05
Jul
বৰপেটা জিলাৰ জনীয়াস্থিত ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অগ্ৰণী বেচৰকাৰী সংস্থা আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ উদ্যোগত কাদং গাওঁৰ খহনীয়াগ্ৰস্ত দৰিদ্ৰ পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰা হয়। বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাদংৰ বেঁকী নৈৰ বিধ্বংসী গৰাখহনীয়াগ্ৰস্ত বিশটা দুৰ্ভোগীয়া পৰিয়ালৰ মাজত তিৰপাল , পাটি , পানী ৰখা পাত্ৰ আদি সামগ্ৰী জৰুৰীকালীন ভাবে বিতৰণ কৰা হয়। উক্ত বিতৰণী কাৰ্যসূচীত ক্ৰমে জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ মুখ্য সম্পাদক আব্দুল মালিক, জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সমন্বয়ক ৰফিকুল ইছলাম, সমাজকৰ্মী নুৰুল হক, আসাম টকছৰ সাংবাদিক লুতফৰ ৰহমানকে আদি কৰি ভালেসংখ্যক মান্যবৰ ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে ভুক্তভোগীয়ে নৈৰ খহনীয়াৰ কৰাল গ্ৰাসত পৰি নিজৰ সপোনৰ ঘৰ ভেটি, কৃষি ভূমি হেৰুৱাই নিজৰ…
