Dipshikha

3305 Posts
ভাৰতৰ প্ৰথমটো জিঅ’চিংক্ৰ’নাছ ইমেজিং উপগ্ৰহ সফলতাৰে উৎক্ষেপণ

ভাৰতৰ প্ৰথমটো জিঅ’চিংক্ৰ’নাছ ইমেজিং উপগ্ৰহ সফলতাৰে উৎক্ষেপণ

ভাৰতৰ মহাকাশ গৱেষণা সংস্থাই শুকুৰবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ই অ’ এছ-০৫ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰি ভাৰতৰ মহাকাশ অন্বেষণ কাৰ্যসূচীত আন এক ডাঙৰ মাইলৰ খুঁটি স্থাপন কৰে ৷সতীশ ধৱন মহাকাশ কেন্দ্ৰ SHAR ৰ দ্বিতীয়টো লঞ্চ পেডৰ পৰা এই উৎক্ষেপণ কৰা হয় । ভাৰতৰ জিঅ’চিংক্ৰ’নাছ চেটেলাইট লঞ্চ ভেহিকেল (জিএছএলভি)ৰ ১৯ সংখ্যক উৰণ জিএছএলভি-এফ১৭ ৰকেটে ইঅ’এছ-০৫ ক লৈ উপ-জিঅ’চিনক্ৰ’নাছ ট্ৰেন্সফাৰ কক্ষপথ (ছাব-জিটিঅ’)ৰ দিশে যাত্ৰা কৰে ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে দেশৰ প্ৰথমটো ইমেজিং উপগ্ৰহ কক্ষপথত সফল উৎক্ষেপণৰ প্ৰশংসা কৰি কয় যে এয়া দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত । শুকুৰবাৰে পুৱা জি এছ এল ভি ৰকেটত ২৩০০ কিলোগ্ৰামতকৈ অধিক ওজনৰ…
Read More
মণিপুৰত কংগ্ৰেছ বিধায়িনী দলৰ নেতাৰ বাসগৃহৰ সমীপত বোমা বিস্ফোৰণ

মণিপুৰত কংগ্ৰেছ বিধায়িনী দলৰ নেতাৰ বাসগৃহৰ সমীপত বোমা বিস্ফোৰণ

মণিপুৰৰ য়াইৰিপকৰ বিষ্ণুনাহাত বৃহস্পতিবাৰে নিশা কংগ্ৰেছ বিধায়িনী দলৰ নেতা কে মেঘাচন্দ্ৰ সিঙৰ বাসগৃহৰ গে'টৰ সমীপত এক বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । এক প্ৰেছ বিবৃতি অনুসৰি, নিশা প্ৰায় ৮.১৫ বজাত এই বিস্ফোৰণ সংঘটিত হয় ।অচিনাকি দুষ্কৃতিকাৰীয়ে বিস্ফোৰক নিক্ষেপ কৰাৰ ফলত এই বিস্ফোৰণ ঘটাৰ সন্দেহ কৰা হৈছে । প্ৰেছ বিবৃতিটোত কোৱা হৈছে যে অপৰাধীৰ পৰিচয় আৰু উদ্দেশ্য এতিয়াও জানিব পৰা পৰা হোৱা নাই । ইফালে এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হৈ তালাচী অভিযান চলায় ।
Read More
নেপালৰ ভয়াৱহ বানৰ ১০দিন পিছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা উদ্ধাৰকাৰী দলে ২ জনক জীৱন্তে উদ্ধাৰ

নেপালৰ ভয়াৱহ বানৰ ১০দিন পিছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা উদ্ধাৰকাৰী দলে ২ জনক জীৱন্তে উদ্ধাৰ

ভগৱানৰ চমৎকাৰ!নেপালৰ ভয়াৱহ বানৰ ১০দিন পিছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা উদ্ধাৰকাৰী দলে ২ জনক জীৱন্তে উদ্ধাৰ কৰে ।মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰি আহিল সঞ্জয় সাহ আৰু কবীৰ মহৰ্জন।১০দিনৰ অন্তত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ ২শ্ৰমিকক।দিনে নিশাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে হাজাৰ হাজাৰ উদ্ধাৰকৰ্মীয়ে।নেপালৰ ৮ জিলাত বোকামাটি-পলস, ধ্বংসস্তুপৰ মাজত চলিছে অভিযান।ধ্বংসস্তুপৰ মাজত মৃতদেহৰ সন্ধান ভাৰতকে ধৰি অন্য দেশৰ উদ্ধাৰকাৰীৰ।ত্রিশূলীৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰৰ পাছতে উৎফুল্লিত উদ্ধাৰকাৰীৰ দল।
Read More
১০০ বছৰ পুৰণি মন্দিৰ ভাঙি পেলোৱাৰ অভিযোগ উঠিছে পাকিস্তানত

১০০ বছৰ পুৰণি মন্দিৰ ভাঙি পেলোৱাৰ অভিযোগ উঠিছে পাকিস্তানত

১০০ বছৰ পুৰণি মন্দিৰ ভাঙি পেলোৱাৰ অভিযোগ উঠিছে পাকিস্তানত। স্থানীয় বাসিন্দা আৰু সংখ্যালঘূ হিন্দু সম্প্ৰদায়ৰ দাবী, মাদ্ৰাছাৰ কাষত মাটিৰ প্ৰয়োজন হোৱাৰ বাবে মন্দিৰটো ভাঙি পেলোৱা হৈছে।ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই ঘটনাক 'গৰ্হণীয় আৰু উচ্ছেদ কাৰ্য' বুলি অভিহিত কৰি তীব্ৰ ভাষাৰে গৰহণা দিছে।উল্লেখ্য যে,মন্দিৰ ভঙা ঘটনাত নিষিদ্ধ কট্টৰপন্থী সংগঠন তেহৰিক ই লাব্বাইক পাকিস্তানৰ সদস্যসকল জড়িত বুলি অভিযোগ স্থানীয়সকলৰ। মন্দিৰ ভাঙি পেলোৱাৰ পাছত মন্দিৰৰ চূড়াত থকা ধাতৱ অংশ, ইটা-সহ অন্যান্য সামগ্ৰীও দ্ৰুত আঁতৰাই পেলোৱা হৈছে বুলি দাবী তেওঁলোকৰ। মন্দিৰৰ কাষৰ মাটিত এভাকুই ট্ৰাষ্ট প্ৰপাৰ্টি বৰ্ডে এখন মাদ্ৰাছা তৈয়াৰৰ বাবে লিজত দিছিল। কিন্তু কেইবছৰ ভাড়া নিদিয়াত লিজ বাতিল হৈ যায়। তাৰপিছতেই মন্দিৰৰ মাটি…
Read More
বিধায়ক বদৰুদ্দিন আজমলে এইবাৰ নেপালত দুৰ্গত সকলক সহায় কৰাৰ বাবে সাজু হৈছে

বিধায়ক বদৰুদ্দিন আজমলে এইবাৰ নেপালত দুৰ্গত সকলক সহায় কৰাৰ বাবে সাজু হৈছে

উজনি অসমৰ প্ৰলয়ংকাৰী বানত সহায়ৰ হাত আগবঢ়াই বিশেষভাৱে চৰ্চালৈ অহা এ আই ইউ ডি এফৰ সভাপতি তথা বিন্নাকান্দিৰ বিধায়ক বদৰুদ্দিন আজমলে এইবাৰ নেপালত দুৰ্গত সকলক সহায় কৰাৰ বাবে সাজু হৈছে ৷ চুবুৰীয়া ৰাষ্ট্ৰ নেপালত সৃষ্টি হোৱা ভয়াৱহ দুর্যোগপূর্ণ পৰিস্থিতিলৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে বিধায়ক বদৰুদ্দিন আজমলে ৷ভাৰত চৰকাৰে অনুমতি প্ৰদান কৰিলে বদৰুদ্দিন আজমলে ৫০ জনীয়া স্বেচ্ছাসেৱকৰ এটা দলৰ সৈতে নেপাললৈ গৈ উদ্ধাৰ, সাহায্য আৰু মানৱীয় সেৱাত অংশগ্ৰহণ কৰিবলৈ সাজু আছে ৷ মঙলবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতি যোগে বিধায়ক বদৰুদ্দিন আজমলে এই কথা সদৰী কৰে ৷
Read More
ইৰাণৰ ওপৰত আমেৰিকাৰ পুনৰ আক্ৰমণ

ইৰাণৰ ওপৰত আমেৰিকাৰ পুনৰ আক্ৰমণ

ইৰাণৰ ওপৰত আমেৰিকাৰ পুনৰ আক্ৰমণ । মঙলবাৰে নিশা সংঘটি আক্ৰমণত এটা শিশুকে ধৰি কমেও ১১ জন লোকৰ মৃত্যু হয় । ইয়াৰ পিছতে টেহৰানে সমগ্ৰ অঞ্চলটোৰ আমেৰিকান ঘাটিসমূহত মিছাইল আৰু ড্ৰ’নেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ইয়াৰ লগে লগে মধ্যপ্ৰাচ্যত ছমাহতকৈ অধিক সময় ধৰি চলি থকা দুই-এটা যুদ্ধৰ মাজতে পুনৰ শত্ৰুতাই মূৰ দাঙি উঠিছে ।বুধবাৰে পুৱা ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে দক্ষিণ-পশ্চিম প্ৰদেশ খুজেস্তানত তিনিটা স্থানত আমেৰিকাৰ আক্ৰমণত কমেও ৭ জন লোকৰ মৃত্যু হৈছে ।ভাৰতীয় সময় মতে, মঙলবাৰে নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে আমেৰিকাই “হৰমুজ প্ৰণালীৰ ওচৰত” ইৰাণৰ লক্ষ্যত আক্ৰমণ চলাইছে । তেওঁ কয়,…
Read More
আৰক্ষীত নিযুক্তিক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আৰক্ষীত নিযুক্তিক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসম আৰক্ষীত নিযুক্তিক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ,১৫-২০ হাজাৰ নতুন যুৱক যুৱতীক অসম আৰক্ষীত নিযুক্তি দিয়া হ’ব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অসম আৰক্ষী সাহস আৰু ত্যাগৰ প্ৰতীক। যোৱা ৫ বছৰত অসম আৰক্ষীয়ে শান্তি-শৃংখলা অটুট ৰাখিছে। ৰাইজৰ সেৱা কৰিবলৈ আৰক্ষীয়ে সাহস, ধৈৰ্য অটটু ৰাখিব লাগে। ৰাজ্যৰ সীমা সমস্যা দূৰ কৰিবলৈ সাহসৰ পৰীক্ষা দিব লাগিব। আৰক্ষীয়ে ৰাজ্যৰ পৰা চাইবাৰকে ধৰি বহু অপৰাধ নিয়ন্ত্ৰণ কৰিছে। বৰ্তমান ৰাজ্যত অপৰাধৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছে।
Read More
পুনৰ ভাৰতীয়সকলক সোণ নিকিনিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

পুনৰ ভাৰতীয়সকলক সোণ নিকিনিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰয়োজন নাথাকিলে সোণ নিকিনিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। স্বদেশী আৰু আত্মনিৰ্ভৰশীলতাৰ বাৰ্তা দি সোণ কিনাৰ পৰা বিৰত থাকিবলৈ দেশবাসীক আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।নিজৰ ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে তেওঁ এই বাৰ্তা প্ৰচাৰ কৰে। ইনষ্টাগ্ৰামত প্ৰকাশ কৰা এটা ৰীলত প্রধানমন্ত্ৰী মোদীয়ে কয়, “প্ৰয়োজন নাথাকিলে সোণো কিনা উচিত নহয়। আমি যিমানেই স্বদেশীৰ ওপৰত গুৰুত্ব দিম, সিমানেই আত্মনিৰ্ভৰতাৰ ওপৰত জোৰ দিম। মোৰ দৃঢ় বিশ্বাস, ভাৰত যেতিয়া স্বাধীনতাৰ ১০০ বছৰ পূৰ্ণ কৰিব, তেতিয়া আমি আমাৰ যুৱ প্ৰজন্মৰ হাতত এখন উন্নত ভাৰত তুলি দিব পাৰিম।”
Read More
বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ দাম

বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ দাম

মাহটোৰ প্ৰথমটো দিনতে বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। তেল বিপণন সংস্থাসমূহে পুনৰ ১৯ কিলোগ্ৰামৰ কমাৰ্চিয়েল এলপিজি চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰিছে। ৯.৫০ টকাকৈ বৃদ্ধি পালে প্ৰতিটো চিলিণ্ডাৰৰ দাম। ৫ কিলোগ্ৰামৰ নন-ডমেষ্টিক চিলিণ্ডাৰৰ দামো ২ টকা বৃদ্ধি কৰি ৭৬২ টকাৰ পৰা ৭৬৪ টকা কৰা হৈছে। অৱশ্যে সাধাৰণ ৫ কিলোগ্ৰামৰ এলপিজি চিলিণ্ডাৰ আৰু XTRALITE-ৰ দাম অপৰিৱৰ্তিত আছে। কমাৰ্চিয়েল চিলিণ্ডাৰ মূলতঃ ৰেষ্টুৰেণ্ট, হোটেল আৰু বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠানত ব্যৱহাৰ কৰা হয়। স্বস্তিৰ কথা এয়াই যে, ঘৰুৱা চিলিণ্ডাৰৰ দামৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাই।
Read More
ভূমিস্খলনত একেটা পৰিয়ালৰে তিনিগৰাকীয়ে প্ৰাণ হেৰুৱালে

ভূমিস্খলনত একেটা পৰিয়ালৰে তিনিগৰাকীয়ে প্ৰাণ হেৰুৱালে

পুনৰ কৃত্ৰিম বানত বুৰিল গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল । সোমবাৰে নিশাৰে পৰা হৈ থকা মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ কেইবাটাও অঞ্চলত পানী জমা হোৱাৰ ফলত স্বাভাৱিক জীৱন যাপন ব্যাহত হৈছে ।ইয়াৰ মাজতে মঠঘৰীয়াত হোৱা ভূমিস্খলনত একেটা পৰিয়ালৰে তিনিগৰাকীয়ে প্ৰাণ হেৰুৱালে ।বৰষুণৰ মাজতেই মঙলবাৰে পুৱা প্ৰায় ৮ বজাত মহানগৰীৰ মঠঘৰীয়াৰ লক্ষ্মী মন্দিৰ অঞ্চলত হোৱা ভয়াৱহ ভূমিস্খলনত নগেন ৰাজবংশীৰ লগতে তেওঁৰ পত্নী মীনা ৰাজবংশী আৰু কন্য়া চুনু ৰাজবংশীৰ মৃত্য়ু হয় । চাৰিজনীয়া পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ বিপ্লৱ ৰাজবংশীক স্থানীয় ৰাইজে বোকামাটিৰ তলৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । লগে লগে স্থানীয় ৰাইজে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।
Read More