আইচিচি টি-২০ ৰেংকিঙৰ শীৰ্ষস্থান দখল অভিষেক শৰ্মাৰ

ভাৰতীয় ক্ৰিকেট দলৰ বিস্ফোৰক অ’পেনাৰ অভিষেক শৰ্মাই শেহতীয়া আইচিচি পুৰুষৰ টি-২০ বেটিং ৰেংকিঙত পুনৰ নিজৰ দখললৈ আনিছে শীৰ্ষস্থান। নিউজিলেণ্ড ভ্ৰমণৰ তৃতীয়খন টি-২০ মেচত কিৱি ব’লাৰসকলক অতিক্ৰম কৰি অভিষেক শৰ্মাই মাত্ৰ ৩৮ টা বলতে বেলিঙকৰে আকৰ্ষণীয় ১১৩ ৰান সংগ্ৰহ কৰে। তেওঁৰ এই  ইনিংছটোৰ সাহায্যতে ভাৰতে মেচখনত ৬ উইকেটত জয়লাভ কৰি শৃংখলাটো নিজৰ দখলৰে আনে। ইয়াৰ পূৰ্বে যোৱা জুলাই মাহত এই স্থান দখল কৰিছিল সহযোগী ঈশান কিষাণে।

বৰ্তমান অভিষেক শৰ্মা ৮৯৯ ৰেটিং পইন্টেৰে তালিকাৰ শীৰ্ষত উপনীত হৈছে। ৱেলিংটনত অনুষ্ঠিত এই মেচখনত অভিষেক শৰ্মা আৰু বৈভৱ সূৰ্যবংশীয়ে পিৱাৰ প্লে’ৰ অভাৱনীয় প্ৰদৰ্শন আগবঢ়াই মাত্ৰ কেইটামান অভাৰতে ১১৮ ৰান সংগ্ৰহ কৰে। অভিষেক শৰ্মাই মাত্ৰ ৩৫ টা বলতে শতক অৰ্জন কৰি টি-২০ ক্ৰিকেটত সৰ্বাধিক ১১ টা শতকৰ গৰাকী হিচাপে বিৰাট কোহলীৰ (১০ টা শতক) অভিলেখ ভংগ কৰে।

অভিষেক শৰ্মা (প্ৰথম স্থান), পাকিস্তানৰ চাহিবজাদা ফাৰহান (দ্বিতীয় স্থান, ৮৮৩ পইণ্ট) আৰু ঈশান কিষাণ (তৃতীয় স্থানলৈ অৱনমিত)। দক্ষিণ আফ্ৰিকাৰ মাৰ্কো জানচেনে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ মেচত আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াই টেষ্টৰ বলিং আৰু অল-ৰাউণ্ডাৰ ৰেংকিঙৰ উভয়েটাতে শীৰ্ষস্থান দখল কৰি এক বিৰল ইতিহাস ৰচে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *