15
Oct
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত আৰু আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ সহযোগত বিশ্ববিদ্যালয় চৌহদত দুদিনীয়া কাৰ্যসূচীৰে ‘বীণা চৌধুৰী শ্ৰীমন্ত শংকৰদেৱ ঐতিহ্য মহোৎসৱ - ২০২৬’ উদযাপন কৰা হয় । উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে উদযাপিত মহোৎসৱৰ মূল উদ্দেশ্য আছিল নৱ প্ৰজন্মক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে জানিবলৈ আৰু তাক সংৰক্ষণ কৰিবলৈ উৎসাহিত কৰা। মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পদ্মশ্ৰী যতীন গোস্বামীয়ে ভাগ লৈ ভাষণ প্ৰসংগত পৰম্পৰাগত জ্ঞান, ঐতিহ্য আৰু সংস্কৃতি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ছাত্ৰ-ছাত্ৰীসকলক নিজৰ শিপাৰ সৈতে চিনাকি কৰাই দিয়াত এনে প্ৰতিযোগিতা আৰু সাংস্কৃতিক পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি তেওঁ উল্লেখ কৰে।…
