কাৰাগাৰত অসুস্থ শেখৰজ্যোতি গোস্বামী! চিকিৎসাৰ নথি আদালতত দাখিল, কাৰা কৰ্তৃপক্ষক বিশেষ নিৰ্দেশ

কাৰাগাৰত শাৰীৰিক অসুস্থতাত ভুগিছে জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অভিযুক্ত শেখৰজ্যোতি গোস্বামী। তেওঁৰ স্বাস্থ্যজনিত সমস্যাক লৈ ফাষ্টট্ৰেক আদালতত দাখিল কৰা হৈছে চিকিৎসা সম্পৰ্কীয় নথি-পত্ৰ।

প্ৰাপ্ত তথ্য অনুসৰি, শেখৰজ্যোতি গোস্বামীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সময়মতে উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ কাৰাগাৰ কৰ্তৃপক্ষক নিৰ্দেশ দিছে আদালতে।

উল্লেখ্য যে, বৰ্তমান হাফলং উপ-কাৰাগাৰত কাৰাবন্দী হৈ আছে শেখৰজ্যোতি গোস্বামী। কাৰাগাৰত তেওঁৰ স্বাস্থ্যৰ অৱস্থাক লৈ আদালতত চিকিৎসা সম্পৰ্কীয় নথি দাখিলৰ পিছতে বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে।

শেখৰজ্যোতি গোস্বামীৰ স্বাস্থ্যৰ অৱস্থাৰ ওপৰত এতিয়া নজৰ সকলোৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *