শ্যাম মেটালিক্সে ৬ ৰ পৰা ৯ নৱেম্বৰলৈ এক্ৰ’পলিছ মলত আলোকসময় কলকাতা নামৰ এক ৪ দিনীয়া উৎসৱৰ আয়োজন কৰে, যিয়ে দেৱালীৰ সময়ত কলা, সংস্কৃতি আৰু সামূহিক অংশগ্ৰহণক একেলগে একত্ৰিত কৰে। ৯ নৱেম্বৰত অনুষ্ঠিত হোৱা এই মেগা ফিনালেত বিশিষ্ট অভিনেতা মিঠুন চক্ৰৱৰ্তীয়ে বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰে।
এই পদক্ষেপৰ অংশ হিচাপে কলকাতাৰ সাংস্কৃতিক পৰিচয়ক প্ৰতিফলিত কৰা কিছুমান সৃষ্টিশীল প্ৰদৰ্শনী প্ৰদৰ্শন কৰা হৈছিল। ইয়াৰ ভিতৰত আছিল এছইএল টাইগাৰ টিএমটি বাৰ ব্যৱহাৰ কৰি তৈয়াৰ কৰা এজোপা বিশেষ আলোক বৃক্ষ আৰু এছইএল টাইগাৰ ৰুফিং শ্বীটছ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা ঐতিহ্যবাহী ট্ৰাম আৰু পৰম্পৰাগত টেক্সীৰ দৰে কিছুমান সুন্দৰ প্ৰতিমূৰ্তি। ইয়াৰ লগতে আলোকিত তোৰণ আৰু উৎসৱকেন্দ্ৰিক সজ্জাই এই উদযাপনৰ সৌন্দৰ্য দুগুণ বৃদ্ধি কৰিছিল।
কাৰ্যসূচী অনুসৰি ৬ নৱেম্বৰত ফুলৰ ৰংগোলী, ৭ নৱেম্বৰত ৰংগোলী প্ৰতিযোগিতা আৰু ৮ নৱেম্বৰত দিয়া পেইণ্টিং(অংকন) প্ৰতিযোগিতা অনুষ্ঠিত হয়। সামৰণি অনুষ্ঠানত প্ৰতিযোগিতাত বিজয়ীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে বিশেষ উপহাৰো প্ৰদান কৰা হয়।
শ্যাম মেটালিক্সৰ মুখ্য পৰিচালন বিষয়া নিৰ্মল উদয়ে কয় যে, এই পদক্ষেপৰ উদ্দেশ্য হৈছে কলকাতাৰ পৰম্পৰা, সৃষ্টিশীলতা আৰু সামূহিক মনোভাৱক উদযাপন কৰা, যাৰ জৰিয়তে স্থানীয় ৰাইজে এই উৎসৱত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে। নিৰ্মল উদয়ে লগতে কয় যে, কোম্পানীটোৰ উৎপাদিত সামগ্ৰীসমূহৰ এই সৃষ্টিশীল ব্যৱহাৰে চহৰখন আৰু ইয়াৰ বাসিন্দাৰ সৈতে থকা সুদৃঢ় সম্পৰ্কক প্ৰতিফলিত কৰিছে।
কলকাতাত মুখ্য কাৰ্যালয় থকা শ্যাম মেটালিক্সৰ সৰ্বমুঠ ধাতু উৎপাদন সামৰ্থ্য হৈছে ১৬.৯৩ এমটিপিএ আৰু কেপটিভ শক্তি উৎপাদন সামৰ্থ্য ৪৬৭ মেগাৱাট। প্ৰতিষ্ঠানটোৰ উৎপাদন কাৰ্য-কলাপ পশ্চিম বংগ, ওড়িশা, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশত বিস্তৃত হৈ আছে।
অভিনেতা মিঠুন চক্ৰৱৰ্তীৰ উপস্থিতিত শ্যাম মেটালিক্সে কলকাতাবাসীৰ সৈতে ৪ দিনীয়াকৈ উদযাপন কৰিলে দীপাৱলী
