16
Oct
ভাৰতৰ নিৰ্বাচন আয়োগে দেশৰ ১৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ 'বিশেষ সংক্ষিপ্ত সংশোধনী' ( এছ এছ আৰ) চলোৱাৰ নিৰ্দেশ জাৰি কৰিছে। এই প্ৰক্ৰিয়াৰ অধীনত ২০২৭ চনৰ ১ জানুৱাৰীলৈকে ১৮ বছৰ বয়স সম্পূৰ্ণ কৰা সকলো যোগ্য যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নিজৰ নাম পঞ্জীয়ন বা অন্তৰ্ভুক্ত কৰিব পাৰিব। সংশোধনীৰ আওতালৈ অহা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অসম, বিহাৰ, ছত্তীশগড়, গোৱা, গুজৰাট, কেৰালা, লক্ষদ্বীপ, মধ্যপ্ৰদেশ, মণিপুৰ, পুডুচেৰী, পঞ্জাৱ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিম বংগ। যিবোৰ ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত বৰ্তমান ভোটাৰ তালিকাৰ এছ আই আৰ চলি আছে বা অলপতে সম্পূৰ্ণ হৈছে, সেইবোৰ ৰাজ্যৰ…
