15
Jul
২০২৬ চনৰ ফিফা বিশ্বকাপৰ ছেমিফাইনেল মেচত স্পেইনৰ হাতত ০-২ গ’লত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় ল’বলগীয়া হৈছে ফ্ৰান্স দলটোৱে। বুধবাৰে আমেৰিকাৰ ডলাছত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ মেচখনত স্পেইনে সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰি ফাইনেলত প্ৰৱেশ কৰে।এই ডাঙৰ পৰাজয়ৰ পিছত ফ্ৰান্স দলৰ অধিনায়ক কিলিয়ান এমবাপেয়ে গভীৰ দুখ প্ৰকাশ কৰে। তেওঁ স্বীকাৰ কৰে যে দলটোৱে খেলপথাৰত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰিকৰী আৰু ৰণকৌশলগত ভুল কৰিছিল, যাৰ বাবে স্পেইনে মেচখন নিজৰ হাতলৈ লৈ যাবলৈ সক্ষম হ’ল। মেচৰ অন্তত ফৰাচী সংবাদ মাধ্যমৰ আগত এমবাপেয়ে কয়-আমি যিধৰণৰ পৰিকল্পনাৰে খেলপথাৰত নামিছিলো, সেইমতে খেলিব নোৱাৰিলোঁ। বিশ্বকাপৰ ছেমিফাইনেলৰ দৰে এখন খেলত ভুল কৰিলে জিকাটো অসম্ভৱ। ফ্ৰান্সৰ অধিনায়কজনৰ মতে, স্পেইনৰ শক্তিশালী মিডফিল্ডক…
