গড্ৰেজ লিটাৰেচাৰ লাইভ! মুম্বাই লিটফেষ্টৰ ১৭ সংখ্যক সংস্কৰণৰ ২৫ অক্টোবৰত সফল সামৰণি পৰে, য’ত বিশ্বৰ ১৮খন দেশৰ ১৩০তকৈও অধিক ঔপন্যাসিক, কবি, লেখক, চিন্তাবিদ আৰু পৰিবেশন শিল্পীয়ে ৪০তকৈও অধিক অধিৱেশনত অংশগ্ৰহণ কৰে। জীৱনজোৰা সাধনাৰ বাবে প্ৰবীন ঔপন্যাসিক আৰৱিন এলান চিলী-ক গড্ৰেজ লিটাৰেচাৰ লাইভ! লাইফটাইম এচিভমেণ্ট বঁটা প্ৰদান কৰা হয়, আনহাতে হিন্দী কবি গগন গীলক পয়েট লৰেট বঁটাৰে সন্মানিত কৰা হয়। ৰাহুল ভট্টাচাৰ্যৰ ৰেলচং: এ নভেল গ্ৰন্থখনে বছৰটোৰ শ্ৰেষ্ঠ কল্পকাহিনী গ্ৰন্থ শিতানত বুক অব্ দ্য ইয়েৰ – ফিকচন বঁটা লাভ কৰে, আনহাতে গাজালা ৱাহাবৰ দ্য হিন্দী হাৰ্টলেণ্ড: এ ষ্টাডী গ্ৰন্থখনে অ-কল্পকাহিনী শিতানত শ্ৰেষ্ঠ নন-ফিকচন বঁটা জিনিবলৈ সক্ষম হয়।
দীপিকা অৰৱিন্দৰ গুড আৰ্গিউমেণ্টচ গ্ৰন্থখনে বেষ্ট ফাৰ্ষ্ট বুক – ফিকচন আৰু তানুল ঠাকুৰৰ ৱাইল্ড ৱাইল্ড ইষ্ট গ্ৰন্থখনে বেষ্ট ফাৰ্ষ্ট বুক – নন-ফিকচন বঁটা লাভ কৰিবলৈ সক্ষম হয়। আদিল ৰুস্তমজীৰ ৰানিং বিহাইণ্ড লক্ষ্মী গ্ৰন্থখনে বিজনেছ বুক অব্ দ্য ইয়েৰ লাভ কৰে, আনহাতে ৱেষ্টলেণ্ডক বছৰটোৰ শ্ৰেষ্ঠ প্ৰকাশক ৰূপে পাব্লিচাৰ অব্ দ্য ইয়েৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। এই মহোৎসৱত সাহিত্য, ব্যৱসায়, সংবাদ মাধ্যম, ইতিহাস, কৃত্ৰিম বুদ্ধিমত্তা, ছচিয়েল মিডিয়া আৰু সমসাময়িক সমাজৰ ওপৰত আলোচনা অনুষ্ঠিত হয়। বিশিষ্ট অংশগ্ৰহণকাৰীসকলৰ ভিতৰত গুলজাৰ, জাভেদ আখতাৰ, ছাবানা আজমি, শশী থাৰুৰ আৰু ৰামচন্দ্ৰ গুহ আছিল অন্যতম। ইয়াৰ সমান্তৰালভাৱে অনুষ্ঠিত ‘লিটল ফেষ্টিভেল’ত ৭ ৰ পৰা ১৩ বছৰ বয়সৰ শিশুসকলৰ বাবে সাধু কথন, কৰ্মশালা আৰু বিভিন্ন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছিল।
গুৱাহাটী মহানগৰীৰ সাহিত্য আৰু প্ৰকাশন জগতৰ বাবে এই উৎসৱে শেহতীয়া সাহিত্যিক ধাৰা, আঞ্চলিক পাঠক সমাজৰ ধাৰণা আৰু উত্তৰ-পূৰ্বাঞ্চলত সাহিত্য চৰ্চা শক্তিশালী কৰিবলৈ লেখক, প্ৰকাশক তথা সাংস্কৃতিক সংগঠনসমূহৰ বাবে সুযোগৰ অন্তৰ্দৃষ্টি প্ৰদান কৰিব। ২৩ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ মুম্বাইৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শন কলা কেন্দ্ৰ(এনচিপিএ)ত অনুষ্ঠিত হোৱা এই উৎসৱত থিয়েটাৰ, সংগীত, কৰ্মশালা আৰু শিক্ষানুষ্ঠানসমূহৰ সৈতে সংযোগৰ বাবে কেম্পাছ আউটৰীচ কাৰ্যসূচী আদি সন্নিৱিষ্ট কৰা হৈছিল।
