২০২৯ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব চেন্নাইত

ভাৰতৰ ক্ৰীড়াক্ষেত্ৰলৈ আহিল এক সুখবৰ। ২০২৯ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব ভাৰতত। এইবাৰ প্ৰতিযোগিতাখনৰ আয়োজক হিচাপে নিৰ্বাচিত হৈছে তামিলনাডুৰ ৰাজধানী চেন্নাই।

উল্লেখ্য যে, ২০২৭ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব চীনত। তাৰ পিছতে ২০২৯ চনৰ প্ৰতিযোগিতাখন আয়োজনৰ দায়িত্ব লাভ কৰিছে ভাৰতে।

চেন্নাইত এই বৃহৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হোৱাক লৈ ইতিমধ্যে ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহৰ সৃষ্টি হৈছে।

এছিয়াৰ বিভিন্ন দেশৰ শীৰ্ষস্থানীয় এথলীটসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ফলত ভাৰতীয় খেলুৱৈসকলেও নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ সন্মান বৃদ্ধি কৰাৰ এক বৃহৎ সুযোগ লাভ কৰিব।

২০২৯ চনৰ এই প্ৰতিযোগিতাৰ জৰিয়তে ভাৰতৰ ক্ৰীড়া আন্তঃগাঁথনি আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজনৰ ক্ষেত্ৰতো নতুন মাত্ৰা সংযোজন হোৱাৰ আশা কৰা হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *