২০২৭ চনৰ ১ জানুৱাৰীক ভিত্তি বৰ্ষ হিচাপে লৈ ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ অধীনত আজি অসমৰ সকলো বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হৈছে। মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এই খচৰা তালিকা অনুসৰি ৰাজ্যত মুঠ ভোটাৰৰ সংখ্যা ২,৫১,৭৬,৯১০ গৰাকীলৈ বৃদ্ধি পাইছে। প্ৰকাশিত খচৰা তালিকা অনুসৰি ৰাজ্যৰ মুঠ ভোচৰসকলৰ ভিতৰত—পুৰুষ ভোটাৰ ১,২৫,৮৭,৬৫০ গৰাকী, মহিলা ভোটাৰ ১,২৫,৮৮,৯৩৯ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ: ৩২১ গৰাকী।ইয়াৰ পূৰ্বে ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীত প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা আছিল ২,৪৯,৫৮,১৩৯ গৰাকী।
এই সংশোধনীৰ সময়ছোৱাত মুঠ ৪,১২,০৮৮ গৰাকী নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে ১,৯৩,০৭৩ গৰাকী ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। ফলস্বৰূপে, খচৰা ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা ২,১৮,৭৭১ গৰাকী বৃদ্ধি পাইছে। খচৰা তালিকাত মুঠ ভোটাৰৰ লগতে আন শ্ৰেণীৰ ভোটাৰো অন্তৰ্ভুক্ত হৈছে—বিশেষভাৱে সক্ষম ভোটাৰ ২,০৫,৯৬২ গৰাকী, ১৮-১৯ বছৰ বয়সৰ যুৱ ভোটাৰ ২,৮৭,২৩৩ গৰাকী, ৮৫ বছৰ বা তাতকৈ অধিক বয়সৰ ভোটাৰ ১,২২,১৯৮ গৰাকী, সেৱা ভোটাৰ: ৬৩,২৩৭ গৰাকী আৰু বহিঃৰাষ্ট্ৰত থকা ভোটাৰ: ৬ গৰাকী। ৰাজ্যত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ৩১,৫১৬টা, য’ত প্ৰতিটো ভোটকেন্দ্ৰত গড়ে ৭৯৯ গৰাকী ভোটাৰ আছে। বিধানসভা সমষ্টিসমূহৰ ভিতৰত দলগাঁও বিধানসভা সমষ্টিত সৰ্বাধিক ৩,২৫,৭৫৬ গৰাকী ভোটাৰ থকাৰ বিপৰীতে আমগুৰি (জনজাতি) বিধানসভা সমষ্টিত সৰ্বনিম্ন ১,০১,৫০৯ গৰাকী ভোটাৰ আছে।
ভোটকেন্দ্ৰৰ সংখ্যাৰ দিশৰ পৰা মানকাচৰ বিধানসভা সমষ্টিত সৰ্বাধিক ৪০২টা ভোটকেন্দ্ৰ থকাৰ বিপৰীতে দতমা (জনজাতি) বিধানসভা সমষ্টিত সৰ্বনিম্ন ১৪৭টা ভোটকেন্দ্ৰ আছে। ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ১২ নৱেম্বৰ, ২০২৬ৰ পৰা ১১ ডিচেম্বৰ, ২০২৬লৈ নিৰ্ধাৰিত পদ্ধতিৰে খচৰা তালিকাৰ ওপৰত দাবী আৰু আপত্তি দাখিল কৰিব পৰা যাব। সকলো যোগ্য নাগৰিকক খচৰা তালিকাত নিজৰ নাম আৰু তথ্যসমূহ পৰীক্ষা কৰি শুদ্ধতা নিশ্চিত কৰিবলৈ আহ্বান জনোৱা হৈছে। উল্লেখ্য যে, এই প্ৰক্্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত ২০২৭ চনৰ ৪ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব।
