জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত জ্বলি উঠিব মমবাতি! ডুমডুমাত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত পুনৰ ৰাজপথলৈ ওলাই আহিব সদৌ অসম ছাত্ৰ সন্থা। আজি বৃহস্পতিবাৰে বিয়লি পাঁচ বজাত তিনিচুকীয়া জিলাৰ ডুমডুমা চহৰ খেলপথাৰৰ পৰা এক বিশাল মমবাতি সমদল উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনটোৱে। কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে জিলা ছাত্ৰ সন্থাই এই প্ৰতিবাদী সমদলৰ আয়োজন কৰিছে।

শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত চলি থকা গোচৰৰ সাতজন অভিযুক্তৰ ভিতৰত দুজনক শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযুক্ত কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তই যোৱা ৯ অক্টোবৰত আৰু নিলম্বিত আৰক্ষী বিষয়া তথা জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গে ১৬ অক্টোবৰত জামিন লাভ কৰে। অৱশ্যে উচ্চ ন্যায়ালয়ৰ এই জামিনৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি যোৱা ১৮ অক্টোবৰত স্পষ্ট কৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ (চি আই ডি) বিশেষ আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই।

উল্লেখ্য যে, অসমৰ এখন বিশেষ ফাষ্ট-ট্ৰেক আদালতত এই গোচৰৰ নিয়মীয়া শুনানি অব্যাহত আছে। যোৱা ২৬ মে’ত আদালতে সাতজন অভিযুক্তৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ গঠন কৰিছিল, য’ত চাৰিজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগো অন্তৰ্ভুক্ত আছে। আনহাতে ২০২৬ চনৰ ২৫ মাৰ্চত ছিংগাপুৰৰ কৰোনাৰ আদালতে প্ৰকাশ কৰা তদন্ত প্ৰতিবেদনত কোনো ধৰণৰ অপৰাধমূলক কাৰ্যৰ প্ৰমাণ পোৱা নগ’ল বুলি উল্লেখ কৰি দুৰ্ঘটনাবশতঃ পানীত ডুবি মৃত্যুমুখত পৰা বুলি ঘোষণা কৰিছিল। আইনী প্ৰক্ৰিয়াত সকলো পক্ষৰ জবাবদিহিতা আৰু উচিত ন্যায় প্ৰদানৰ দাবীত ডুমডুমাত আজি এই প্ৰতিবাদী সমদল উলিওৱা হ’ব।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *