ভোটদান আৰু ভোটগণনাৰ তথ্যত ব্যাপক পাৰ্থক্য থকাৰ অভিযোগ নস্যাৎ নিৰ্বাচন আয়োগৰ; আনুষ্ঠানিক পৰিসংখ্যা প্ৰকাশ

২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু বিভিন্ন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত সাব্যস্ত হোৱা ভোট তথা গণনা কৰা ভোটৰ মাজত বৃ্হৎ পাৰ্থক্য থকা বুলি সামাজিক মাধ্যমত চলা প্ৰচাৰ পোনপটীয়াকৈ নাকচ কৰে ভাৰতৰ নিৰ্বাচন আয়োগে। মুখ্যতঃ মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ কেইটামান সমষ্টিক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত এই দাবীসমূহক সম্পূৰ্ণ বিভ্ৰান্তিকৰ আখ্যা দিয়ে আয়োগে। এই সন্দৰ্ভত প্রকৃত সত্য স্পষ্ট কৰিবলৈ নিৰ্বাচন আয়োগে নিজৰ আনুষ্ঠানিক ইনডেক্স কাৰ্ড আৰু পৰিসংখ্যাগত প্ৰতিবেদনৰ তথ্য ৰাজহুৱা কৰে।

সামাজিক মাধ্যমৰ উক্ত পোষ্টসমূহত মহাৰাষ্ট্ৰৰ মুম্বাই উত্তৰ লোকসভা সমষ্টিত ১৮.১১ লাখ ভোটদান হোৱাৰ বিপৰীতে মাত্র ১০.৩৩ লাখ ভোটহে গণনা কৰা বুলি দাবী কৰি ৭.৭৮ লাখ ভোট গণনা নকৰাৰ অভিযোগ তোলা হৈছিল। কিন্তু আয়োগৰ আনুষ্ঠানিক তথ্য অনুসৰি সমষ্টিটোত থকা মুঠ ১৮,১২,১১৫ গৰাকী ভোটাৰৰ ভিতৰত ১০,৩৬,৪৯৬ গৰাকীয়েহে ভোটাধিকাৰ সাব্যস্ত কৰিছিল। ইয়াৰ ভিতৰত ১০,৩৩,২৬৮টা ইভিএম ভোট আৰু ৩,২২৮টা আছিল প’ষ্টেল বেলট। আয়োগৰ নিৰ্দেশনা অনুসৰি ৭৬৫টা টেষ্ট ভোট আৰু কণ্ট্ৰ’ল ইউনিটৰ পৰা উদ্ধাৰ কৰিব নোৱাৰা ভোটসমূহ পৃথক কৰাৰ পিছত মুঠ ১০,৩৫,৭৩১টা ভোট গণনা কৰা হয়। ৫৭.২০ শতাংশ ভোটদান হোৱা সমষ্টিটোত প্ৰায় ৭.৭৫ লাখৰ যি পাৰ্থক্য দেখা গৈছে, সেয়া ভোটদান নকৰা ভোটাৰৰহে সংখ্যা বুলি স্পষ্ট কৰে নিৰ্বাচন আয়োগে।

মুম্বাইৰ দৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ লোকসভা সমষ্টিক লৈও সামাজিক মাধ্যমত ৬,৬৬,০৪৬টা ভোটদানৰ বিপৰীতে ৬,৭২,৯৪২টা ভোট গণনা হোৱা বুলি দাবী কৰি ৬,৮৯৬টা অতিৰিক্ত ভোট গণনা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল। এই সন্দৰ্ভত আয়োগে প্ৰকাশ কৰা তথ্য মতে সমষ্টিটোৰ মুঠ ১৭,৪৮,৮০৩ গৰাকী ভোটাৰৰ ভিতৰত ৬,৭৬,৪০৮ গৰাকীয়ে ভোটদান কৰে। ইয়াত ৬,৭২,৯৪২টা ইভিএম ভোট আৰু ৩,৪৬৬টা প’ষ্টেল বেলট অন্তৰ্ভুক্ত আছিল। ১,০০৯টা টেষ্ট ভোট আৰু অন্যান্য নিৰ্ধাৰিত কৰ্তনৰ পিছত সমষ্টিটোত মুঠ ৬,৭৫,৩৯৯টা ভোট গণনা কৰা হয়। ৩৮.৬৮ শতাংশ ভোটদান হোৱা শ্ৰীনগৰ সমষ্টিত কোনো ধৰণৰ অতিৰিক্ত ভোট গণনা কৰা হোৱা নাছিল বুলি স্পষ্টীকৰণ দিয়ে আয়োগে।

লোকসভা সমষ্টিৰ উপৰি মহাৰাষ্ট্ৰৰ বীড বিধানসভা সমষ্টিত ৩.৮৪ লাখ ভোটদানৰ বিপৰীতে মাত্র ২.৩৯ লাখ ভোট গণনা হোৱা বুলি উল্লেখ কৰি ১.৪৫ লাখ ভোট হৰলুকী হোৱাৰ মিছা অভিযোগ তোলা বুলি দাবী কৰে আয়োগে। চৰকাৰী তথ্য অনুসৰি সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা আছিল ৩,৮৪,৮৮৫ গৰাকী। ইয়াৰে ২,৩৮,৮৪৫টা ইভিএম ভোট আৰু ৪,১৩৮টা প’ষ্টেল বেলটসহ মুঠ ২,৪২,৯৮৩টা ভোটদান হয় আৰু এই আটাইকেইটা ভোটৰে গণনা সম্পন্ন হয়। ৬৩.১৩ শতাংশ ভোটদান হোৱা সমষ্টিটোত ভোটদানৰ পৰা বিৰত থকা প্ৰায় ১.৪২ লাখ ভোটাৰৰ বাবেহে মুঠ ভোটাৰ আৰু গণনা কৰা ভোটৰ মাজত এই পাৰ্থক্য থকা বুলি আয়োগে দাবী কৰে।

একেদৰে মহাৰাষ্ট্ৰৰ ডাহানু বিধানসভা সমষ্টিত ৩.০১ লাখ ভোটদানৰ বিপৰীতে ২.২১ লাখ ভোট গণনা কৰা বুলি চলোৱা প্ৰচাৰো ভুৱা বুলি দাবী কৰে নিৰ্বাচন আয়োগে। আয়োগৰ পৰিসংখ্যা মতে সমষ্টিটোৰ মুঠ ৩,০১,২৫৭ গৰাকী ভোটাৰৰ ভিতৰত ৭৩.৬৩ শতাংশ অৰ্থাৎ ২,২১,৮১৮ গৰাকীয়ে ভোটদান কৰে আৰু এই সকলো ভোট গণনা কৰা হয়। সমষ্টিটোত প্ৰায় ৭৯ হাজাৰ ভোটাৰে ভোটদান নকৰাৰ বাবেই এই পাৰ্থক্য থকা বুলি স্পষ্ট কৰে নিৰ্বাচন আয়োগে।

ইফালে দেশৰ ৭ খন ৰাজ্যত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰা নাগৰিকসকলক নিৰ্বাচন আয়োগে নাম পঞ্জীয়নৰ বাবে আন এক সুযোগ প্ৰদান কৰিব।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *