Dipshikha

3401 Posts
মাটিৰ নমুনা আনিবলৈ মংগল গ্ৰহলৈ উৰিল মহাকাশযান

মাটিৰ নমুনা আনিবলৈ মংগল গ্ৰহলৈ উৰিল মহাকাশযান

মঙলবাৰে জাপানৰ এখন মহাকাশযানে মঙল গ্ৰহৰ ৰহস্যময়তাৰ অন্বেষণ আৰু তাৰ পৰা নমুনা সংগ্ৰহ কৰি অনাৰ এক অভূতপূৰ্ব অভিযান হিচাপে মংগল গ্ৰহৰ দিশলৈ ৰাওনা হয় ।এই অত্যুৎসাহী নমুনা সংগ্ৰহৰ প্ৰচেষ্টাৰ নেতৃত্ব দিয়া জাপান এৰ’স্পেচ এক্সপ্ল’ৰেশ্যন এজেন্সীয়ে দেশখনৰ টানেগাছিমা দ্বীপৰ মূল মহাকাশ কেন্দ্ৰৰ পৰা পুৱতি নিশা মহাকাশযানখন উৎক্ষেপণ কৰে ।এই অভিযানৰ অংশ হিচাপে মংগল গ্ৰহৰ দুটা সৰু আকাৰৰ চন্দ্ৰৰ ভিতৰত ডাঙৰ আৰু ওচৰৰ ফ’বছত ৰবটিক প্ৰস্পেক্টৰৰ লগতে ৰ'ভাৰ অৱতৰণ কৰাৰ চেষ্টা কৰিব ।
Read More
আশুতোষ-সৌৰভৰ ন্যায়িক জিম্মা বৃদ্ধি

আশুতোষ-সৌৰভৰ ন্যায়িক জিম্মা বৃদ্ধি

আশুতোষ ৰাংকা আৰু সৌৰভ দাসক নিষেধাজ্ঞা উলংঘা কৰি যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ অভিযোগত ১৩ অক্টোবৰত প্ৰথমে আটক আৰু পাছত গ্ৰেপ্তাৰ কৰা হয় ৷তেওঁলোকৰ ন্যায়িক জিম্মাৰ ম্যাদ সোমবাৰে সমাপ্ত হোৱাত মন্দিৰ মাৰ্গ থানাত নৱনিযুক্ত বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰা হৈছিল ৷ইয়াৰ পূৰ্বে সোমবাৰে মন্দিৰ মাৰ্গ থানাত নৱনিযুক্ত বিশেষ কাৰ্যবাহী দণ্ডাধীশে তেওঁলোকৰ ন্যায়িক জিম্মা আৰু দুদিনৰ বাবে বৃদ্ধি কৰে ৷ এতিয়া আৰক্ষীয়ে গোচৰটো অধিক তদন্তৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ আন্তঃৰাজ্যিক কোষ ইউনিটলৈ হস্তান্তৰ কৰিছে ।
Read More
পেৰিছ শীঘ্ৰেই এখন মুছলিম চহৰলৈ ৰূপান্তৰিত হ’ব

পেৰিছ শীঘ্ৰেই এখন মুছলিম চহৰলৈ ৰূপান্তৰিত হ’ব

ইউৰোপৰ দুখন গুৰুত্বপূৰ্ণ দেশ ফ্ৰান্স আৰু ইটালীত যোৱা সপ্তাহত সংঘটিত হিংসাত্মক প্ৰতিবাদে চৰকাৰৰ চিন্তা বহুগুণে বঢ়াই তুলিছে।পেৰিছকে ধৰি কেইবাখনো চহৰত প্ৰতিবাদকাৰীয়ে দোকান-পোহাৰসমূহ ধ্বংস কৰাৰ লগতে ৰাজহুৱা সম্পত্তি লক্ষ্য কৰি লৈছে।এনে সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ মুকলি প্ৰব্ৰজন নীতিৰ ওপৰত তীব্ৰ প্ৰশ্ন উত্থাপন কৰিছে। হোৱাইট হাউছত সাংবাদিকৰ সৈতে হোৱা এক কথোপকথনত ট্ৰাম্পে কয় যে তেওঁ বহু আগতেই মেক্ৰনক সতৰ্ক কৰি দিছিল। সমগ্ৰ বিশ্বৰ লোকক ফ্ৰান্সলৈ মুকলিকৈ আহিবলৈ দিয়াটো এটা অতি মাৰাত্মক ভুল হিচাপে পৰিগণিত হ’ব।ট্ৰাম্পে কয়, পেৰিছ শীঘ্ৰেই এখন মুছলিম চহৰলৈ ৰূপান্তৰিত হ’ব । ফ্ৰান্সৰ সীমান্ত বন্ধ কৰাৰ পৰামৰ্শ দিছিলো যদিও দেশখনে সেই পৰামৰ্শ মানি চলা নাছিল।…
Read More
পূৰৈ শাকৰ আছে অসাধাৰণ গুণাগুণ! স্বাস্থ্যৰ বাবে কিয় উপকাৰী এই সহজলভ্য শাক?

পূৰৈ শাকৰ আছে অসাধাৰণ গুণাগুণ! স্বাস্থ্যৰ বাবে কিয় উপকাৰী এই সহজলভ্য শাক?

অসমীয়া খাদ্যাভ্যাসত শাক-পাচলিৰ এক বিশেষ স্থান আছে। তেনে এবিধ সহজলভ্য আৰু পুষ্টিকৰ শাক হৈছে পূৰৈ শাক। গাঁৱে-ভূঞে সহজে উপলব্ধ এই শাক কেৱল সুস্বাদু খাদ্যই নহয়, বৰঞ্চ শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবাটাও পুষ্টি উপাদানৰো উৎস। পূৰৈ শাকত ভিটামিন এ, ভিটামিন চি, ফলেট, বিভিন্ন খনিজ পদাৰ্থ আৰু আঁহ থাকে। এই পুষ্টি উপাদানসমূহে শৰীৰৰ স্বাভাৱিক কাৰ্যকলাপ, দৃষ্টিশক্তি, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু পাচন প্ৰক্ৰিয়া সুস্থ ৰখাত সহায় কৰিব পাৰে। পাচন প্ৰক্ৰিয়াৰ বাবে উপকাৰী পূৰৈ শাকত থকা আঁহে মলত্যাগৰ স্বাভাৱিক প্ৰক্ৰিয়াত সহায় কৰে। সুষম খাদ্যৰ অংশ হিচাপে এই শাক খালে পাচন স্বাস্থ্য বজাই ৰখাত সহায়ক হ’ব পাৰে। চকু আৰু ছালৰ স্বাস্থ্যৰ বাবে পূৰৈ শাকত থকা ভিটামিন…
Read More
কানাডাৰ আলবাৰ্টাৰ সামৰিক ঘাটিত অগ্নিকাণ্ড

কানাডাৰ আলবাৰ্টাৰ সামৰিক ঘাটিত অগ্নিকাণ্ড

কানাডাৰ আলবাৰ্টা প্ৰদেশৰ এটা সামৰিক ঘাটিত সামৰিক অনুশীলনৰ সময়ত সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত ৪ জন জোৱান নিহত হোৱাৰ লগতে ৩৯ জন আহত হয় ৷ আহতসকলৰ ১৯ জন জোৱানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ চি এফ বি ৱেইনৰাইট সামৰিক প্ৰশিক্ষণ কেন্দ্ৰত শনিবাৰে এই ঘটনা সংঘটিত হয় ৷শনিবাৰে ৰাজকুমাৰী পেট্ৰিচিয়াৰ কানাডিয়ান লাইট ইনফেণ্ট্ৰিৰ ৩য় বেটেলিয়নৰ চাৰ্লি কোম্পানীয়ে চলাই থকা তীব্ৰ যুদ্ধ অনুশীলনৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয় । প্ৰায় ৮৪ জন জোৱানক দুটা গোটত বিভক্ত কৰা হৈছিল । এটা দলে গ্ৰেনেড ৰেঞ্জত অনুশীলন কৰি আছিল আৰু আনটো দলে শত্ৰুৰ স্থান আক্ৰমণ কৰাৰ অনুশীলন কৰি আছিল । দ্বিতীয় প্ৰশিক্ষণ স্থানত অগ্নিকাণ্ড…
Read More
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণ

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণ

জুহুত টাইগাৰ শ্ৰফৰ ওপৰত সংঘটিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে লৰেন্স বিষ্ণৈ গোটে । গোটটোৰ প্ৰতিনিধি অনিল পণ্ডিতে এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে, তেওঁলোকে টাইগাৰ শ্ৰফক ইতিমধ্যেই সকীয়নি দিছিল, কিন্তু তেওঁ শুনা নাছিল ৷ সেয়েহে তেওঁলোকে এনে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছিল ।অনিল পণ্ডিতে সকীয়াই দিয়ে যে, তেওঁলোকে বলীউডৰ অভিনেতা ছলমান খানৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰা কোনো লোককে ৰেহাই নিদিয়ে ।বিষ্ণৈ গোটে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে, "জয় মহাকাল… জয় শ্ৰী ৰাম…সকলো ভাই-ভনীলৈ শুভেচ্ছা । আমি অনিল পণ্ডিত আৰু হৰমন সন্ধুৱে, আজি টাইগাৰ শ্ৰফৰ লগত ঘটা কাণ্ডৰ দায়িত্ব লৈছোঁ । আমি ফোন কৰি সকীয়াই দিছিলোঁ, কিন্তু তেওঁ বুজি নাপালে । সেয়ে…
Read More
দিল্লীত প্ৰতিবাদকাৰীসকলৰ ওপৰত হাৰাশাস্তি আৰু আক্ৰমণ

দিল্লীত প্ৰতিবাদকাৰীসকলৰ ওপৰত হাৰাশাস্তি আৰু আক্ৰমণ

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ৰাজধানী দিল্লীত চলি থকা প্ৰতিবাদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ক’কৰোচ জনতা পাৰ্টীৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতৃত্বত অনুষ্ঠিত এই প্ৰতিবাদত অংশ লোৱাটোক লৈ প্ৰতিবাদকাৰীসকলৰ ওপৰত হাৰাশাস্তি আৰু আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।ইপিনে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে এজন প্ৰতিবাদকাৰী গৌৰৱ নামৰ যুৱকক গ্ৰেপ্তাৰ কৰিছে যদিও তেওঁৰ অন্যান্য সহযোগীসকল বৰ্তমান পলাতক অৱস্থাত আছে আৰু আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।আনহাতে, সামাজিক মাধ্যমৰ বিভিন্ন পোষ্টত তীৰ্যক মন্তব্য আৰু বাকৰুদ্ধেৰে সোঁপন্থী কৰ্মীসকলে আন্দোলনকাৰীসকলক লক্ষ্য কৰি লোৱাৰ অভিযোগ উঠিছে। উল্লেখ্য যে,প্ৰতিবাদকাৰীক আক্ৰমণ আৰু নিৰ্যাতন চলোৱাৰ অভিযোগত দিল্লী আৰক্ষীয়ে বৰ্তমানলৈকে কমেও ১০ টা পৃথক গোচৰ (FIR) ৰুজু কৰিছে। এই সংক্ৰান্তত…
Read More
দুৰ্গা পূজা মণ্ডপত সংঘটিত মৰ্মান্তিক ঘটনা

দুৰ্গা পূজা মণ্ডপত সংঘটিত মৰ্মান্তিক ঘটনা

কলকতাৰ চোৰবাগানৰ দুৰ্গা পূজা মণ্ডপত সংঘটিত হোৱা এক মৰ্মান্তিক ঘটনাই সমগ্ৰ দেশক শোকাহত কৰ তুলিছে। এই শোকাৱহ দুৰ্ঘটনাটোত কেইবাজনো লোকৰ প্ৰাণহানি হোৱাৰ লগতে বহুতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰহি ৰাজ্য চৰকাৰে দুৰ্ঘটনাটোত নিহতসকলৰ পৰিয়াললৈ ২৫ লাখ টকাকৈ আর্থিক সাহায্য আৰু চৰকাৰী চাকৰি প্ৰদানৰ কথা ঘোষণা কৰিছে। ইয়াৰোপৰি, আহতসকলক তৎকালীন আৰু উন্নত চিকিৎসা প্ৰদান কৰাটো চৰকাৰৰ প্ৰধান অগ্ৰাধিকাৰ বুলি উল্লেখ কৰা হৈছে।এই শোকাৱহ দুৰ্ঘটনাটোত ১৯গৰাকীকৈ লোকৰ প্ৰাণহানি হোৱাৰ লগতে বহুতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।
Read More
পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫ টকালৈ বৃদ্ধি , ৮.৫ টকালৈ হ্ৰাস ডিজেলৰ

পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫ টকালৈ বৃদ্ধি , ৮.৫ টকালৈ হ্ৰাস ডিজেলৰ

কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ শুল্ক ক্ষেত্ৰত কিছু সাল-সলনি কৰিছে । পেট্ৰ’লৰ ৰপ্তানি শুল্ক বৃদ্ধিৰ বিপৰীতে ডিজেলৰ শুল্ক হ্ৰাস কৰিছে । বিত্ত মন্ত্ৰালয়ে এক অধিসূচনাযোগে এই বিষয়ে সদৰী কৰিছে ।কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫ টকালৈ বৃদ্ধি কৰিছে । ইয়াৰ বিপৰীতে ডিজেলৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ৮.৫ টকালৈ হ্ৰাস কৰিছে । শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল ৰপ্তানিৰ ওপৰত শুল্ক বৃদ্ধি কৰিছে ।উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দামৰ হ্ৰাস-বৃদ্ধিৰ বাবে চৰকাৰে প্ৰতি ১৫ দিনৰ মূৰে মূৰে এই শুল্কৰ পুনৰীক্ষণ কৰি আহিছে ।
Read More
পুনৰ আৰম্ভ হ’ব উচ্ছেদ অভিযান

পুনৰ আৰম্ভ হ’ব উচ্ছেদ অভিযান

মেৰাপানী সীমান্তৰ ২ নং নেঘেৰীবিলত শনিবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব উচ্ছেদ অভিযান। পুনৰ উচ্ছেদ অভিযানক লৈ অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।জানিব পৰা মতে, উচ্ছেদৰ স্থগিতাদেশ লাভ কৰা ৫৯টা পৰিয়ালক ঘৰ খালী কৰিবলৈ বন বিভাগৰ তৰফৰ পৰা দিয়া হৈছে চূড়ান্ত নিৰ্দেশ। মাইকযোগে প্ৰচাৰ কৰি পৰিয়ালকেইটাক নিজৰ বয়-বস্তু সামৰি ঘৰ এৰিবলৈ নিৰ্দেশ দিছে বন বিভাগে। ফলত পুনৰ অনিশ্চয়তাত পৰিছে নেঘেৰীবিলৰ উচ্ছেদৰ সন্মুখীন হোৱা পৰিয়ালসমূহ।ইয়াৰ পিছতে অঞ্চলটোত পুনৰ উচ্ছেদকেন্দ্ৰিক উত্তেজনা আৰু উৎকণ্ঠাৰ সৃষ্টি হৈছে।
Read More