সংশ্লিষ্ট নথি-পত্ৰ অবিহনে কেৱল পেন কাৰ্ড আৰু ভোটাৰ পৰিচয় পত্ৰ (EPIC) দ্বাৰা ভাৰতীয় নাগৰিকত্ব প্ৰতিষ্ঠা কৰিব নোৱাৰি বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। আদালতে স্পষ্ট কৰি দিছে যে এই নথিপত্ৰসমূহ সঠিক পৰীক্ষণ নকৰাকৈয়ে স্ব-ঘোষণাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হয়।৫ নৱেম্বৰত এক বিদেশী ন্যায়াধিকৰণৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই এগৰাকী মহিলাই দাখিল কৰা আবেদন খাৰিজ কৰি উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে এই পর্যবেক্ষণ দাঙি ধৰে। ন্যায়াধীশ কল্যাণ ৰায় চুৰাণা আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ খণ্ডপীঠে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
আবেদনকাৰী কুলচান বেগম নামৰ মহিলাগৰাকীয়ে তেওঁৰ পিতৃ আৰু ককা-আইতাৰ সৈতে থকা সম্পৰ্ক তথা তেওঁলোক যে ১৯৭১ চনৰ মাৰ্চ মাহৰ পূৰ্বে অসমত নিৰৱচ্ছিন্নভাৱে বাস কৰিছিল, সেই কথা নিৰ্ভৰযোগ্য প্ৰমাণৰ দ্বাৰা প্ৰতিপন্ন কৰাত ব্যৰ্থ হৈছিল বুলি আদালতে উল্লেখ কৰে। মহিলাগৰাকীয়ে নিজৰ নাগৰিকত্বৰ সপক্ষে ১৯৬৬ আৰু ১৯৭০ চনৰ ভোটাৰ তালিকা, পিতৃৰ পেন কাৰ্ড আৰু ভোটাৰ কাৰ্ড, নিজৰ ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC) আবেদনৰ ৰচিদ দাখিল কৰিছিল। লগতে তেওঁৰ পিতৃ এজন ভাৰতীয় নাগৰিক আছিল আৰু তেওঁ গুৱাহাটী পৌৰ নিগমৰ কাউন্সিলাৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল বুলি দাবী জনাইছিল।
অৱশ্যে উচ্চ ন্যায়ালয়ে এই সকলো যুক্তি খাৰিজ কৰি কয় যে কেৱল পেন কাৰ্ড বা ভোটাৰ কাৰ্ড দাখিল কৰিলে নহ’ব, বৰঞ্চ এই নথিপত্ৰসমূহ সৃষ্টি কৰোঁতে ব্যৱহাৰ কৰা মূল প্ৰমাণ বা তথ্যসমূহো প্ৰতিপন্ন কৰাটো বাধ্যতামূলক। লগতে পিতৃৰ ৰাজনৈতিক বা পৌৰ নিগমৰ কাৰ্যনিৰ্বাহৰ তথ্যই মহিলাগৰাকী যে তেওঁৰে সন্তান, সেই কথা নিশ্চিতভাৱে প্ৰমাণ নকৰে বুলি আদালতে মত প্ৰকাশ কৰে। এই ৰায়দানৰ জৰিয়তে উচ্চ ন্যায়ালয়ে ন্যায়াধিকৰণৰ পূৰ্বৰ নিৰ্দেশ বাহাল ৰাখে আৰু মহিলাগৰাকীৰ জামিনো খাৰিজ কৰে।
