19
Sep
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে শুকুৰবাৰে ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক প্ৰতিবন্ধকতা অধিক কঠোৰ কৰাৰ উদ্দেশ্যে এক ঐতিহাসিক বিধেয়কত স্বাক্ষৰ কৰি ইয়াক আইনত পৰিণত কৰে। মার্কিন কংগ্ৰেছত ইতিমধ্যে গৃহীত হোৱাট আইনখনে ৰাষ্ট্ৰপতিগৰাকীক এক বিশেষ ক্ষমতা প্ৰদান কৰিছে, যাৰ অধীনত ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ ক্ৰয় কৰা শীর্ষ পাঁচখন দেশৰ ওপৰত ১০০% পৰ্যন্ত শুল্ক (ট্যাৰিফ) আৰোপ কৰিব পৰা যাব। এই তালিকাত ৰাছিয়াৰ মুখ্য শক্তি ক্ৰেতা ভাৰত আৰু চীনো অন্তৰ্ভুক্ত হৈ আছে। অৱশ্যে, এই আইনে স্বয়ংক্ৰিয়ভাৱে ভাৰত বা চীনৰ ওপৰত এই শুল্ক আৰোপ নকৰে; বৰঞ্চ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক প্ৰয়োজন সাপেক্ষে এনে সিদ্ধান্ত লোৱাৰ পূৰ্ণ অধিকাৰ প্ৰদান কৰে।আইনখনৰ নাম "লিন্ডছে অ' গ্ৰাহাম ছেংকশ্বনিং ৰাছিয়া…
