই মাহত নতুন দিল্লীত অনুষ্ঠিত ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য সমিতিৰ সভাত ভাৰত বৰ্ষৰ ৪৩ সংখ্যক ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। পেৰিচৰ ইউনেস্ক' মুখ্য কাৰ্যালয়ত  আয়োজিত এক অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বড়াই বিশ্ব সংস্থাটোৰ সাংস্কৃতিক বিভাগৰ সহকাৰী সঞ্চালক প্ৰধান  আৰ্নেষ্টো অট্টন ৰামিৰেজৰ পৰা আজি আনুষ্ঠানিক ভাৱে বিশ্ব ঐতিহ্য প্ৰমাণ পত্ৰখন গ্ৰহণ কৰে।…
Read More
অসম-ত্ৰিপুৰাত সুধা কণ্ঠ-শচীন দেৱ বৰ্মনৰ প্ৰতিধ্বনি

অসম-ত্ৰিপুৰাত সুধা কণ্ঠ-শচীন দেৱ বৰ্মনৰ প্ৰতিধ্বনি

দুখন ৰাজ্যৰ মাজত সম্প্ৰীতিৰ এনাজৰীয়ে যেন শিল্পীৰ বন্ধন। শচীন দেৱ বর্মন ৰ ৰাজ্য ত্ৰিপুৰাত উদযাপন কৰা হ'ল অসমৰ গৌৰৱ ড° ভূপেন হাজৰিকাৰ জন্মজয়ন্তী। আগন্তুকৰ অক্টোবৰ মাহত গুৱাহাটীত অনুষ্ঠিত হ'ব শচীন দেৱ বৰ্মনৰ স্মৃতিত উপলক্ষে বিশেষ স্মবনীয় অনুষ্ঠান। আচলতে দুখন ৰাজ্যৰ মধুৰ সম্পৰ্ক বার্তাটো লৈয়ে ব্যতিক্ৰম মাছডোৰ ৩০ জনীয়া এটি প্রতিনিধি দ'ল গৈছিল ত্ৰিপুৰালৈ। ব্যতিক্রম মাছডোৰ লগত এই ব্যতিক্রমী অনুষ্ঠানৰ সহযোগ কৰে ত্ৰিপুৰা চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু নিউজ বেংগল ৩৬৫। এই অনুষ্ঠানেই কেৱল মত বা ভাষাৰ বিনিময় নহয় দুটা সাংস্কৃতিৰ মাজত সমন্বয় সেতু গঢ়াই আছিল এই যাত্রাত ব্যতিক্ৰমৰ প্রধান উদ্দেশ্য।ভূপেন দাই কোৱা দৰে "We are in the same…
Read More
দ্বীপশিখা ফাউণ্ডেচনৰ কৰ্কট ৰোগীসকলৰ লগত বন্ধুত্বৰ হাত আগবঢ়ালে গুৱাহাটীৰ “বন্ধু-91″এ

দ্বীপশিখা ফাউণ্ডেচনৰ কৰ্কট ৰোগীসকলৰ লগত বন্ধুত্বৰ হাত আগবঢ়ালে গুৱাহাটীৰ “বন্ধু-91″এ

গুৱাহাটীৰ বেচৰকাৰী সামাজিক অনুষ্ঠান "বন্ধু-91"ৰ কেইগৰাকীমান উৎসাহী যুৱ সদস্যৰ উদ্যোগত মিৰ্জা অঞ্চলৰ সোণতলা গাঁৱত অৱস্থিত "দ্বীপশিখা ফাউণ্ডেচন"ত থকা কেবাগৰাকীও কৰ্কত ৰোগীৰ লগত বন্ধুত্বৰ হাত আগবঢ়াই আৰু তেখেতসকলৰ লগত মত বিনিময় কৰাৰ অন্তত সকলোলৈ নানা বিধ ফলাহাৰ আগবঢ়াই। বন্ধু-91ৰ সম্পাদক বিপুল মজুমদাৰে প্ৰেৰণ কৰা এটি সংবাদত জানিবলৈ দিয়ে যে "বন্ধু-91"ৰ তৰফাৰ পৰা বিগত দিনত সমাজৰ উন্নয়নমূলক এনে বহু কাম কৰি অহা হৈছে যদিও আজিৰ এই কাৰ্যসূচী আছিল অন্যতম। এই কাৰ্যসূচীৰ মূলতঃ উদ্যোগক্তা বন্ধু-91ৰ অন্যতম সদস্য নয়ন কলিতা আৰু তেখেতৰ পুত্ৰ। আনহাতে,  এই কাৰ্যসূচীত অতি উৎসাহেৰে বন্ধু-91ৰ লগত সহযোগ কৰি সোণতলাৰ দ্বীপশিখা ফাউণ্ডেচনত উপস্থিত থাকে দ্বীপশিখা ফাউণ্ডেচনৰ অবৈতনিক সম্পাদক ডঃ মৃন্ময়ী বৰুৱাই।
Read More
পুনৰ দেশত ৰেল দুৰ্ঘটনা: ঝাৰখণ্ডত দুজন যাত্ৰীৰ মৃত্যু

পুনৰ দেশত ৰেল দুৰ্ঘটনা: ঝাৰখণ্ডত দুজন যাত্ৰীৰ মৃত্যু

ঝাৰখণ্ডৰ চেৰাইকেলা-খাৰচাৱান জিলাত মঙলবাৰে পুৱা মুম্বাই-হাওৰা মেইল ৰেলখন দুৰ্ঘটনাত পতিত হয়। যাৰ ফলত দুজন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে পাঁচজন আহত হয়।ৰেলৱেৰ এজন জ্যেষ্ঠ বিষয়াই মৃত্যুৰ কথা নিশ্চিত কৰিছে। আহতসকলৰ এজনৰ অৱস্থা সংকটজনক। প্ৰাৰম্ভিক প্ৰতিবেদনত কোৱা হৈছিল যে ছয়জন লোক আহত হৈছিল। পুৱা ৪.৪৫ বজাত বাদাবাম্বুৰ ওচৰত দুৰ্ঘটনাটো সংঘটিত হয়। ঠাইখন জামছেদপুৰৰ পৰা ৮০ কিলোমিটাৰ দূৰত আৰু দক্ষিণ পূব ৰেল'ৱেৰ চক্ৰধৰপুৰ বিভাগৰ অন্তৰ্গত। হাওৰা-মুম্বাই মেইল এক্সপ্ৰেছৰ ডবা লাইনচ্যুত হোৱাৰ পিছত ইয়াৰ কাষত ৰখাই থোৱা এখন মালবাহী ৰেলৰ সৈতে সংঘৰ্ষ হয়। যিখন ৰেলৰ ডবা লাইনচ্যুত হয় তাৰ নাম হাওৰা-চিএছএমটি এক্সপ্ৰেছ।ৰেলৰ সংখ্যা ১২৮১০। দুৰ্ঘটনাটোৰ বাবে, কিছু ৰেল আন পথলৈও পৰিৱৰ্তন কৰা হৈছে।
Read More
৭ বছৰত ৰে’ল সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰিলে ৮৪,১১৯ টি শিশুক

৭ বছৰত ৰে’ল সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰিলে ৮৪,১১৯ টি শিশুক

ৰে'ল সুৰক্ষা বাহিনীয়ে যোৱা সাত বছৰত ৮৪,১১৯ টি শিশুক ৰে'ল ষ্টেচন আৰু ৰে'লত অপৰাধীৰ পৰা উদ্ধাৰ কৰিছে। ৰে'ল মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে কয় যে আৰপিএফে যোৱা সাত বছৰ ধৰি 'নানহে ফাৰিষ্টে' নামৰ অভিযান চলাই আছে। এই অভিযানটো বিভিন্ন ভাৰতীয় ৰে'লৱে মণ্ডলত যত্ন আৰু সুৰক্ষাৰ প্ৰয়োজন হোৱা শিশুসকলৰ বাবে চলোৱা হৈ আছে। মন্ত্ৰালয়ে কয় যে 'অপাৰেচন নানহে ফাৰিষ্টে' ২০১৮ চনত আৰম্ভ হৈছিল। এই বছৰ, আৰপিএফে মুঠ ১৭,১১২ টি শিশু উদ্ধাৰ কৰিছিল, যাৰ ভিতৰত আছে ল'ৰা আৰু ছোৱালী দুয়োটা। উদ্ধাৰ কৰা ১৭,১১২ টা শিশুৰ ভিতৰত ১৩,১৮৭ টিক পলাতক শিশু বুলি চিনাক্ত কৰা হৈছে, আনহাতে ২,১০৫ টি সন্ধানহীন, ১,০৯১টি বিচ্ছিন্ন হোৱা,…
Read More
খাৰবাল্লীত খহনীয়াগ্ৰস্থ পৰিয়ালক সাহায্য বিতৰণ

খাৰবাল্লীত খহনীয়াগ্ৰস্থ পৰিয়ালক সাহায্য বিতৰণ

জনিয়াৰ বেঁকী নৈৰ খহনীয়াগ্ৰস্থ পৰিয়ালক স্বেচ্ছাসেৱী বেচৰকাৰী অনুষ্ঠান ডনেটকাৰ্ট, হাইৰ উদ্যোগত আৰু জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সৌজন্যত কাদংত ২০ টা আৰু  খাৰবাল্লীত ৪০ টা পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰা হয়। উল্লেখ্য যে, খহনীয়াগ্ৰস্থ স্থানত সাহায্য বিতৰণৰ বাবে জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদে গঠন কৰি দিয়া কমিটিৰ জৰিয়তে প্ৰতিটো পৰিয়ালক ২ খনকৈ তিৰ্পাল, ৰচি আদি সামগ্ৰী খহনীয়াগ্ৰস্থ পৰিয়ালক বিতৰণ কৰা হয়।
Read More
সাংবাদিক জয়ন্ত কুমাৰ দাসক মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান

সাংবাদিক জয়ন্ত কুমাৰ দাসক মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান

সাংবাদিক জয়ন্ত কুমাৰ দাসৰ অৱস্থা সম্প্ৰতি অতি সংকটজনক ৷ জটিল ৰোগত আক্ৰান্ত হৈ দাসে বৰপেটা জিলাৰ সৰুপেটাৰ পিতৃৰ বাসগৃহত অসহায় অৱস্থাত চটফটাই আছে ৷ আমাৰ অসম কাকতৰ জৰিয়তে সংবাদ ক্ষেত্ৰত প্ৰৱেশ কৰা দাসে বৰ্তমান গণ অধিকাৰ কাকতৰ বৰপেটাৰোডস্থ প্ৰতিনিধি হিচাপে নিয়োজিত হৈ আছে ৷ দাসে তেওৰ জনপ্ৰিয় ফেচবুক পেজ বৰপেটা এক্সপ্ৰেছৰ জৰিয়তে জিলাখনৰ লগতে সমগ্ৰ অসমৰ বা-বাতৰি প্ৰকাশ কৰাৰ উপৰিও এন কে টিভিৰ জৰিয়তেও সংবাদসেৱা কৰিছে ৷ প্ৰায় এবছৰমান আগতে দাসৰ হাৰ্ণিয়াৰ অস্ত্ৰোপ্ৰচাৰ কৰিবলৈ গুৱাহাটীলৈ যাওতে হৃদৰোগত আক্ৰান্ত হৈ থকাৰ কথা ধৰা পৰে ৷ তেতিয়া ততাতৈয়াকৈ তেওঁৰ বাইপাছ চাৰ্জাৰী কৰি কেইমাহমান পাছত হাৰ্ণিয়াৰ অস্ত্ৰোপ্ৰচাৰ কৰা হয় ৷ দুয়োটা অস্ত্ৰোপ্ৰচাৰ সফলতাৰে…
Read More