নৱম শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ১৫ বছৰীয়া কিশোৰ; পিতৃয়ে উপহাৰ দিলে বিলাসী বিএমডব্লিউ বাহন

পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰিলে সন্তানক সাধাৰণতে পিতৃ-মাতৃয়ে ঘড়ী, চাইকেল বা মোবাইল ফোন উপহাৰ দিয়ে। কিন্তু নৱম শ্ৰেণীৰ ছয়মাহিলী পৰীক্ষাত উন্নত ফলাফল প্রদর্শন কৰা বাবে পুত্ৰক এখন কোটিটকীয়া বিলাসী বিএমডব্লিউ বাহন উপহাৰ দি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এজন ব্যৱসায়ী পিতৃ। পশ্চিম বংগৰ পূব বৰ্ধমান জিলাত পিতৃৰ পৰা এই দামী উপহাৰ লাভ কৰা ১৫ বছৰীয়া কিশোৰজন হৈছে মহম্মদ তালহা।

পূব বৰ্ধমান জিলাৰ মন্তেশ্বৰ ব্লকৰ অন্তৰ্গত বাঘাছন গাঁৱৰ বাসিন্দা তথা ইটাভাটাৰ স্বত্বাধিকাৰী শ্বেখ নাজিমুদ্দিন ওৰফে মইনা শ্বেখৰ পুত্ৰ মহম্মদ তালহা মেমৰী ক্ৰিষ্টেল মডেল স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ। অধ্যয়নত মনোযোগ দি পৰীক্ষাত ভাল ফলাফল প্রদর্শন কৰিব পাৰিলে এখন বিএমডব্লিউ বাহন উপহাৰ দিয়াৰ বাবে পূৰ্বেই পিতৃক আবদাৰ ধৰিছিল কিশোৰজনে। পিতৃ নাজিমুদ্দিনেও পুত্ৰৰ এই ইচ্ছাত সন্মতি জনাই পৰীক্ষাত ভাল নম্বৰ লাভ কৰাৰ চৰ্ত বান্ধি দিছিল। পিতৃক দিয়া প্ৰতিশ্ৰুতি অনুসৰি শেহতীয়াকৈ অনুষ্ঠিত নৱম শ্ৰেণীৰ ছয়মাহিলী পৰীক্ষাত তালহাই প্রায় ৯২ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয়।

পুত্ৰৰ এই সাফল্যত উৎফুল্লিত হৈ ব্যৱসায়ী পিতৃ নাজিমুদ্দিনে নিজৰ কথা ৰাখি কিশোৰজনৰ দীৰ্ঘদিনীয়া সপোনটো পূৰণ কৰাৰ সিদ্ধান্ত লয়। সেই উদ্দেশ্যে তেওঁলোকে মুম্বাইৰ এটা শ্ব’ৰুমৰ পৰা ক্ৰয় কৰে এখন উজ্জ্বল নীলা ৰঙৰ ‘বিএমডব্লিউ এম-৪ কম্পিটিশ্যন’ মডেলৰ স্প’ৰ্টছ বাহন। বজাৰত নতুনকৈ ক্ৰয় কৰিলে প্ৰায় ১.৫ কোটি টকা মূল্যৰ এই বিলাসী বাহনখন মুম্বাইৰ পৰা বিশেষ কণ্টেইনাৰযোগে পোনপটীয়াকৈ বৰ্ধমানৰ বাঘাছন গাঁৱলৈ অনা হয়। কণ্টেইনাৰৰ পৰা বাহনখন নমোৱাৰ লগে লগে গাঁওখনত এই দৃশ্য চাবলৈ বহু কৌতূহলী লোকৰ সমাগম ঘটে।

কোটিটকীয়া বিএমডব্লিউ বাহনখন লাভ কৰি অত্যন্ত আনন্দিত হৈ পৰিছে ১৫ বছৰীয়া মহম্মদ তালহা। অৱশ্যে বয়স নোহোৱাৰ বাবে কিশোৰজনে এতিয়াই নিজে বাহনখন চলাব নোৱাৰিব। সেয়েহে প্রাপ্তবয়স্ক হৈ ড্ৰাইভিং লাইচেন্স লাভ নকৰালৈকে পিতৃ অথবা পৰিয়ালৰ চালকৰ সৈতে বাহনখনত উঠি ভ্ৰমণৰ আনন্দ উপভোগ কৰিব তালহাই। পিতৃৰ পৰা এই বিশেষ উপহাৰ লাভ কৰাৰ পিছত আগন্তুক দশম শ্ৰেণীৰ বোৰ্ড পৰীক্ষাতো অধিক উন্নত ফলাফল প্রদর্শন কৰিবলৈ অধ্যয়নত সম্পূর্ণ মনোনিৱেশ কৰিব বুলি জানিবলৈ দিয়ে কিশোৰজনে। পুত্ৰক অধ্যয়নৰ প্ৰতি উৎসাহিত কৰিবলৈ পিতৃয়ে দিয়া এই ব্যয়বহুল উপহাৰৰ বিষয়টোৱে এতিয়া সমগ্ৰ দেশতে বিশেষ চৰ্চা লাভ কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *