ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ ‘ওপৰ মহলৰ নিৰ্দেশ’ত তেওঁৰ ভিছা বাতিল কৰি ভাৰত ভ্ৰমণত বাধা দিয়া হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নৰৱেৰ এগৰাকী সাংবাদিকে। হেল লিং ছভেণ্ডছেন (Helle Lyng Svendsen) নামৰ সাংবাদিকগৰাকীয়ে বুধবাৰে প্ৰকাশ কৰা অনুসৰি, অছলোস্থিত ভাৰতীয় দূতাৱাসে তেওঁক বিমানবন্দৰলৈ ৰাওনা হোৱাৰ মাত্ৰ ১০ মিনিট পূৰ্বে ভাৰতলৈ যাত্ৰা নকৰিবলৈ নিৰ্দেশ দিয়ে। এই সিদ্ধান্তৰ আঁৰত কোনো স্পষ্ট কাৰণ দৰ্শোৱা হোৱা নাই যদিও এয়া সম্পূৰ্ণৰূপে ‘ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত’ বুলি সাংবাদিকগৰাকীয়ে সন্দেহ প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে ছভেণ্ডছেনে হায়দৰাবাদত কংগ্ৰেছৰ উদ্যোগত আয়োজিত ‘ভাৰত সন্মিলন’ত (Bharat Summit) সংবাদ মাধ্যমৰ ভৱিষ্যৎ আৰু সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত বক্তব্য ৰাখিবলৈ আহিবলগীয়া আছিল। তেওঁৰ হাতত বৈধ ভিছা আৰু ৰাজনৈতিক অনুমতি থকাৰ পাছতো শেষ মুহূৰ্তত তেওঁক দেশত প্ৰৱেশ কৰাত বাধা দিয়া হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক উদ্দেশ্যি ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এটা ভিডিঅ’ত ছভেণ্ডছেনে কয় যে ২০২৬ চনৰ মে’ মাহত নৰৱে ভ্ৰমণৰ সময়ত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সংবাদমেল সম্বোধন নকৰাৰ সন্দৰ্ভত প্ৰশ্ন কৰিছিল।
ইয়াৰ উপৰি নিজৰ কাকত ‘ডাগছাভিছেন’ (Dagsavisen) আৰু অনলাইন মাধ্যমত মোদী চৰকাৰ তথা উদ্যোগপতি আদানি আৰু আম্বানীক সমালোচনা কৰি লেখা নিবন্ধৰ বাবেই তেওঁৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি বুলি তেওঁ প্ৰশ্ন তোলে। লগতে ‘কক্ৰ’চ জনতা পাৰ্টি’ নামৰ এটা ৰাজনৈতিক অভিযানৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকেৰ সাক্ষাৎকাৰ লোৱাটোও ইয়াৰ আন এটা কাৰণ হ’ব পাৰে বুলি তেওঁ আশংকা ব্যক্ত কৰে।
