মুম্বাই ইণ্ডিয়ানছৰ প্ৰশিক্ষক গোটত ডাঙৰ সালসলনি

আইপিএলৰ অন্যতম সফল ফ্ৰেঞ্চাইজী মুম্বাই ইণ্ডিয়ানছৰ প্ৰশিক্ষক গোটত এক বৃহৎ পৰিৱৰ্তন ঘটিছে। ফ্ৰেঞ্চাইজীটোৱে তেওঁলোকৰ বলিং প্ৰশিক্ষক লাচিথ মালিংগা আৰু পৰশ মামব্ৰেৰ লগতে ফিল্ডিং প্ৰশিক্ষক কাৰ্ল হপকিন্সনৰ সৈতে চুক্তি সমাপ্ত কৰাৰ কথা ঘোষণা কৰিছে। মুখ্য প্ৰশিক্ষক মহেলা জয়াবর্ধনেৰ সৈতে সম্পৰ্কচ্ছেদ কৰাৰ কেইদিনমান পিছতেই এই সিদ্ধান্ত লোৱা হৈছে। কিছুদিন পূৰ্বে ফ্ৰেঞ্চাইজীটোৱে প’লাৰ্ডক নতুন মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব অৰ্পণ কৰিছিল।

শ্ৰীলংকাৰ প্রাক্তন দ্ৰুত বেগী বলাৰগৰাকী মুম্বাই ইণ্ডিয়ান্সৰ পৰিয়ালৰ সৈতে দীৰ্ঘদিন ধৰি ওত্প্রোতভাৱে জড়িত আছিল। তেওঁ খেলি থকা অৱস্থাত দলক চাৰিটা আইপিএল খিতাপ (২০১৩-২০১৯) আৰু ২০১১ চনৰ চেম্পিয়নছ লীগ টি-২০ জয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ আইপিএলত সংগ্ৰহ কৰা ১৭০টা উইকেটেই মুম্বাই ইণ্ডিয়ানছৰ হৈ আহিছিল। ২০২৪ চনত তেওঁ দলটোৰ বলিং প্ৰশিক্ষক হিচাপে দায়িত্ব লৈছিল। ২০২৪ ৰ টি-২০ বিশ্বকাপ জয়ৰ পিছত মামব্ৰেয়ে মুম্বাই ইণ্ডিয়ানছৰ বলিং প্ৰশিক্ষক হিচাপে যোগদান কৰিছিল।

তেওঁ দুটা আইপিএল ছিজনত দলটোৰ সেৱা আগবঢ়োৱাৰ লগতে ‘এম আই এমিৰেটছ’ৰো বলিং প্ৰশিক্ষক আছিল। ইয়াৰ পূৰ্বেও ২০০৮ চনত আৰু ২০১০ ৰ পৰা ২০১৭ চনলৈকে তেওঁ এই ফ্ৰেঞ্চাইজীটোৰ প্ৰশিক্ষক গোটত আছিল। জেমছ পেমেণ্টৰ স্থানত ২০২৫ চনৰ ছিজনৰ পূৰ্বে হপকিন্সনে ফিল্ডিং প্ৰশিক্ষক হিচাপে যোগদান কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ২০১৮ ৰ পৰা ২০২৪ চনলৈ ইংলেণ্ড পুৰুষ দলৰ মুখ্য ফিল্ডিং প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ২০১৯ (এদিনীয়া) তথা ২০২২ চনৰ (টি-২০) বিশ্বকাপ বিজয়ী ইংলেণ্ড দলৰ প্ৰশিক্ষক গোটৰ অংশ আছিল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *