29
Sep
ভাৰতীয় শ্বুটাৰ নীৰু ধান্ধাই মঙলবাৰে এছিয়ান গেমছৰ মহিলাৰ ব্যক্তিগত ট্র্যাপ শ্বুটিং প্ৰতিযোগিতাত স্বৰ্ণপদক লাভ কৰি এক ঐতিহাসিক সফলতা অৰ্জন কৰিছে। ইয়াৰ লগে লগে এছিয়ান গেমছত মহিলাৰ ট্ৰ্যাপ শ্বুটিং শাখাত ব্যক্তিগত সোণৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে তেওঁ ইতিহাসৰ পাতত নাম খোদিত কৰে। ৩০ টা লক্ষ্যৰ ভিতৰত ২৮ টা নিখুঁতভাৱে লগাই নীৰুৱে নৱতম মহাদেশীয় অভিলেখো স্থাপন কৰে। প্ৰতিযোগিতাৰ সময়ত মুষলধাৰ বৰষুণ আৰু তীব্ৰ ঠাণ্ডা প্ৰত্যাহ্বান স্বত্বেও ২৬ বছৰীয়া নায়ব চুবেদাৰ ধান্ধাই নিজৰ অসাধাৰণ মানসিক দৃঢ়তা আৰু লক্ষ্যভেদী প্ৰদৰ্শন অক্ষুণ্ণ ৰাখে। চীনৰ সুন ইউনঙে ২৬ টা লক্ষ্য সাৰ্থক কৰি ৰূপৰ পদক লাভ কৰে। উল্লেখ্য যে, এই বৃহৎ সফলতা লাভ…
