আইচিআইচিআই লাইফে মুকলি কৰিলে বিএছই ৫০০ মমেণ্টাম কোৱালিটি ৫০ ইণ্ডেক্স ফাণ্ড

আইচিআইচিআই লাইফ ইঞ্চুৰেন্সে বিএছই ৫০০ মমেণ্টাম কোৱালিটি ৫০ ইণ্ডেক্স ফাণ্ড মুকলি কৰিছে। এইটো এটা নতুন ইকুইটি বিনিয়োগৰ বিকল্প, যি কোম্পানীটোৰ বেছিভাগ ইউনিট-লিংকড ইঞ্চুৰেন্স প্লেন (ইউএলআইপি)ৰ অধীনত উপলব্ধ হ’ব। ইয়াৰ জৰিয়তে বিনিয়োগকাৰীসকলে বিত্তীয় শক্তি আৰু শ্বেয়াৰৰ মূল্যৰ মমেণ্টাম(গতি)ৰ ওপৰত ভিত্তি কৰি বিএছই ৫০০-ৰ পৰা বাচনি কৰা ৫০টা কোম্পানীত বিনিয়োগ কৰাৰ সুযোগ পাব। এই ফাণ্ডৰ উদ্দেশ্য হৈছে শক্তিশালী বিত্তীয় স্থিতি আৰু ধাৰাবাহিকভাৱে শ্বেয়াৰৰ মূল্য বৃদ্ধি পোৱা কোম্পানীসমূহত বিনিয়োগ কৰি দীৰ্ঘম্যাদী ৰিটাৰ্ন প্ৰদান কৰা। বাচনি প্ৰক্ৰিয়াত ৰিটাৰ্ন অন ইকুইটি (আৰঅ’ই) ডেপ্ট টু ইকুইটি (ঋণ আৰু ইকুইটিৰ অনুপাত) আৰু আৰ্নিংছ পাৰ শ্বেয়াৰ(ইপিএছ)ৰ দৰে মাপকাঠিসমূহ বিবেচনা কৰা হয়।

আইচিআইচিআই লাইফ ইঞ্চুৰেন্সৰ মুখ্য বিনিয়োগ বিষয়া মনীষ কুমাৰে  এই বিষয়ে কয় যে, এই ফাণ্ডে বিনিয়োগকাৰীসকলক মানদণ্ডসম্পন্ন ব্যৱসায়, উপাৰ্জনৰ স্পষ্ট সম্ভাৱনা আৰু সুস্থিৰ শ্বেয়াৰৰ মূল্যৰ গতি থকা কোম্পানীসমূহৰ ওপৰত চকু ৰাখি দীৰ্ঘম্যাদী সম্পদ গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰিব। মনীষ কুমাৰে লগতে কয় যে, এই পদক্ষেপ গ্ৰাহকসকলক বজাৰৰ উত্থান-পতনৰ মাজতো দীৰ্ঘম্যাদী বিনিয়োগৰ পৰা লাভান্বিত হ’বলৈ সহায় কৰাৰ কোম্পানীৰ লক্ষ্যৰ সৈতে সংগতিপূৰ্ণ। ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰলৈকে বিএছই ৫০০ মমেণ্টাম কোৱালিটি ৫০ ইণ্ডেক্সে সাত বছৰত ২৩.৭% পৰ্যন্ত ৰিটাৰ্ন প্ৰদান কৰিছিল, য’ত ১ লাখ টকাৰ বিনিয়োগ বৃদ্ধি পাই প্ৰায় ৪.৪ লাখ টকা হৈছিলগৈ। পৰিৱৰ্তনশীল ব্যৱসায়িক ভেটি আৰু বজাৰৰ সুযোগসমূহ প্ৰতিফলিত কৰিবলৈ পৰ্টফলিঅ’টো প্ৰতি তিনি মাহত পুনৰ সন্তুলিত কৰা হ’ব।

কোম্পানীটোৱে ২০২৭ বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত ৯৯.৩% দাবী নিষ্পত্তিৰ অনুপাত অৰ্জন কৰাৰ কথা জনাইছে, য’ত তদন্ত-অনুসন্ধান নকৰা দাবীসমূহৰ বাবে গড় নিষ্পত্তিৰ সময় আছিল ১.১ দিন। এই ফাণ্ডটো বীমাকাৰী কোম্পানীটোৰ অফিচিয়েল ৱেবচাইটত বেছিভাগ ইউএলআইপি আঁচনিৰ জৰিয়তে উপলব্ধ হ’ব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *