গুৱাহাটীৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। আজি গুৱাহাটীত গ্ৰাহকে নাপাব পেট্ৰ’ল আৰু ডিজেল। নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েশ্যন (NEIPDA)-ৰ বৃহত্তৰ গুৱাহাটী গোটে গ্ৰহণ কৰিছে এই বিশেষ কাৰ্যসূচী।
সংস্থাটোৱে ঘোষণা কৰা অনুসৰি, আজি ১২ নৱেম্বৰৰ পুৱা ৬ বজাৰ পৰা পেট্ৰ’ল আৰু ডিজেলৰ বিক্ৰী বন্ধ ৰখা হৈছে। এই কাৰ্যসূচী কাইলৈ অৰ্থাৎ ১৩ নৱেম্বৰৰ পুৱা ৬ বজালৈকে অব্যাহত থাকিব।
অৰ্থাৎ, সম্পূৰ্ণ ২৪ ঘণ্টাৰ বাবে গুৱাহাটীৰ পেট্ৰ’ল পাম্পসমূহত গ্ৰাহকে পেট্ৰ’ল-ডিজেল লাভ নকৰিব।
এই কাৰ্যসূচীৰ ফলত ব্যক্তিগত বাহনৰ গৰাকীৰ লগতে বাণিজ্যিক বাহনৰ চালকসকলৰো অসুবিধাৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে।
সেয়েহে, জৰুৰী যাত্ৰাৰ পৰিকল্পনা কৰা গ্ৰাহকসকলক আগতীয়াকৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
উল্লেখ্য যে, ১৩ নৱেম্বৰৰ পুৱা ৬ বজাৰ পিছতহে পুনৰ পেট্ৰ’ল-ডিজেলৰ বিক্ৰী আৰম্ভ হোৱাৰ কথা।
