জুবিন গাৰ্গৰ ন্যায়াৰ দাবীত প্ৰতিবাদ চলি থকাৰ মাজতে ৰাজ্যপালক সাক্ষাৎ গৰিমা শইকীয়া গাৰ্গৰ । ৭ দফীয়া দাবীৰে স্মাৰক পত্ৰ প্ৰদান ।কেইবাগৰাকী সহযোগীৰ সৈতে গৰিমা শইকীয়া গাৰ্গে বুধবাৰে ৰাজভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি এই ৭ দফীয়া দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰে । ন্যায়িক প্ৰক্ৰিয়া সঠিক আৰু সবল দিশত আগবঢ়াৰ আশাৰে এই স্মাৰক পত্ৰ প্ৰদান কৰা হয় ।১৯ ছেপ্টেম্বৰত আচলতে কি হৈছিল সেয়া স্পষ্ট কৰিবলৈও তেওঁ আহ্বান জনায় । তেওঁ কয়, “ৰাইজৰ লগতে জুবিন গাৰ্গৰ পৰিয়ালে স্পষ্টকৈ জানিব বিচাৰিছে যে যোৱা বছৰৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে প্ৰকৃততে কেনেকৈ আৰু কিয় এই ভয়ংকৰ ঘটনাটো ঘটিবলৈ পালে । জুবিন গাৰ্গৰ দৰে এটা বিশাল সত্তাক শেষ কৰি পেলাবলৈ কুণ্ঠাবোধ নকৰিলে এইসকলে ।”
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যপালক ৭ দফীয়া স্মাৰক পত্ৰ গৰিমা শইকীয়া গাৰ্গৰ
